• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2025 10:43 am
264
VIEWS
Share on FacebookShare on Twitter

পদ্মশ্ৰী বঁটা বিজয়ী কৃষি বিজ্ঞানী সুবান্না আয়াপ্পানৰ (৬৯)ৰ ৰহস্যজনক মৃত্যু। তেওঁ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন সঞ্চালক প্ৰধান আছিল। যোৱা কেইদিনমানৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল।

আৰক্ষীয়ে জনোৱা মতে, শ্ৰীৰংগাপাট্না অঞ্চলৰ কাবেৰী নদীৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁৰ মৃত্যুৰ কাৰণ আৰু ইয়াৰ আঁৰত কিবা ৰহস্য আছে নেকি  সেই বিষয়ে তদন্ত অব্যাহত আছে।

শ্ৰীৰংগাপাট্না আৰক্ষী থানাৰ বিষয়া বি প্ৰকাশে জনোৱা মতে, যোৱা ৭ মে’ৰ পৰা সুবান্না আয়াপ্পান নিৰুদ্দেশ হৈ আছিল।  তেওঁৰ পৰিয়ালে মহীশূৰৰ বিদ্যান্যপুৰম থানাত নিৰুদ্দেশৰ ডায়েৰী দাখিল কৰিছিল। সিদিনা তেওঁ মোবাইলটো লৈ ঘৰৰ পৰা ওলাই যোৱা নাছিল। স্কুটিৰে ওলাই আহিছিল। পিছত স্থানীয় সাই আশ্ৰমৰ সমীপত উদ্ধাৰ হয় তেওঁৰ স্কুটিখন।

দেওবাৰে কাবেৰী নদীৰ পৰা উদ্ধাৰ কৰা হয় তেওঁৰ মৃতদেহ। কিন্তু তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ অনুমান অনুসৰি কমেও তিনিদিন পূৰ্বে তেওঁ পানীত নামিছিল। কৃষি বিজ্ঞানীগৰাকীৰ পৰিয়ালৰ লোকেও কয় যে তেওঁ প্ৰায়ে কাবেৰী নদীৰ পাৰত খোজ কাঢ়িবলৈ গৈছিল। সাই বাবা আশ্ৰমৰ বাহিৰেও তেওঁ মহীশূৰৰ ৰামকৃষ্ণ আশ্ৰমলৈ ধ্যানৰ বাবে গৈছিল।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, স্থানীয় লোকে কাবেৰী নদীত এটা মৃতদেহ ওপঙি থকা দেখা পোৱাৰ খবৰ দিয়ে। পিছত মৃতদেহটো কৃষি বিজ্ঞানী সুবান্না আয়াপ্পানৰ বুলি চিনাক্ত হয়।

১৯৫৫ চনৰ ১০ ডিচেম্বৰত, চামৰাজনগৰ জিলাৰ য়েল্লানুৰত সুবান্নাৰ জন্ম হৈছিল। ১৯৭৭ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৯৮ চনত বেংগালুৰুৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে।

এইগৰাকী কৃষি বিজ্ঞানীয়ে ভাৰতত মীন পালনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। দেশলৈ ‘ব্লু ৰেভ্যুলেশ্যন’ অনাৰ অন্যতম পথ প্ৰদৰ্শক তথা অগ্ৰণী হিচাপে সুবান্না আয়াপ্পানক গণ্য কৰা হয়। মীন পালনৰ উন্নয়ন, গ্ৰাম্য আৰু উপকূলীয় অঞ্চলত মীন পালনৰ সম্প্ৰসাৰণ আৰু এই কামৰ লগত জড়িতসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ২০২২ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।

আইচিআৰৰ সঞ্চালক প্ৰধান হোৱাৰ পূৰ্বে সুবান্নাই ভুৱনেশ্বৰ আৰু মুম্বাইৰ কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। হায়দৰাবাদত ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ড গঠন হোৱাৰ সময়ত তেওঁ মুখ্য কাৰ্যবাহী আছিল।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd