• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2025 5:29 pm
80
VIEWS
Share on FacebookShare on Twitter

এক পৰিকল্পিত মায়াজাল। সুন্দৰীৰ আছে এক মায়াসনা কাহিনী। অবিবাহিত ডেকাসকল সহজেই জালত পৰে। প্ৰেমত মজি জালত পৰা বুলি গম পোৱাৰ লগে লগে যুৱতীগৰাকীয়ে বিয়াৰ প্ৰস্তাৱ দিয়ে। আৰু বিয়াৰ পিছতে পলায়ন!

অৱশ্যে খালী হাতেৰে নহয়। গহনা আৰু টকা লুট কৰি শহুৰেকৰ ঘৰৰ পৰা বাৰে বাৰে পলায়ন কৰি আহিছিল অনুৰাধা পাছৱানে। এইবাৰ সামান্য ভুল হ’ল। সেইবাবেই ধৰা পৰিল। যুৱতীগৰাকীয়ে এনেদৰে ২৫খন বিয়াৰ পৰা লাখ লাখ টকা আৰু গহনা লুট কৰাৰ অভিযোগ উঠিছে। ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ‘চুৰুণী কইনা’ক।

কেৱল এই ‘মায়াৰাণীয়ে’ই নহয়, দলত আছে আৰু লোক৷ অভিযান চলোৱাটো কঠিন। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত যুৱতীগৰাকীৰ প্ৰকৃত নাম অনুৰাধা পাছৱান। অৱশ্যে প্ৰৱঞ্চনাৰ সুবিধাৰ বাবে তেওঁ বেলেগ নাম আৰু স্থানত ঘৰ ভাড়াত লৈছিল। তাই দুখীয়া কইনাৰ অভিনয় কৰি স্থানীয় যুৱক-যুৱতীক ছলনা কৰি নিজৰ জালত পেলাইছিল।

অনুৰাধাৰ মানুহে বিয়াৰ প্ৰস্তাৱটো ডেকাজনৰ পৰিয়াললৈ লৈ যায়। কইনাৰ অসহায় জীৱনৰ কাহিনী কয়। বেছিভাগ ক্ষেত্ৰতে তেনে কৰিলে দৰাপক্ষৰ অন্তৰ গলি যায়। বিয়াখনো ঠিকেই হৈ যায়। অনুৰাধাৰ দলৰ সদস্যসকলে এই অনুষ্ঠান আয়োজন কৰাৰ বাবে দুই লাখ টকা লয়।

প্ৰতাৰণা ইয়াতেই শেষ নহয়। বিয়াৰ পিছত অনুৰাধা পৰিকল্পনা অনুসৰি কিছুদিন শহুৰেকৰ ঘৰত থাকে। ঘৰৰ মানুহবোৰক তেওঁৰ ভাল আচৰণৰে মোহত পৰিবলৈ বাধ্য কৰাইছিল। সকলোৰে আস্থা লাভ কৰাৰ পিছত এদিন খাদ্য বা পানীয়ৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই শহুৰেকৰ ঘৰৰ সদস্যসকলক খুৱাই দিয়ে। তাৰপিছত নগদ ধন-গহনা চুৰি কৰি পলাই যায়।

এইবাৰো অনুৰাধাই একেদৰেই এটা পৰিয়ালক জালত পেলালে। যোৱা ২০ এপ্ৰিলত ‘চুৰুণী কইনা’গৰাকীয়ে সাৱাই মাধোপুৰৰ নিবাসী বিষ্ণু শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ ব্যৱস্থা কৰি দিয়াৰ বাবে বিষ্ণুৰ পৰিয়ালে জনৈক পাপ্পু মীনাক দুইলাখ টকা দিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বিয়াৰ দুসপ্তাহৰ ভিতৰতে অনুৰাধাই ডেৰ লাখ টকাৰ গহনা, নগদ ৩০ হাজাৰ টকা আৰু এটা মোবাইল লৈ পলায়ন কৰে। সমস্যাটো হ’ল বিষ্ণু আন প্ৰতাৰিত মানুহৰ দৰে কেৱল হতাশ হৈয়ে ক্ষান্ত নাছিল। তেওঁ ততালিকে থানাত গৈ এজাহাৰ দাখিল কৰে। তদন্তৰ অন্তত অনুৰাধাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাকী গেংটোৰ সন্ধান চলি আছে।

Recent News

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰি পুনৰ বিবাদৰ সৃষ্টি কৰিছে চীনে

অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰি পুনৰ বিবাদৰ সৃষ্টি কৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd