কালি পুৱতি নিশা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ‘অপাৰেচন সিন্দূৰ’ নামৰ সামৰিক অভিযান চলাই পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰ (PoK)ৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। পেহেলগাম উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে এই অভিযান চলাইছিল, য’ত ২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক নিহত হৈছিল।
ভাৰতৰ এই কৌশলগত পদক্ষেপে পাকিস্তানৰ শ্বেয়াৰ বজাৰত ব্যাপক পতনৰ সৃষ্টি কৰিছে, কৰাচী ষ্টক এক্সচেঞ্জ (KSE-100) সূচকাংক প্ৰায় ৬% হ্ৰাস পাইছে। আনহাতে ভাৰতীয় শ্বেয়াৰ বজাৰে প্ৰাৰম্ভিক জোকাৰণি অতিক্ৰম কৰি প্ৰবল ঊৰ্ধমুখী ধাৰা দেখুৱাইছে।
পাকিস্তানৰ শ্বেয়াৰ বজাৰত বিপৰ্যয় (পাকিস্তান)
অপাৰেশ্যন সিন্দূৰ ঘোষণাৰ পাছত পাকিস্তানৰ কৰাচী ষ্টক এক্সচেঞ্জৰ কে এছ ই-১০০ সূচকাংক ৬,২৭২ পইণ্ট বা ৫.৫%ৰ পৰা ৬% হ্ৰাস পাই মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ১,০৭,২৯৬.৬৪ত উপনীত হয়, যিটো মঙলবাৰৰ মূল্য ১,১৩,৫৬৮.৫১ৰ তুলনাত যথেষ্ট হ্ৰাস। পেহেলগাম আক্ৰমণৰ পাছত ইতিমধ্যে এই সূচকাংক ৩.৭% হ্ৰাস পাইছে, আৰু বৰ্তমান ২০২৩ চনৰ আগষ্টৰ পাছত মাহেকীয়া প্ৰদৰ্শনৰ আটাইতকৈ বেয়া প্ৰদৰ্শনৰ সন্মুখীন হৈছে, যি এপ্ৰিল মাহত ৬%তকৈ অধিক হ্ৰাস পাইছে।
ভাৰত-পাকিস্তানৰ সংঘাত বৃদ্ধি পোৱাৰ আশংকা আৰু বিনিয়োগকাৰীৰ মাজত ভূ-ৰাজনৈতিক অস্থিৰতাই ব্যাপক বিক্ৰীৰ চাপৰ সৃষ্টি কৰিছে। ইতিমধ্যে মুদ্ৰাস্ফীতি, বিত্তীয় ঘাটি আৰু আই এম এফৰ ঋণৰ ওপৰত নিৰ্ভৰশীলতাৰ হেঁচাত পৰা পাকিস্তানৰ অৰ্থনীতি এই জোকাৰণিৰ ফলত আৰু অধিক দুৰ্বল হৈ পৰিছে।
উল্লেখ্য যে, ২০২৪ চনত পাকিস্তানৰ শ্বেয়াৰ বজাৰে বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাইছিল, য’ত ৮৪% ৰিটাৰ্ণ লাভ কৰিছিল। কিন্তু পেহেলগাম আক্ৰমণৰ পাছত ভাৰতে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থা, য’ত সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু ৱাগাহ-আটাৰী সীমান্ত বন্ধ কৰা আদিয়েই বিনিয়োগকাৰীৰ আস্থা কঁপাই তুলিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই আক্ৰমণক “যুদ্ধৰ কাৰ্য্য” বুলি গৰিহণা দি বজাৰৰ উদ্বেগ বৃদ্ধি কৰে।
ভাৰতীয় বজাৰৰ শক্তি
আনহাতে, অপাৰেচন সিন্দুৰৰ প্ৰভাৱৰ পৰা ভাৰতীয় শ্বেয়াৰ বজাৰখন দ্ৰুতগতিত সুস্থ হৈ উঠিল। বুধবাৰে পুৱা বিএছই চেন্সেক্স ৬৯২ পইণ্ট হ্ৰাস পাই ৭৯,৯৪৮.৮০ পইণ্টত মুকলি হোৱাৰ পাছতো দুপৰীয়ালৈকে ২০০ পইণ্টতকৈ অধিক বৃদ্ধি পাই ৮০,৮৪৫ পইণ্ট হয়। একেদৰে এন এছ ই নিফটি ৫০ সূচকাংক ২৪,২৩৩ পইণ্টলৈ হ্ৰাস পোৱাৰ পাছত ৩৪.৮০ পইণ্ট বা ০.১৪% বৃদ্ধি পাই ২৪,৪১৪.৪০ পইণ্টত উপনীত হয়।
প্ৰতিৰক্ষা খণ্ডত উত্থান
অপাৰেচন সিন্দূৰৰ পিছত ভাৰতীয় প্ৰতিৰক্ষা খণ্ডৰ মজুত যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে। মাজাগাঁও ডক শ্বিপবিল্ডাৰছৰ মূল্য ৩.৭% বৃদ্ধি পাই ৩,০৭৭.৮০ টকা, হিন্দুস্তান এৰ’নটিক্স (এইচ এ এল) ১.৮% বৃদ্ধি পাই ৪,৫৮৯ টকা আৰু ভাৰত ডাইনেমিক্সৰ ১.৭% বৃদ্ধি। বিশ্লেষক অনুকুল শৰ্মাই কয় যে সামৰিক অভিযানৰ সময়ত প্ৰতিৰক্ষাৰ বাবে চৰকাৰী ব্যয় বৃদ্ধি পায়, যাৰ ফলত এই কোম্পানীসমূহৰ ৰাজহ বৃদ্ধি পায়।