ধিংৰ বিধায়ক আমিনুল ইছলামক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ৰ ধাৰা ৩(২)ৰ অধীনত প্ৰতিৰোধমূলক কাৰাগাৰত ৰখা হৈছে বুলি জনিবো পোৰ গৈছে। বিধায়কগৰাকীয়ে শেহতীয়া প্ৰদান কৰা ৰাজহুৱা বক্তব্যৰ ববে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে দাখিল কৰা এখন প্ৰতিবেদনৰ ভিত্তিত তেওঁক আটক কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, আমিনুল ইছলামে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত উচটনিমূলক ভাষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। তাৰ পিছত এটা ভিডিঅ’ ভাইৰাল হৈছিল, য’ত তেওঁ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণচ চৰকাৰী ষড়যন্ত্ৰৰ সৈতে জড়িত বুলি দাবী কৰা দেখা গৈছে। এই বক্তব্যই ৰাজহুৱা শৃংখলা বিঘ্নিত কৰাৰ সম্ভাৱনা সৃষ্টি কৰা বাবে নগাঁওৰ জিলা দণ্ডাধীশে ৰাজহুৱা শান্তি বজাই ৰাখিবলৈ বিধায়কগৰাকীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰাৰ নিৰ্দেশ জাৰি কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট কৰি কৈছে যে সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টি কৰা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি হানি কৰা এনে কাৰ্যকলাপ কোনোপধ্যে সহ্য কৰা নহ’ব। তেওঁ জোৰ দি কয় যে ৰাজ্যৰ শান্তি আৰু সম্প্ৰীতি অস্থিৰ কৰিবলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাই ৰাজ্যত তীব্ৰ চৰ্চা লাভ কাৰিছে।