অন্ধ্ৰ প্ৰদেশত মৰ্মান্তিক ঘটনা। এখন গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় চাৰিটা শিশুৰ। চাৰিজনেই আহিছিল গাঁৱৰ এখন বিয়াৰ অনুষ্ঠানলৈ। তাতে গাড়ী এখনত উঠি লৈছিল। খেলাৰ সময়ত গাড়ীৰ দুৱাৰখন খুলিব নোৱাৰাকৈ বন্ধ হৈ পৰিল।
আৰক্ষীয়ে জনোৱা মতে, গাড়ীৰ দৰ্জা বন্ধ হোৱাৰ পিছতে শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ মৃত্যু হয়। তেওঁলোকৰ বয়স ৬ৰ পৰা ৮ বছৰৰ ভিতৰত। দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰৰ দ্বাৰাপুদিত সংঘটিত হয় এই ঘটনা।
আৰক্ষী বিষয়া আৰু স্থানীয় ৰাইজে জনাইছে যে গাঁওখনৰ মহিলা পৰিষদৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই কৰুণ ঘটনা। এখন বিয়াৰ অনুষ্ঠানত খেলি থকাৰ সময়তে ল’ৰা-ছোৱালীকেইটাই তাত থকা এখন গাড়ীত উঠিল। ধেমালিতে গাড়ীৰ ভিতৰত বহি থকা শিশুকেইটাই ভুলবশতঃ দৰ্জা ভিতৰৰ পৰা লক কৰাৰ সন্দেহ কৰা হৈছে।
অন্ধ্ৰ প্ৰদেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী কোণ্ডপল্লী শ্ৰীনিবাসে কয় যে পৰিয়ালৰ সদস্যসকলে গাঁৱত অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল। তেতিয়াই এনেকুৱা ঘটনা হ’ল।
ওচৰৰ ঠাই এখনত ল’ৰা-ছোৱালীবোৰে খেলা-ধূলা কৰি আছিল বুলি তেওঁ শুনিবলৈ পাইছে। ওচৰতে এখন গাড়ী দেখি সিহঁতে তাত উঠিল। গাড়ীৰ ভিতৰত খেলি থাকোঁতে সিহঁতে কেনেবাকৈ গাড়ীৰ দুৱাৰখন বন্ধ কৰি দিলে। দুৱাৰখনো খুলিব নোৱাৰিলে, গাড়ীৰ খিৰিকীও খুলিব নোৱাৰিলে। পৰিয়ালৰ লোকে পিছতহে জানিব পাৰে কি ঘটিছে।
তেওঁ কয় যে চাৰিজনৰ ভিতৰত এজন ল’ৰা আৰু বাকী তিনিজন ছোৱালী।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত কেইজনৰ নাম উদয়, চাৰুমতী, কৰিশ্মা আৰু মানসভি বুলি চিনাক্ত কৰা হৈছে। গাঁৱৰ মহিলা কাউন্সিলাৰৰ কাৰ্যালয়ৰ সমীপত এখন গাড়ী ৰখাই থোৱা আছিল। বিয়াত উপস্থিত হোৱাৰ পিছত দেওবাৰে পুৱা চাৰিটা শিশুৱে খেলিবলৈ গৈছিল।
কেইঘণ্টামানৰ পাছত যেতিয়া তেওঁলোক ঘূৰি নাহিল, তেতিয়া তেওঁলোকৰ পৰিয়ালৰ লোকে তেওঁলোকক বিচাৰিবলৈ আৰম্ভ কৰিলে। পিছত গাড়ীখনত উদ্ধাৰ হয়। স্থানীয় লোকে গাড়ীৰ লকত বিসংগতি থকা বুলিও জানিবলৈ দিয়ে।