• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2025 8:57 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ নতুন অভিযান ব্যৰ্থ হৈছে। ইঅ’এছ-০৯ উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিবলৈ ইছৰোৰ ৰকেটে উৰা মাৰিছিল। কিন্তু ৰকেটে উপগ্ৰহটো মহাকাশলৈ নিক্ষেপ কৰাত ব্যৰ্থ হয়।

ভাৰতীয় মহাকাশ সংস্থাটোৰ বিষয়াসকলে যান্ত্ৰিক সমস্যাৰ বাবে এই অভিযান মাজভাগত বাতিল কৰিবলৈ বাধ্য হয়। ইফালে অভিযান বিফল হোৱাৰ পাছত মহাকাশত ধ্বংস হৈ পৰে ৰকেটখন।

Apply Now

এই তথ্য ভাৰতীয় সংবাদ সংস্থা এএনআইৰ উদ্ধৃতি দি দেওবাৰে (১৮ মে’) এনডিটিভিয়ে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমে জনোৱা মতে, দেওবাৰে স্থানীয় সময় অনুসৰি পুৱা ৫:৫৯ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ই অ’ এছ-০৯ কঢ়িয়াই অনা PSLV-C61 মহাকাশযানখনে উৰা মাৰিছিল। উৎক্ষেপণ সফল হয়। কিন্তু তৃতীয় পৰ্যায়ৰ অভিযানৰ সময়ত এটা যান্ত্ৰিক সমস্যা ধৰা পৰিছিল। ফলত বিষয়াসকলে ইয়াক বাতিল কৰিবলৈ বাধ্য হয়।

ইফালে ইছৰোৱে উৎক্ষেপণৰ সময়ৰ পৰাই সমগ্ৰ অভিযানটো লাইভ সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। সংগঠনটোৰ মুৰব্বী ভি নাৰায়ণনে তাতেই স্বীকাৰ কৰে যে এই অভিযান বিফল হৈছে। পাছত ইছৰোৱে ছ’চিয়েল মিডিয়াত এক বিবৃতি প্ৰকাশ কৰি কয় যে, “আজি ১০১ নং অভিযান আৰম্ভ কৰা হ’ল। দ্বিতীয় পৰ্যায়লৈকে পিএছএলভি-চি৬১ স্বাভাৱিক আছিল। কিন্তু তৃতীয় পৰ্যায়ত বিশেষ পৰ্যবেক্ষণৰ বাবে এই অভিযান সম্পূৰ্ণ কৰিব পৰা নগ’ল।”

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইছৰোৰ EOS-09 উপগ্ৰহৰ ওজন ১,৬৯৬ কিলোগ্ৰাম। এই কৃত্ৰিম উপগ্ৰহটো ৫২৪ কিলোমিটাৰ (Sun-synchronous polar orbit) কক্ষপথত নিক্ষেপ কৰাৰ কথা আছিল। কিন্তু মিছনৰ তৃতীয় পৰ্যায়ত ব্যৱহৃত মটৰটোত ২০৩ ছেকেণ্ডৰ পাছত যান্ত্ৰিক সমস্যাৰ সৃষ্টি হয়।

ইছৰোৱে ২০১৭ চনৰ পৰা পি এছ এল ভি ৰকেট ব্যৱহাৰ কৰি বিভিন্ন অভিযান চলাই আহিছে।এতিয়ালৈকে এই ৰকেটটো ৬৩টা উৎক্ষেপণত ব্যৱহাৰ কৰা হৈছে। সেই মিছনৰ তিনিটা সম্পূৰ্ণ বিফল হৈছিল। ইছৰোৰ অভিযন্তাসকলে এই সমস্যাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। ব্যৰ্থতা বিশ্লেষণ সমিতিও গঠন কৰা হৈছে।

ইফালে অভিযান বিফল হোৱাৰ পাছত মহাকাশত ধ্বংস হৈ পৰে ৰকেটখন। ইয়াৰ ধ্বংসাৱশেষ পৃথিৱীত পৰিব। অৱশ্যে সংবাদ মাধ্যমৰ বাতৰিতো দাবী কৰা হৈছে যে ইছৰোই যাতে ইয়াৰ পৰা কোনো বিপদৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd