• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2025 8:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অপাৰেচন সিন্দুৰৰ প্ৰচাৰৰ বাবে এটা অভিনৱ পন্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ভাৰতীয় ৰেলৱেৰ ই-টিকটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিৰ সৈতে এই সামৰিক অভিযানৰ বাৰ্তা ছপোৱা দেখা গৈছে। এই পদক্ষেপে ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধী দলসমূহে ইয়াক সামৰিক সফলতাৰ নিৰ্লজ্জ ৰাজনীতিকৰণ বুলি অভিহিত কৰাৰ লগতে আগন্তুক বিহাৰ নিৰ্বাচনৰ প্ৰচাৰ বুলি সমালোচনা কৰিছে।

বিতৰ্কিত এই বিজ্ঞাপনত মোডীৰ ছবিৰ সৈতে শ্লোগান দিয়া হৈছে: “অপাৰেচন সিন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন দিগন্তৰ সূচনা কৰিছে। ইয়াৰ উপৰিও, “সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰৰ পাঁচ বছৰ” বুলি উল্লেখ কৰি সামৰিক কাৰ্যক বৰ্তমান চৰকাৰৰ কৃতিত্বৰ সৈতে জড়িত কৰা হৈছে, যিটো বিৰোধীয়ে সৈন্যৰ বলিদানৰ অপমান বুলি অভিহিত কৰি তীব্ৰ গৰিহনা দিছে।

Apply Now

কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই প্ৰচাৰৰ তীব্ৰ নিন্দা কৰিছে। কংগ্ৰেছৰ লোকসভাৰ হুইপ মণিকম ঠাকুৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কটাক্ষ কৰি কয়, “#OperationSindoor এতিয়া চেম্পুৰ দৰে বিক্ৰী হৈছে—ৰেলৰ টিকটত ছপা হৈছে, সামগ্ৰীৰ দৰে বিজ্ঞাপন দিয়া হৈছে।” তেওঁ প্ৰশ্ন উত্থাপন কৰে যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ মধ্যস্থতা কৰাৰ দাবী কৰাৰ পিছতো মোদীয়ে তাক খণ্ডন নকৰি কেৱল বিপণনৰ ওপৰত গুৰুত্ব দিছে।

বহুজন সমাজ পাৰ্টিৰ সাংসদ কুঁৱৰ দনিশ আলীয়ে মোদীক “যুদ্ধ আৰু শ্বহীদক ৰাজনৈতিক সুযোগ হিচাপে” ব্যৱহাৰ কৰাৰ অভিযোগ কৰি তেওঁৰ ছবিৰ প্ৰচাৰক অহংকাৰৰ চৰম সীমা অতিক্ৰম কৰা বুলি সমালোচনা কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথৰ উপদেষ্টা পিযুষ বাবেলে অভিযোগ কৰিছে যে চৰকাৰে বিহাৰৰ নিৰ্বাচনত ভোটাৰৰ সমৰ্থন পাবলৈ “সেনাৰ শৌৰ্য্যক সামগ্ৰীৰ দৰে বিক্ৰী” কৰিছে। এই প্ৰচাৰে দেশৰ সশস্ত্ৰ বাহিনীৰ সন্মানৰ প্ৰতি অৱমাননা কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ গুৰুত্বপূৰ্ণ বিষয়টোক নিৰ্বাচনী হাতিয়াৰলৈ ৰূপান্তৰিত কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।

ইয়াৰ পৰিৱৰ্তে ভাৰতীয় ৰেলৱেই নিজৰ পক্ষৰ পৰা এই প্ৰচাৰক “শ্ৰদ্ধাঞ্জলি” আৰু “অপাৰেচন সিন্দুৰৰ সফলতাৰ বাৰ্তা জনসাধাৰণৰ মাজত বিয়পোৱাৰ অভিযান বুলি দাবী কৰিছে। ৰেলৱে বিষয়া দিলীপ কুমাৰে কয় যে তেওঁলোক সশস্ত্ৰ বাহিনীৰ সাহসৰ বাবে গৌৰৱান্বিত। আইআৰচিটিচিৰ জনসংযোগ বিষয়া ভি কে ভট্টিয়ে দাবী কৰিছে যে টিকটত ছপা বাৰ্তা কোনো বিজ্ঞাপন নহয়। এই পদক্ষেপে ভাৰতৰ সামৰিক সন্মানৰ প্ৰতি অৱমাননাৰ লগতে জনসাধাৰণৰ সংবেদনশীলতাৰ প্ৰতি অসন্মান প্ৰকাশ কৰিছে, যিটো এক গুৰুতৰ নৈতিক স্খলন হিচাপে বিবেচনা  হৈছে।

#OperationSindoor is now being sold like a shampoo—printed on railway tickets, advertised like a product.
While Trump claims 4 times he mediated and a #ceasefire was achieved, Modi won’t deny it once.
no denial,
just marketing. #NationalSecurityOrMarketing pic.twitter.com/iEdoPbrQCn

— Manickam Tagore .B🇮🇳மாணிக்கம் தாகூர்.ப (@manickamtagore) May 18, 2025
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd