• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱালৰ ‘শংকিত হোৱাৰ কাৰণ নাই’ত আশ্বস্ত নহয় আছু-জনগোষ্ঠীয় সংগঠন; ‘ফলশূন্য’ বৈঠক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 1, 2018 10:39 pm
01-06-18 Guwahati- CM meeting with 28th various organisations (8)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ সৈতে হোৱা আলোচনাত ‘জাতিধ্বংসী’ নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰিম বুলি মুখ্য মন্ত্ৰী সোণোৱালে ক’ব নোৱাৰিলে। নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত মুখ্য মন্ত্ৰীৰে আজি ১ জুনত হোৱা বৈঠক ‘ফলাফলশূন্য’ বুলি সদৰী কৰি ভট্টাচাৰ্য্যই কয় ‘ৰাজ্য চৰকাৰৰ পৰা কোনো স্পষ্ট বাৰ্তা আমি নাপালো।’

‘মুখ্য মন্ত্ৰীয়ে আমাক জনাইছে, কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে অসমৰ ৰাইজৰ মতা-মত নোলোৱাকৈ আগনাবাঢ়ে’, কিন্তু এনে মন্তব্যই আমাক আশ্বস্ত কৰিব পৰা নাই। তেওঁ কয় ‘এই বিষয়ত শংকিত হোৱাৰ কোনো কথা নাই বুলি মুখ্য মন্ত্ৰীয়ে কৈছে যদিও আমি শংকিত বুলি কৈছো। কাৰণ এই বিলৰ পৰা অসমৰ খিলঞ্জীয়া লোকৰ ভাষা-সংস্কৃতি অস্তিত্ব সকলোৰে প্ৰতি ভাবুকি আহিছে।‘

Apply Now

বিধেয়কৰ স্পষ্ট বিৰোধিতাৰ কথা মুখ্য মন্ত্ৰীয়ে উল্লেখ নকৰা বুলি সাংবাদিকক জানিবলৈ দি ভট্টাচাৰ্য্যই কয় ‘যেতিয়ালৈকে জাতিধ্বংসী আইন  বাতিল নহয় তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ। অসম চৰকাৰে এই আইনখন বিৰোধিতা কৰাৰ কথা আমাক কোৱা নাই। আমি বিচাৰিছো স্পষ্টৰূপত অসম চৰকাৰে এই আইনখন বিৰোধিতা কৰিব লাগে।‘

তেওঁ উদাহৰণসহকাৰে কয় যে ‘যেতিয়া নেহেৰুৱে অসমক বিদেশীৰ বোজা জাপি দিব বিচাৰিছিল তেতিয়া গোপীনাথ বৰদলৈয়ে মানি লোৱা নাছিল, নৰেন্দ্ৰ মোদীয়ে এই বিলখন অসমক জাপি দিছে, কিন্তু অসমৰ ৰাইজৰ স্বাৰ্থত মুখ্য মন্ত্ৰীয়ে এইটো মানি ল’ব নালাগে।’

মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাৰ কালছোৱাত সংগঠনকেইটাই স্পষ্টৰূপত আন্দোলন আৰু আলোচনা  সমান্তৰালভাৱে আগুৱাই নিব বুলি মত প্ৰকাশ কৰাৰ লগতে ভট্টাচাৰ্য্যই কয় ‘আলোচনালৈ মাতিলে আকৌ আহিম কিন্তু ফলাফল পাবৰ বাবেহে আহিম, সিদ্ধান্ত নোপোৱালৈকে আমি ধাৰাৱাহিকভাৱে আন্দোলন কৰি যাম।‘

মুখ্য মন্ত্ৰীয়ে দিয়া আশ্বাসতে কেৱল ক্ষান্ত নাথাকে বুলি উল্লেখ কৰি ড০ ভট্টাচাৰ্য্যই কয় ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যাতে এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবে মুখ্য মন্ত্ৰীৰ পৰা ফলাফল বিচাৰিছো।‘

তাৎপৰ্য্যপূৰ্ণভাৱে অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণৰূপে বিপৰীত মেৰু বুলি উল্লেখ কৰি ভট্টই কয় ‘চৰকাৰে স্থিতি প্ৰকাশ কৰিবলৈ ৩০ জুনলৈকে ৰৈ থকাৰ কথাটো কেতিয়াও এইক্ষেত্ৰত আহিব নোৱাৰে। চৰকাৰে ইচ্ছা প্ৰকাশ কৰিলে এদিনত অথবা এঘন্টাত এই কথা স্পষ্টৰূপত ল’ব পাৰে।’

‘অসম চৰকাৰৰ সমগ্ৰ বাৰ্তাটোৱেই বিভ্ৰান্তিকৰ। এই দুটা দিশৰ দুটা কথাই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে,‘ ভট্টাচাৰ্য্যই কয়।

তদুপৰি আছুৰ উপদেষ্টাগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে ৩২ বছৰে সাংবিধানিক সুৰক্ষা কবচ বিচাৰি থকা হৈছে সেই কবচ অসমৰ খিলঞ্জীয়াৰ প্ৰাপ্য।

আনহাতে, চৰকাৰী মাটি, বনাঞ্চল, সত্ৰৰ মাটিৰ পৰা অবৈধ বেদখল সম্পূৰ্ণৰূপে উচ্ছেদ হোৱা, ভাৰত-বাংলাদেশ সীমান্ত চীল কৰা, অসম চুক্তিৰ আধাৰত ভাৰত-বাংলাদেশে দ্বি-পাক্ষিক আলোচনা কৰা, অসম চুক্তিৰ প্ৰত্যেক দফা কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত Time Bound Action Plan ৰূপায়ণ কৰিবৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিষয়ববীয়াসকলক আগভাগ লোৱা ইত্যাদি দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়বদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি জনগোষ্ঠীয় সংগঠনসমূহক আশ্বাস দিয়া বুলি ড০ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমক কয়।

ইয়াৰোপৰি এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ‘উত্তৰ-পূবত যিখিনি খিলঞ্জীয়া লোক আছে, সেইসকলক সংবিধানে অধিকাৰ দিছে যদিও পাবলৈ সক্ষম হোৱা নাই।‘ এই বুলি কৈ লগতে কয় যে  অবৈধ বিদেশী অসমত আছে, যাৰ কাৰণে জনগাঁথনিৰ পৰিৱৰ্তন হৈছে।

তেওঁ লগতে কয় ‘জনগাঁথনি পৰিৱৰ্তন হোৱাৰ বাবে ৰাজনৈতিক, ভূমি ইত্যাদি সকলো ক্ষেত্ৰতে ভাবুকি আহি পৰিছে। ট্ৰাইবেল বেল্ট আৰু ট্ৰাইবেল ব্লক বেদখল বন্ধ হোৱাটো আমি বিচাৰিছো। জনজাতি লোকসকলে কোৱা কথা নহয়, চৰকাৰী তথ্যত ওলাই পৰিছে যে বেল্ট আৰু ব্লকত বেদখল হৈছে।‘

ড০ ভট্টাচাৰ্য্যই চৰকাৰৰ সৈতে হোৱা আলোচনাত চৰকাৰৰ স্থিতি সু-স্পষ্ট নকৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰা বুলি কোৱাৰ বিপৰীতে হাস্যকৰভাৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আলোচনাক সৌহাদ্যপূৰ্ণ আখ্যা দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd