দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ ধাৰা ২০ৰ অধীনত দোষী সাব্যস্তকৰণক কেন্দ্ৰ কৰি এক গুৰুত্ব পূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে,যদি ‘দাবী’, ‘গ্ৰহণযোগ্যতা’ আৰু ‘আদায়’-ৰ সমগ্ৰ শৃংখল প্ৰমাণিত নহয়। কেৱল কলংকিত ধন উদ্ধাৰ হোৱাটোৱে দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ ২০ নং ধাৰাৰ অধীনত দোষী অনুমান কৰিবলৈ যথেষ্ট নহয়। ন্যায়াধীশ পংকজ মিত্তাল আৰু আহছানুদ্দিন আমানুল্লাৰ দ্বাৰা গঠিত বিচাৰপীঠে এক গোচৰত শুনানই গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে।
আদালতে কৈছে, “কেৱল ধনৰ হাত সলনি হোৱাটোৱে স্বতঃসিদ্ধভাৱে দাবী আছিল বুলি ধৰিব নোৱাৰি। আইন অনুসৰি, এটা পূৰ্ণ শৃংখল—দাবী, গ্ৰহণ, আৰু আদায়—প্ৰমাণিত হ’ব লাগিব। যদি দাবী সন্দেহজনক হয়, আৰু বাকী দুটা উপাদান থাকিলেও, সেই শৃংখলটো সম্পূৰ্ণ নহয় বুলি উল্লেখ কৰে আদালতে।
অভিযোগ অনুসৰি এজন বিদ্যালয় শিক্ষকক জাতিগত প্ৰমাণপত্ৰ প্ৰেৰণৰ বাবে ১৫০০ টকা উৎকোচ দাবী কৰিছিল। আৰু কৌশলেৰে অভিযুক্তৰ পৰা ধন উদ্ধাৰ কৰা হৈছিল, কিন্তু উচ্চতম ন্যায়ালয়ে কয় যে দাবী সন্দেহজনক হোৱাৰ বাবে গোচৰটো সম্পূৰ্ণ ৰূপে প্রমাণিত নহয়।
ঘটনাটোৰ পৰিপ্ৰেক্ষিতত জানিব পৰা গৈছে যে অভিযুক্তজনৰ পৰা ধন উদ্ধাৰ কৰা হৈছিল, কিন্তু তেওঁ দাবী কৰিছিল যে এই ধন ব্যক্তিগত ঋণ পৰিশোধৰ বাবেই আছিল। যদিও আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল, উচ্চতম ন্যায়ালয়ে অভিযোগকাৰীৰ বক্তব্য সন্দেহজনক বুলি বিবেচনা কৰি তেওঁক দোষমুক্ত কৰে।
আদালতে অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰে যে, গোচৰটোত হস্তক্ষেপৰ বাবে কোনো যুক্তিযুক্ত আধাৰ নাই, আৰু আপীল খাৰিজ কৰি অভিযুক্তক সম্পূৰ্ণ দোষমুক্ত কৰে।
এই ৰায়ে পুনৰ একে কথা স্পষ্ট কৰিছে—উৎকোচৰ গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ কেৱল ধন উদ্ধাৰ কৰিলেই নহয়, বৰঞ্চ সমগ্ৰ দাবীৰ প্রমাণিক শৃংখল সম্পূৰ্ণৰূপে থাকিব হ’ব লাগিব।