ভাৰত-পাকিস্তানীৰ মাজৰ উত্তেজনাৰ ববে জম্মু-কাশ্মীৰ পৰিস্থিতি গম্ভীৰ হৈ পৰাত সেই ঠাইসমূহৰ স্কুল-কলেজ-বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি সকলো বন্ধ ৰখা হৈছিল। যুদ্ধ বিৰিতি ঘোষণা কৰাৰ পিছৰে পৰা লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি। সেয়ে আংশিক ভাৱে বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত কৰিছে।
কাশ্মীৰৰ সংমণ্ডল আয়ুক্তই উপত্যকাটোৰ বৰ্তমানৰ পৰিস্থিতি পূৰ্বতকৈ ভাল বুলি সদৰী কৰিছে। সামগ্ৰিক পৰিৱেশ সলনি হৈছে। সেয়ে সিদ্ধান্ত লোৱা হৈছে যে মঙলবাৰৰ পৰা বেছিভাগ অঞ্চলতে বিদ্যালয়-মহাবিদ্যালয় মুকলি কৰা হ’ব।
অৱশ্যে সীমান্তৱৰ্তী অঞ্চলত খোলা নহ’ব বিদ্যালয়-মহাবিদ্যালয়। অৰ্থাৎ কুপোৱাৰা, বাৰামুল্লা আৰু বান্দিপোৰাত কোনো বিদ্যালয়-মহাবিদ্যালয় খোলা নহ’ব। ইফালে, পঞ্জাৱ-পাকিস্তান সীমান্তত অৱস্থিত অমৃতসৰ, পাঠানকোট, ফিৰোজপুৰ, গুৰদাসপুৰ আদি অঞ্চলত কেতিয়া শিক্ষানুষ্ঠান খোলা হ’ব সেই এতিয়লৈকে ঘোষণা কৰা হোৱা নাই।
পাকিস্তনৰ সৈতে বাৰ্ধিত উত্তেজনাৰ বাবে দেশৰ বহু বিমানবন্দৰও বন্ধ ৰখা হৈছে। ১৫ মে’লৈকে বিমানবন্দৰসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি সদৰী কৰিছিল। কিন্তু পৰিস্থিতিৰ প্ৰায় সুস্থিৰ অৱস্থালৈ ঘুৰি অহাত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই শ্ৰীনগৰ, চণ্ডীগড়, অমৃতসৰকে ধৰি ৩২টা বিমানবন্দৰ মুকলি কৰা হয়।