• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2025 10:47 am
222
VIEWS
Share on FacebookShare on Twitter

জৈৱ বৈচিত্ৰ্যৰ গৱেষণাৰ এক উল্লেখযোগ্য অগ্ৰগতি হিচাপে ড⁰ কংকন শৰ্মাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা দলে মেঘালয়ৰ চূণশিলৰ গুহাৰ জটিল গভীৰতাত গুহাত বাস কৰা এক নতুন প্ৰজাতিৰ মাছ চিনাক্ত কৰিছে।

লেডী কিন কলেজ, শ্বিলং আৰু আই চি এ আৰ-নেশ্যনেল ব্যুৰো অৱ ফিচ জেনেটিক ৰিচ’ৰ্ছ, লক্ষ্ণৌৰ সহযোগত আৱিষ্কাৰ কৰা মাছৰ প্ৰজাতিটোক ‘শ্বিষ্টুৰা ডেনচিক্লাভা’ নামেৰে নামকৰণ কৰা হৈছে ।

মেঘালয়ৰ অতি অন্ধকাৰময় গুহাত মাটিৰ তলত শ শ মিটাৰ দূৰত্বত পোৱা শ্বিষ্টুৰা ডেনচিক্লাভাই বিভিন্ন দুৰ্গম পৰিৱেশত জীয়াই থাকিব পাৰে। সম্পূৰ্ণ অন্ধকাৰত বিৱৰ্তনৰ দ্বাৰা গঢ় লৈ উঠা ইয়াৰ অনন্য শাৰীৰিক বৈশিষ্ট্যই ইয়াক অন্য প্ৰজাতিৰ পৰা পৃথক কৰে।

বিবিচিৰ এক প্ৰতিবেদনেও এই আৱিষ্কাৰৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰিছে যে ৰাজ্যখনৰ আনুমানিক ১৫০০ৰ পৰা ১৭০০ চূণশিল আৰু বেলেগ বেলেগ শিলৰ ব্যৱস্থাৰ অংশস্বৰূপ এই গুহাসমূহ জটিলতা আৰু দুৰ্গমতাৰ বাবে পৰিচিত যদিও দলটোৱে নিজৰ গৱেষণা সফলভাৱে সম্পন্ন কৰিছে।

দলটোৰ সফলতাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই শুভেচ্ছা জ্ঞাপন কৰে । উপাচাৰ্যগৰাকীয়ে কয় যে, “এই আৱিষ্কাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে অপৰিসীম গৌৰৱৰ বিষয় আৰু এই গৱেষণাই পৰৱৰ্তী সময়ত বৈজ্ঞানিক ধাৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছে।”

ড⁰ কংকন শৰ্মাই এই আৱিষ্কাৰৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য প্ৰদান কৰি কয় যে, “মেঘালয়ৰ গুহাৰ প্ৰত্যাহ্বানমূলক পৰিৱেশত শ্বিষ্টুৰা ডেনচিক্লাভা আৱিষ্কাৰ কৰাটো প্ৰকৃতি আৰু আমাৰ দল উভয়ৰে বাবে গুৰুত্বপূৰ্ণ । আমি উন্মোচন কৰা প্ৰতিটো নতুন প্ৰজাতিয়ে পৰিৱেশতন্ত্ৰসমূহৰ জটিলতাৰ প্ৰতি আমাক অধিক অন্বেষণৰ বাবে ইন্ধন যোগায়।”

উল্লেখযোগ্য যে উক্ত প্ৰজাতিৰ মাছৰ আৱিষ্কাৰৰ পূৰ্বেও দলটোৱে বিভিন্ন  গুহাত বাস কৰা মাছৰ প্ৰজাতিৰ সন্ধান চলাইছিল।

Recent News

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd