ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সামৰিক সংঘাতত প্ৰতাৰণা সংঘটিত কৰিছে তুৰ্কিয়ে। তেওঁলোকে ভাৰতক আক্ৰমণ কৰিবলৈ ড্ৰ’ন সহায় আগবঢ়োৱাই নহয়, পাকিস্তানলৈও সৈন্য প্ৰেৰণ কৰিছিল। বিষয়টো পোহৰলৈ অহাৰ লগে লগে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তুৰস্কৰ ইনোনু বিশ্ববিদ্যালয়ৰ সৈতে স্বাক্ষৰিত চুক্তি বাতিল কৰিছে। জেএনইউ কৰ্তৃপক্ষই জনোৱা মতে, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তুৰ্কী বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি বাতিল কৰা হৈছে। মন কৰিবলগীয়া যে জে এন ইউৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে বিভিন্ন সময়ত দেশদ্ৰোহৰ অভিযোগ উত্থাপন হৈছে, আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়েই প্ৰথমে ‘দেশদ্ৰোহী’ তুৰস্কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল।
জেএনইউৰ ৱেবছাইট অনুসৰি ২০২৫ চনৰ ৩ ফেব্ৰুৱাৰীত তেওঁলোকৰ আৰু তুৰস্কৰ ইনোনু বিশ্ববিদ্যালয়ৰ মাজত তিনি বছৰীয়া চুক্তি স্বাক্ষৰিত হৈছিল।এই চুক্তিখন ২০২৮ চনৰ ২ ফেব্ৰুৱাৰীলৈকে বৈধ আছিল।কিন্তু শেহতীয়া পৰিস্থিতিত দেশখনৰ অন্যতম প্ৰখ্যাত শিক্ষানুষ্ঠানে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিষয়ত জেএনইউৰ এক্স হেণ্ডেলত লিখিছে, “ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা মনত ৰাখি জেএনইউয়ে তুৰ্কীৰ ইনোনু বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তিখন বন্ধ কৰি দিছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে চুক্তিখন স্থগিত ৰখা হ‘ব। জেএনইউয়ে দেশৰ কাষত থিয় দিছে।”
উল্লেখ্য যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় আক্ৰমণত দুজন তুৰ্কী সেনা বিষয়া নিহত হয়। কোৱা হয় যে পাকিস্তানক সহায় কৰিবলৈ তেওঁলোকক যুদ্ধক্ষেত্ৰলৈ পঠিওৱা হৈছিল। ইয়াতেই শেষ নহ’ল, তুৰ্কীৰ সংবাদ মাধ্যম টি আৰ টিয়ে ভাৰত বিৰোধী অপপ্ৰচাৰ চলাইছিল। এই কাৰণতে নতুন দিল্লীয়ে তেওঁলোকৰ এক্স হেণ্ডেল ব্লক কৰিছে। এই তথ্যসমূহ এটা এটাকৈ পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে দুমুখীয়া সাপ তুৰ্কীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হ’বলৈ ধৰিলে।