শনিবাৰে মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বোমা আকৰমণৰ ভাবুকি । একে সময়তে অল ইণ্ডিয়া নিউজ এজেন্সীয়ে প্ৰকাশ কৰিছে যে তাজমহল পেলেচ হোটেলতো বোমা আক্ৰমণেৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছে।
মুম্বাই আৰক্ষীয়ে জনোৱা মতে, এই ভাবুকি দিয়া ইমেইলটো মুম্বাই বিমানবন্দৰ আৰক্ষীৰ অফিচিয়েল ইমেইল আইডিলৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে হাই এলাৰ্ট জাৰি কৰি তদন্ত আৰম্ভ কৰিছে।
পাকিস্তানৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দুৰ’ৰ সফলতাৰ পিছত দেশৰ ভিতৰতে চোৰাংচোৱা সংস্থাসমূহে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে। ইতিমধ্যে ভাৰতীয় সেনাই জম্মু-কাশ্মীৰত ৬টা সন্ত্ৰাসবাদীক নিৰ্মূল কৰিছে।
সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি এই ভাবুকি দিয়া মেইলটো আফজল গুৰু আৰু শেবাক্কু শংকৰক ফাঁচী দিয়াৰ সৈতে জড়িত। অৱশ্যে ইমেইলটো ভুৱা বুলি জানিব পৰা গৈছে।
আন কেইবাখনো ৰাজ্যতো অব্যাহত আছে বিভিন্ন অভিযান। ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা এন আই এয়ে মুম্বাই বিমানবন্দৰৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোক আইছিছৰ এটা শ্লীপাৰ চেলৰ সদস্য হোৱাৰ সন্দেহ।
গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম আব্দুল্লা ফয়াজ শ্বেখ ওৰফে ডায়েপাৰৱালা আৰু তালহা খান। সূত্ৰ অনুসৰি ইণ্ডোনেছিয়াৰ জাকাৰ্টাত কেইবামাহো ধৰি আত্মগোপন কৰি আছিল দুয়োজন লোক। শুকুৰবাৰে নিশা ভাৰতলৈ উভতি আহে। গোপন সূত্ৰৰ খবৰ পোৱাৰ পিছতে বিমানবন্দৰৰ টাৰ্মিনেল ২ত অপেক্ষা কৰি আছিল চোৰাংচোৱাসকলে। তাৰ পৰাই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।
আনহাতে, অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানী সেনা আৰু চোৰাংচোৱা সংস্থা আই এছ আইক চলি থকা উত্তেজনাৰ তথ্য দিয়াৰ অভিযোগত একেদিনাই হাৰিয়ানাৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। যুৱকজন হাৰিয়ানাৰ কাইথাল জিলাৰ মস্তগড় চিকা গাঁৱৰ বাসিন্দা। পি জি ডিপ্লমাৰ ছাত্ৰ। জেৰাৰ সময়ত তেওঁ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে যোগাযোগ থকা বুলি কয়।
এনে পৰিস্থিতিত মুম্বাই বিমানবন্দৰ আৰু তাজমহল পেলেচ হোটেলত বোমাৰ ভাবুকি পোৱাত আতংক বিয়পি পৰিছে।