• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিয়াৰ মণ্ডপত উঠিবলৈ লওতেই থৰক-বৰক খোজ মাতাল দৰাৰ! বিয়া ভাঙি থানা পালেগৈ কইনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2025 9:40 am
297
VIEWS
Share on FacebookShare on Twitter

বিবাহ অনুষ্ঠানত অতিথিয়ে ভিৰ কৰিছিল। দৰাৰ অপেক্ষাত বহি আছে কইনা। দৰাযাত্ৰীৰ সৈতে বিবাহস্থলীত উপস্থিত হ’ল দৰা। মণ্ডপলৈ উঠি যোৱাৰ সময়তে ঘটিল কাণ্ড। কইনাই বাতিল কৰি দিলে বিয়া। উত্তৰ প্ৰদেশৰ ঘটিছে এই ঘটনা।

উত্তৰ প্ৰদেশৰ মুলহেটা গাঁৱৰ বাসিন্দা পেছাত কৃষক কেশৰী লালৰ কন্যা শশীৰ সৈতে অমিত ৰানাৰ বিয়া ঠিক হৈছিল। অভিযোগ অনুসৰি বিয়াৰ দিনা কইনাৰ ঘৰত উপস্থিত হোৱাৰ পৰাই অমিতে অদ্ভুত আচৰণ কৰিছিল।

ৰীতি-নিয়ম আৰম্ভ হোৱাৰ লগে লগে তেওঁ হালি পৰিছিল। কথা-বতৰা লাগি ধৰিছিল। মণ্ডপলৈ খোজ কাঢ়ি উঠি গৈ থাকোঁতে তেওঁ থৰক-বৰক হৈ মাটিত বাগৰি পৰিল। নিচা ইমানেই তীব্ৰ আছিল যে কাৰোবাৰ সহায় অবিহনে উঠিবও পৰা নাছিল।

দৰা মদ খাই আহিছিল বিয়ালৈ! লগে লগে কইনাজনীয়ে খঙত বিয়াখন বাতিল কৰি দিলে। ইয়াতেই শেষ নহ’ল। কইনা খৰধৰকৈ থানালৈ গৈ দৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে। আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীয়ে নিজৰ বিয়াৰ দৰে বিশেষ দিনটোতো সংযম বজাই ৰাখিব নোৱাৰা ব্যক্তিক বিয়া কৰাব নোৱাৰিব বুলি কয়। আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে ।

কইনাৰ পৰিয়ালৰ অভিযোগ যে নিশা ১১ বজাত দৰা আহি পাইছিল। সকলোৱে মদ খাই আছিল। জানিব পৰা মতে, অমিতৰ পৰিয়ালে বাৰে বাৰে বিবাহ বাতিল নকৰিবলৈ অনুৰোধ জনাইছিল। তেওঁলোকৰ দাবী, অমিতৰ বন্ধুসকলে সেই পানীয়ৰ লগত মদ মিহলাই তেওঁক খুৱাই দিছিল। অৱশ্যে যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালে নিজৰ সিদ্ধান্তত অটল হৈ ৰয়।

খাদ্য পৰিবেশনত পলম হোৱাৰ বাবে দৰাই বাতিল কৰিছিল বিয়া। উত্তৰ প্ৰদেশৰ এই ঘটনা কেইমাহমান আগতে পোহৰলৈ আহিছিল। কইনাৰ পৰিয়ালে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। বিয়া আৰম্ভ হোৱাৰ আগতে ডেৰ লাখ টকাৰ যৌতুকো দিয়া হৈছিল।

জনা গৈছিল যে আলহীসকলে যেতিয়া খাবলৈ বহিছিল, তেতিয়া মেহতাব (দৰা)ক খাদ্য পৰিবেশন কৰাত পলম হৈছিল। বন্ধুসকলে এই কথাত হাঁহি হাঁহি ধেমালি কৰি আছিল। মেহতাবৰ খং উঠিল আৰু বিয়াখন বাতিল কৰিলে। লগতে তেওঁৰ বিৰুদ্ধে কইনাৰ পৰিয়ালৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছদিনাই মেহতাবে সম্বন্ধীয় খুড়াকৰ ছোৱালীক বিয়া কৰালে। বিবাহৰ খবৰ পোৱাৰ লগে লগে কইনাৰ পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰে।

যোৱা বছৰৰ ডিচেম্বৰ মাহত উত্তৰ প্ৰদেশৰ আন এক ঘটনাই শিৰোনাম দখল কৰিছিল। কইনাৰ দেউতাকে বিয়াৰ অনুষ্ঠানত পলমকৈ আহি পোৱাৰ বাবে বিয়া বাতিল কৰিছিল। আনকি দৰাক দীৰ্ঘসময় ধৰি আটক কৰি বিয়াৰ সকলো খৰচ আদায় কৰাৰ চেষ্টাও কৰা হৈছিল। ইয়াৰ পিছত তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল দৰা। অৱশ্যে পিছত গম পোৱা যায় যে আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে।

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd