কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শনিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চত উপস্থিত হয়। তাত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়, “আপোনালোকে ভয়ানক পৰিস্থিতি দেখিছে। কিন্তু চিন্তা নকৰিব। সকলো আকৌ স্বাভাৱিক হ’ব।”
ৰাহুল গান্ধীয়ে লগতে কয়, “এইবোৰ সমস্যাৰ প্ৰতি সঁহাৰি জনোৱাৰ উপায় হ‘ব লাগে ভালকৈ পঢ়া-শুনা কৰা, খেলা ধূলা কৰা আৰু স্কুলত সকলোৰে লগত বন্ধুত্ব গঢ়ি তোলা।”
ৰাহুল গান্ধীয়ে পুঞ্চত পাকিস্তানী সেনাৰ গোলাবৰ্ষণত নিহতসকলৰ পৰিয়ালক সাক্ষাৎ কৰে।
উল্লেখ্য যে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত আক্ৰমণৰ পিছত ৰাহুল গান্ধীৰ এয়া দ্বিতীয়টো জম্মু-কাশ্মীৰ ভ্ৰমণ।