• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2025 11:28 am
193
VIEWS
Share on FacebookShare on Twitter

এইবাৰ এসপ্তাহ পূৰ্বে বিয়া কৰোৱা পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বয়ং স্বামীৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশৰ বাৰাণসীত সংঘটিত হৈছে এই ঘটনা। মৃতকৰ নাম আৰতি পাল। বয়স ২৬ বছৰ। তেওঁ জৌনপুৰৰ বাসিন্দা আছিল। এসপ্তাহৰ আগতে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ আমাওলী নিবাসী ৰাজু পালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। যোৱা ৯ মে‘ত আৰতিৰ দেহাৱসান ঘটে। এই খবৰ শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে। কোৱা হয় যে আৰতি ৰাজুৰ তৃতীয় পত্নী আছিল।

জানিব পৰা মতে বিয়াৰ পিছত ৰাজু আৰু আৰতিৰ মাজত সমস্যা আৰম্ভ হৈছিল। ৯ মে’ত এই বিপদৰ শিখৰত উপনীত হয়। অভিযোগ অনুসৰি সেই সময়ত ৰাজুৱে আৰতিক কিবা গধুৰ বস্তুৰে আঘাত কৰিছিল। থিতাতে খহি পৰিল আৰতি। চুবুৰীয়াই তেওঁক উদ্ধাৰ কৰিবলৈ আহি চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

চুবুৰীয়াই আৰক্ষীক খবৰ দিলে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ৰাজুক আটক কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজৰ মতে, ৰাজুৱে ইয়াৰ পূৰ্বে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু একাধিক সমস্যাৰ বাবে তেওঁ পূৰ্বৰ পত্নী দুগৰাকীক বিবাহ বিচ্ছেদ কৰে। ইয়াৰ পাছত ৰাজুৱে তৃতীয়বাৰৰ বাবে বিয়া পাতিলে।

আৰক্ষীয়ে জনোৱা মতে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰিপৰ্ট আহিলেই নিশ্চিত হ’ব মৃত্যুৰ প্ৰকৃত কাৰণ। তদন্তকাৰী বিষয়াসকলে কয় যে ৰাজুৰ পূৰ্বৰ দুগৰাকী পত্নীক জেৰা কৰি ৰাজুৰ বিষয়ে অধিক জানিবলৈ চেষ্টা কৰিব। তেওঁলোকে কিয় বিবাহ বিচ্ছেদ কৰিলে সেই কথাও জানিবলৈ চেষ্টা কৰা হৈছে।

Recent News

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd