তিনি বছৰীয়া শিশুক ফল মূল খাবলৈ দিয়াৰ প্ৰলোভনেৰে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ব্যক্তিৰ বিৰুদ্ধে। ইতিমধ্যে শিশুটিৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ ৱাই এছ আৰ কদাপা জিলাত। আৰক্ষীয়ে জনোৱা মতে, তিনি বছৰীয়া শিশুটি পিতৃ-মাতৃৰ সৈতে কাদাপা জিলাত থকা আত্মীয়ৰ বিবাহ অনুষ্ঠানলৈ আহিছিল।
আৰক্ষীয়ে জনোৱা মতে, সেইদিনা ছোৱালীজনীয়ে ঘৰৰ চোতালত খেলি আছিল। হঠাৎ অঞ্চলটোৰ এজন বাসিন্দাই আহি ছোৱালীজনীক ফল মূল দিয়াৰ প্ৰলোভনেৰে ঘৰৰ পৰা আঁতৰাই লৈ গ’ল। তাৰ পিছত, অলপ দূৰৈৰ নিৰ্জন অৰণ্যলৈ গৈ প্ৰথমে ছোৱালীজনীক ধৰ্ষণ কৰিলে। তাৰ পাছত হত্যা কৰি পলাই গ’ল।
দীৰ্ঘদিন ধৰি ছোৱালীজনীক বিচাৰি নোপোৱাত পৰিয়ালটোৱে থানাত এজাহাৰ দাখিল কৰে। তালাচী আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে আৰক্ষীয়ে বনাঞ্চলৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদে। ঘটনাৰ পিছতে পলাতক হৈ আছিল অভিযুক্ত ব্যক্তিজন। অঞ্চলটোৰ চিচিটিভি ফুটেজ চাই অভিযুক্তক চিনাক্ত কৰা হয়। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।





