বিষাক্ত সুৰা সেৱনৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু হৈছে। আন গুৰুতৰভাৱে অসুস্থ ৬জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। পঞ্জাৱৰ অমৃতসৰৰ মজিথাত সংঘটিত হৈছে এই ঘটনা। সোমবাৰে নিশা ঘটে এই ঘটনা।
অমৃতসৰ আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মনিন্দৰ সিঙে সংবাদ মাধ্যমৰ আগত এই খবৰ নিশ্চিত কৰিছে। সোমবাৰে নিশা মাজিথা ব্লকৰ একাধিক গাঁৱৰ পৰা বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যুৰ খবৰ আহিবলৈ আৰম্ভ কৰে। থেৰৱাল, মাৰাৰী, পাতালপুৰী, ভাংগালী—ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহি আছে এটা এটাকৈ বিষাক্ত সুৰাৰ ফলত মৃত্যুৰ খবৰ।
বিষাক্ত সুৰাপ মূল যোগানকাৰীকে ধৰি মুঠ ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হৈছে। মৃতকৰ পৰিয়ালে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে।
সূত্ৰ অনুসৰি সোমবাৰে নিশা প্ৰায় ৯:৩০ বজাত স্থানীয় আৰক্ষী থানাত ইখনৰ পিছত সিখন গাঁৱত ল’ৰাবোৰ অসুস্থ হৈ পৰাৰ তথ্য লাভ কৰে। আৰক্ষীয়ে গম পায় যে সকলোৱে সুৰাপান কৰিছিল। ইয়াৰ পিছতে পোহৰলৈ আহিল বিষাক্ত সুৰাৰ বিষয়টো। আৰক্ষীয়ে গাঁওখনত অভিযান চলায়।
আৰক্ষীয়ে পৰবজিৎ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। এই বিষাক্ত সুৰাৰ যোগানকাৰী তেওঁ। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে জানিবলৈ সক্ষম হয় চাহাব সিং নামৰ আন এজন ব্যক্তিৰ নাম। নিশাই তেওঁকো গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, পঞ্জাৱ চৰকাৰৰ পৰা কঠোৰ নিৰ্দেশনা আছে আৰু এনে সুৰা ব্যৱসায়ীক কঠোৰ শাস্তি দিয়া হ’ব। এই পৰ্যন্ত আৰক্ষীয়ে ২খন এফআইআৰ লাভ কৰিছে।
অমৃতসৰৰ উপ আয়ুক্ত সাক্ষী সাহানে মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰি সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। মঙলবাৰে পুৱাৰে পৰা গাঁওখনত চিকিৎসাৰ দল এটা আছে। ঘৰে ঘৰে সন্ধান চলাইছে। প্ৰয়োজন হ’লে চিকিৎসালয়লৈও প্ৰেৰণ কৰা হৈছে। যোৱা জানুৱাৰী মাহত বিহাৰতো সংঘটিত হৈছিল একেধৰণৰ ঘটনা। বিষাক্ত সুৰাৰ বলি হৈছিল পশ্চিম চম্পাৰাণৰ ৭ জনকৈ লোক।