• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব নোৱাৰিব বাবেই শুদ্ধ এন আৰ চি নিবিচাৰে বিজেপিয়ে : আমিনুল ইছলাম

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 2, 2018 7:59 pm
AminulIslam

সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইচলাম।

103
VIEWS
Share on FacebookShare on Twitter

“ৰাজ্য চৰকাৰে চক্ৰান্তমূলকভাৱে প্ৰতীক হাজেলাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি এখন শুদ্ধ এন আৰ চি হোৱাত বাধা দিব বিচাৰিছে। অসমৰ সকলো জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু সকলো জাতি-ধৰ্মৰ লোকে এখন শুদ্ধ এন আৰ চি বিচৰাৰ পৰিৱৰ্তে বিজেপি আৰু তেওঁলোকৰ চেলা-চামুণ্ডাই এখন শুদ্ধ এন আৰ চি নিবিচাৰে। এইদৰে বিজেপিৰ বিৰুদ্ধে এন আৰ চি প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱাৰ অভিযোগ আনি আজি সৰৱ হয় এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম।

আজি দলটোৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ অনাৰ লগতে আমিনুল ইছলামে কয় যে এখন শুদ্ধ এন আৰ চি প্ৰকাশ পালে বিজেপিযে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব নোৱৰা হ’ব। অসমত সন্ত্ৰাসজৰ্জৰ আৰু সমস্যাজৰ্জৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে বিজেপিয়ে চেষ্টা কৰি থকা বুলিও তেওঁ মন্তব্য কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰায় ১০-১২জন বিজেপি বিধায়কে ৩০ জুনত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতহে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰিব বুলি কোৱা কথাত সন্দেহ ব্যক্ত কৰি ইছলামে কয়, “ৰাজ্য চৰকাৰ আৰু বিজেপি দলে এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা প্ৰায় ৩০-৪০ লাখ মুছলমান লোকৰ নাম বাদ পেলোৱাৰ চেষ্টা চলাই আছে। ইয়াৰ জৰিয়তে বৃহৎ সংখ্যক মুছলমান বিদেশী অসমত প্ৰৱেশ কৰা দেখুৱাই হিন্দু বিদেশী আনি ইয়াৰ ভাৰসাম্য স্থাপনত জোৰ দিব বিজেপিয়ে।”

ইয়াৰ উপৰি আমিনুল ইছলামে যোৱা ২ মে’ত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এখন জাননীযোগে বিদেশী হিচাপে চিনাক্ত হোৱা ব্যক্তিৰ ভাতৃ, ভগ্নী আৰু পৰিয়ালৰ সদস্যৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নকৰিবলৈ নিৰ্দেশ জাৰি কৰা বিষয়টো উত্থাপন কৰি তেওঁ কয়, “মহামান্য উচ্চতম ন্যায়ালযে এন আৰ চি প্ৰক্ৰিয়াত কোনো পক্ষৰে হস্তক্ষেপৰ অনুমতি নিদিয়াৰ পাছতো প্ৰতীক হাজেলাই এই নিৰ্দেশ কেনেকৈ দিব পাৰিলে?”

লগতে পঞ্চায়তৰ প্ৰমাণপত্ৰ উচ্চতম ন্যায়ালযে বৈধ বুলি কোৱাৰ পাছতো এন আৰ চি কৰ্তৃপক্ষই ইয়াক গ্ৰহণ নকৰাক লৈও ইছলাম আজিৰ সংবাদমেলত সৰৱ হয়। ইয়াৰ উপৰি জন্মৰ প্ৰমাণপত্ৰত জন্মৰ তাৰিখৰ বিসংগতি থাকিলেও এন আৰ চিত নাম অন্তৰ্ভুক্ত নহয় বুলি এন আৰ চি কৰ্তৃপক্ষই দিয়া নিৰ্দেশনাৰ বিৰোধিতা কৰে। উচ্চতম ন্যায়ালয়ৰ এনে কোনো নিৰ্দেশনা নথকাৰ পাছতো ৰাজ্য চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষই এই সিদ্ধান্ত লৈছে আৰু ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।

আমিনুল ইছলামে জানিবলৈ দিয়া অনুসৰি এ আই য়ু ডি এফ-এ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁ লগতে জন্মৰ পঞ্জীয়নৰ সময়ত চৰকাৰী কাৰ্যালয়তে ভুল কৰে, তাৰ বাবে জনসাধাৰণ ভুক্তভোগী কিয় হ’ব বুলি এই জন্ম তাৰিখৰ বিসংগতিত গুৰুত্ব দিয়া বিষয়টোৰ বিৰোধিতা কৰে আৰু গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ বৈধ নোহোৱা বিষয়টোত গাওঁবুঢ়া চৰকাৰে নিয়োগ কৰা নহয় নেকি বুলিও প্ৰশ্ন কৰে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd