মঙলবাৰে পেহেলগামত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰ কেবিনেট বৈঠক। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে।
তেওঁ কয় যে জম্মু-কাশ্মীৰৰ পৰ্যটনস্থলীসমূহৰ নিৰাপত্তা পুনৰ পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই পৰীক্ষাৰ পিছত পৰ্যটনস্থলীসমূহ পুনৰ মুকলি কৰা হ’ব।
ওমৰ আব্দুল্লাই কয় যে জম্মু বা শ্ৰীনগৰৰ বাহিৰত আমি কেবিনেট বৈঠক অনুষ্ঠিত কৰিছো। আমি কেৱল চৰকাৰী কামৰ বাবে পেহেলগামলৈ অহা নাই। আমি দেখুৱাবলৈ আহিছো যে হিংসা আৰু ৰক্তপাতৰ পিছতো জম্মু-কাশ্মীৰত উন্নয়ন, সমৃদ্ধি আৰু জনসাধাৰণৰ প্ৰতিনিধিত্ব বন্ধ নহ’ব।
তেওঁ এই বৈঠকক কাশ্মীৰ আৰু পেহেলগামৰ জনসাধাৰণৰ সাহস আৰু ঐক্যক ধন্যবাদ জনোৱাৰ উপায় বুলি অভিহিত কৰে।মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে এই বৈঠকৰ জৰিয়তে আমি কাশ্মীৰৰ জনসাধাৰণ আৰু বিশেষকৈ পেহেলগামৰ জনসাধাৰণক ২২ এপ্ৰিলৰ আক্ৰমণৰ পিছত তেওঁলোকৰ মনোভাৱ, সাহস আৰু ঐক্যৰ বাবে ধন্যবাদ জনাইছো।