সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা অবিলম্বে উঠাই ল’বলৈ দাবী জনাইছে অসম নাগৰিক সমাজে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এই দাবী জনায়।
বিবৃতিটোত তেওঁলোকে কয় যে পেহেলগামৰ নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতীয় সেনাই চলোৱা অপাৰেচন সিন্দূৰলৈ দল-মত নিৰ্বিশেষে প্ৰতিজন ভাৰতীয় লোক আৰু ৰাজনৈতিক দলে সমৰ্থন জনাইছে। এই মুহূৰ্তত দেশৰ নিৰাপত্তাই হ’ল সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু এই ক্ষেত্ৰত কোনোধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা অনুচিত।
কিন্তু ভাৰত- পাকিস্তানৰ মাজৰ উত্তেজনা বৃদ্ধিৰ অজুহাত লৈ মত প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰাও অনুচিত কিয়নো ই হ’ল মানুহৰ মৌলিক অধিকাৰ। শেহতীয়াকৈ চৰকাৰে ‘ফৌৰ পিএম’, পূণ্যপ্ৰসূন বাজপায়ীৰ ইউটিউব চেনেল আৰু ‘দ্য ৱায়াৰ’ক নিষিদ্ধ কৰি ঠিক এই কামটোকেই কৰিছে।
এই আটাইকেইটা প্ৰতিষ্ঠানেই হ’ল সত্যনিষ্ঠ, স্বতন্ত্ৰ আৰু অতি বিশ্বাসযোগ্য সংবাদ প্ৰতিষ্ঠান। যিসময়ত ভাৰত- পাকিস্তানৰ মাজৰ যুদ্ধক লৈ দেশৰ প্ৰায়বোৰ মূলসুঁতিৰ সংবাদ মাধ্যমে ভুৱা আৰু অতিৰঞ্জিত সংবাদ প্ৰচাৰ কৰি দেশৰ জনসাধাৰণক বিভ্ৰান্ত কৰি আহিছে, ঠিক সেই সময়ত সত্যনিষ্ঠতাৰে আৰু বস্তুনিষ্ঠভাৱে সংবাদ পৰিবেশন কৰি এই সংবাদ প্ৰতিষ্ঠানকেইটাই নিজৰ দায়বদ্ধতাৰ পৰিচয় দি আহিছে। দেশৰ শ্ৰেষ্ঠ পেছাদাৰী সাংবাদিকৰ দ্বাৰা পৰিচালিত এই সংবাদ প্ৰতিষ্ঠানসমূহৰ মুখ চৰকাৰে এইদৰে বন্ধ কৰিব খোজাটো গণতন্ত্ৰৰ বাবে অতি ক্ষতিকাৰক।
বিবৃতিটোত তেওঁলোকে কয়, ‘’আমি চৰকাৰৰ এনে গণতন্ত্ৰ বিৰোধী কাৰ্যক গৰিহণা দিয়াৰ লগতে এই সংবাদ প্ৰতিষ্ঠান কেইটাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা অবিলম্বে উঠাই ল’বলৈকো দাবী জনাও।‘’