বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অপাৰেচন সিন্দুৰৰ প্ৰচাৰৰ বাবে এটা অভিনৱ পন্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ভাৰতীয় ৰেলৱেৰ ই-টিকটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিৰ সৈতে এই সামৰিক অভিযানৰ বাৰ্তা ছপোৱা দেখা গৈছে। এই পদক্ষেপে ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধী দলসমূহে ইয়াক সামৰিক সফলতাৰ নিৰ্লজ্জ ৰাজনীতিকৰণ বুলি অভিহিত কৰাৰ লগতে আগন্তুক বিহাৰ নিৰ্বাচনৰ প্ৰচাৰ বুলি সমালোচনা কৰিছে।
বিতৰ্কিত এই বিজ্ঞাপনত মোডীৰ ছবিৰ সৈতে শ্লোগান দিয়া হৈছে: “অপাৰেচন সিন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন দিগন্তৰ সূচনা কৰিছে। ইয়াৰ উপৰিও, “সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰৰ পাঁচ বছৰ” বুলি উল্লেখ কৰি সামৰিক কাৰ্যক বৰ্তমান চৰকাৰৰ কৃতিত্বৰ সৈতে জড়িত কৰা হৈছে, যিটো বিৰোধীয়ে সৈন্যৰ বলিদানৰ অপমান বুলি অভিহিত কৰি তীব্ৰ গৰিহনা দিছে।
কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই প্ৰচাৰৰ তীব্ৰ নিন্দা কৰিছে। কংগ্ৰেছৰ লোকসভাৰ হুইপ মণিকম ঠাকুৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কটাক্ষ কৰি কয়, “#OperationSindoor এতিয়া চেম্পুৰ দৰে বিক্ৰী হৈছে—ৰেলৰ টিকটত ছপা হৈছে, সামগ্ৰীৰ দৰে বিজ্ঞাপন দিয়া হৈছে।” তেওঁ প্ৰশ্ন উত্থাপন কৰে যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ মধ্যস্থতা কৰাৰ দাবী কৰাৰ পিছতো মোদীয়ে তাক খণ্ডন নকৰি কেৱল বিপণনৰ ওপৰত গুৰুত্ব দিছে।
বহুজন সমাজ পাৰ্টিৰ সাংসদ কুঁৱৰ দনিশ আলীয়ে মোদীক “যুদ্ধ আৰু শ্বহীদক ৰাজনৈতিক সুযোগ হিচাপে” ব্যৱহাৰ কৰাৰ অভিযোগ কৰি তেওঁৰ ছবিৰ প্ৰচাৰক অহংকাৰৰ চৰম সীমা অতিক্ৰম কৰা বুলি সমালোচনা কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথৰ উপদেষ্টা পিযুষ বাবেলে অভিযোগ কৰিছে যে চৰকাৰে বিহাৰৰ নিৰ্বাচনত ভোটাৰৰ সমৰ্থন পাবলৈ “সেনাৰ শৌৰ্য্যক সামগ্ৰীৰ দৰে বিক্ৰী” কৰিছে। এই প্ৰচাৰে দেশৰ সশস্ত্ৰ বাহিনীৰ সন্মানৰ প্ৰতি অৱমাননা কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ গুৰুত্বপূৰ্ণ বিষয়টোক নিৰ্বাচনী হাতিয়াৰলৈ ৰূপান্তৰিত কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।
ইয়াৰ পৰিৱৰ্তে ভাৰতীয় ৰেলৱেই নিজৰ পক্ষৰ পৰা এই প্ৰচাৰক “শ্ৰদ্ধাঞ্জলি” আৰু “অপাৰেচন সিন্দুৰৰ সফলতাৰ বাৰ্তা জনসাধাৰণৰ মাজত বিয়পোৱাৰ অভিযান বুলি দাবী কৰিছে। ৰেলৱে বিষয়া দিলীপ কুমাৰে কয় যে তেওঁলোক সশস্ত্ৰ বাহিনীৰ সাহসৰ বাবে গৌৰৱান্বিত। আইআৰচিটিচিৰ জনসংযোগ বিষয়া ভি কে ভট্টিয়ে দাবী কৰিছে যে টিকটত ছপা বাৰ্তা কোনো বিজ্ঞাপন নহয়। এই পদক্ষেপে ভাৰতৰ সামৰিক সন্মানৰ প্ৰতি অৱমাননাৰ লগতে জনসাধাৰণৰ সংবেদনশীলতাৰ প্ৰতি অসন্মান প্ৰকাশ কৰিছে, যিটো এক গুৰুতৰ নৈতিক স্খলন হিচাপে বিবেচনা হৈছে।