• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিষ্ঠাৰ নিদৰ্শন! মাতৃৰ মৃত্যুৰ দুদিন পিছতে কৰ্তব্যত উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2025 9:23 am
157
VIEWS
Share on FacebookShare on Twitter

‘বহু বছৰ ধৰি মই মাৰ বাবে সময় উলিয়াব পৰা নাছিলো। অৱসৰ লোৱাৰ পিছত তেওঁৰ সৈতে সময় কটাম।’ বুধবাৰে বিদায় অনুষ্ঠানৰ ঠিক পূৰ্বে এইদৰে কয় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় শ্ৰীনিবাস ওকাই। কিন্তু তেওঁ গম পোৱা নাছিল যে সেই মুহূৰ্তত মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মাক বাসন্তী ওকাই শেষ নিশ্বাস ত্যাগ কৰিছে।

সেইদিনা সন্ধিয়া ন্যায়াধীশৰ ওচৰ পালেহি বেয়া খবৰটো। লগে লগে তেওঁ  মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু তেওঁৰ সতীৰ্থ ন্যায়াধীশসকলক জনাই মুম্বাইলৈ ৰাওনা হয়। বৃহস্পতিবাৰে বিয়লি থানেত মাতৃৰ শেষ ৰীতি-নীতি পালন কৰে।

ভাৰতীয় সংস্কৃতিত অন্ত্যেষ্টিক্ৰিয়া আৰু অন্যান্য মৃত্যুৰ পিছৰ কাম-কাজ কোনো ঘনিষ্ঠ আত্মীয়ৰ মৃত্যুৰ পিছত কেইবাদিনো চলি থাকে। কিন্তু ন্যায়াধীশ ওকাৰ কান্ধত আন এক গুৰুত্বপূৰ্ণ দায়িত্ব আছিল। শুনানি সম্পূৰ্ণ কৰা গোচৰসমূহৰ ৰায়দান বৃহস্পতিবাৰে দিয়াৰ কথা আছিল।

উচ্চতম ন্যায়ালয়ৰ এক সূত্ৰ অনুসৰি ন্যায়াধীশ ওকাই সিদ্ধান্ত লৈছে যে শুকুৰবাৰে (২৪ মে’) যিটো তেওঁৰ শেষ কৰ্মদিন, তেওঁ আদালতলৈ আহি বাকী ৰায়দানৰ লগতে কেইটামান গোচৰৰ শুনানিও ল’ব।

উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশে কয় যে, “এই প্ৰতিষ্ঠান (আদালত)ৰ প্ৰতি ন্যায়াধীশ ওকাৰ গভীৰ দায়বদ্ধতা আছে।”

প্ৰসংগক্ৰমে যোৱা দেওবাৰে তেওঁ মুম্বাইত মুখ্য ন্যায়াধীশ গাভাইৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈছিল। সেইদিনা শেষবাৰৰ বাবে মাকক লগ পাইছিল।

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ত এডভোকেটছ অন ৰেকৰ্ড এছ’চিয়েশ্যনৰ সভাপতি বিপিন নায়াৰৰ উদ্যোগত ন্যায়াধীশ ওকাৰ বিদায় অনুষ্ঠানৰ আয়োজন কৰা হয়। বিপিন নায়াৰে কয়, ‘জাষ্টিছ ওকাৰ দৰে ন্যায়াধীশ এজন প্ৰজন্মত এবাৰেই আহে। তেওঁৰ নাম ‘অভয়’ যাৰ অৰ্থ নিৰ্ভীক। তেওঁ সঁচাকৈয়ে সাহস, চৰিত্ৰ আৰু নিৰ্ভীকতাৰ প্ৰতিমূৰ্তি। এই গুণবোৰ তেওঁৰ প্ৰতিটো ৰায়তে প্ৰতিফলিত হয়।

তেওঁ লগতে কয়, “ইমান ডাঙৰ ব্যক্তিগত দুখৰ মাজতো ন্যায়াধীশ ওকাই আজি ৰাতি উচ্চতম ন্যায়ালয়লৈ উভতি আহিব আৰু জীৱনৰ শেষ কৰ্মদিনটোত বেঞ্চত বহিব। এই জাতিটোৰ অন্যতম শ্ৰেষ্ঠ ন্যায়াধীশ এজনৰ সৈতে সময় কটোৱাৰ সুযোগ পাই আমি সৌভাগ্যৱান।”

অভয় ওকাই থানে জিলা আদালতৰ পিতৃৰ চেম্বাৰত আইনী কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৩ চনত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি ২০০৫ চনৰ নৱেম্বৰ মাহত স্থায়ী ন্যায়াধীশৰ মৰ্যাদালৈ উন্নীত হয়।

২০১৯ চনৰ মে’ মাহত তেওঁ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০২১ চনৰ আগষ্ট মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

কোৱা বাহুল্য যে অভয় ওকা এজন উচ্চ অনুশাসিত, দায়িত্বশীল আৰু নীতিবান ন্যায়াধীশ হিচাপে দেশৰ ন্যায়িক ব্যৱস্থাত এক উজ্জ্বল নিদৰ্শন হৈ থাকিব।

Recent News

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

পাক গুপ্তচৰক বিবাহৰ প্ৰস্তাৱ জ্যোতি মালহোত্ৰাৰ : ফাদিল হোৱাটছএপৰ মেচেজ

পাক গুপ্তচৰক বিবাহৰ প্ৰস্তাৱ জ্যোতি মালহোত্ৰাৰ : ফাদিল হোৱাটছএপৰ মেচেজ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত স্থাপন হ’ব সুৰাৰ বিপনীঃ ‘আলমা মেটাৰ’ক লৈ মুঠেই চিন্তিত নহয় হিমন্ত বিশ্ব!

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত স্থাপন হ’ব সুৰাৰ বিপনীঃ ‘আলমা মেটাৰ’ক লৈ মুঠেই চিন্তিত নহয় হিমন্ত বিশ্ব!

আইফোন আৰু ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব : ভাবুকি ট্ৰাম্পৰ

আইফোন আৰু ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব : ভাবুকি ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd