• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 7:30 pm
194
VIEWS
Share on FacebookShare on Twitter

কেৰালাৰ সাগৰীয় উপকূলত ডুব গৈছে এখন বিদেশী কণ্টেইনাৰ জাহাজ। এই ঘটনাক ৰাজ্যিক দুৰ্যোগ বুলি ঘোষণা কৰিছে কেৰালা চৰকাৰে।

জানিব পৰা মতে, জাহাজখনৰ কন্টেইনাৰৰ পৰা বিষাক্ত ৰাসায়নিক পদাৰ্থ সাগৰত মিহলি হ’ব পাৰে, যাৰ ফলত উপকূলীয় অঞ্চলত ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে।

২৪ মে’ত লাইবেৰিয়াৰ পতাকা থকা এখন মালবাহী জাহাজ এম এছ চি এল এছ এ-৩ কেৰালাৰ উপকূলত ডুব গৈছিল। কেৰালাৰ ভিজিনজাম বন্দৰৰ পৰা কোচি অভিমুখে যাত্ৰা কৰি থকা অৱস্থাত বেয়া বতৰৰ সন্মুখীন হয় জাহাজখন। যাৰ বাবে ই ডুব যায়।

ঘটনাৰ লগে লগে ক’ষ্ট গাৰ্ডে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি ৰাছিয়া আৰু ফিলিপাইনছকে ধৰি বিভিন্ন দেশৰ কমেও ২১ জন ক্ৰু সদস্যক নিৰাপদে উদ্ধাৰ কৰে।

কেৰালা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সম্পাদক টিংকু বিশ্বলে চৰকাৰী নিৰ্দেশনাত কয় যে এই দুৰ্ঘটনাটোৱে কেৰালাৰ ৫৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলৰ বাবে পৰিৱেশ, সামাজিক আৰু অৰ্থনৈতিক দিশৰ পৰা ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে।

জাহাজখনৰ কাৰ্গো মেনিফেষ্টৰ মতে, ডুব যোৱাৰ সময়ত ৬৪০টা কণ্টেইনাৰ পানীত পৰি যায়। ইয়াৰে ১২টাত জ্বলনশীল বিপজ্জনক ৰাসায়নিক পদাৰ্থ আছিল। এতিয়ালৈকে কোল্লাম, তিৰুৱনন্তপুৰম আৰু আলাপ্পুজাৰ উপকূলত ৫৪টা কণ্টেইনাৰ উদ্ধাৰ কৰা হৈছে। প্ৰচণ্ড ঢৌৰ বাবে আৰু অধিক কণ্টেইনাৰ দক্ষিণ কেৰালাৰ উপকূললৈ উটি যাব পাৰে বুলি আশংকা কৰা হৈছে।

ইয়াৰ উপৰিও জাহাজখনত ৮৪.৪৪ মেট্ৰিক টন ডিজেল আৰু ৩৬৭ মেট্ৰিক টন অন্যান্য ইন্ধন তেল কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে।

আনহাতে, তিৰুৱনন্তপুৰমৰ উপকূলত ইতিমধ্যে সৰু সৰু প্লাষ্টিক আৰু পলিথিনৰ দম জমা হৈছে। যাৰ ফলত মাইক্ৰ’প্লাষ্টিক প্ৰদূষণ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পাইছে। পৰিৱেশ সুৰক্ষাৰ বাবে কেৰালা চৰকাৰে স্বেচ্ছাসেৱক নিযুক্তি দি চাফাই অভিযান আৰম্ভ কৰিছে।

উপকূলীয় অঞ্চলত ক’ত কি ভাঁহি আছে ড্ৰ’ন কেমেৰাৰ সহায়ত নিৰীক্ষণ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকো এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

জাহাজ ধ্বংসপ্ৰাপ্ত অঞ্চলৰ ২০ নটিকেল মাইলৰ ব্যাসাৰ্ধৰ ভিতৰত মাছ ধৰাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। পৰিৱেশ বিশেষজ্ঞসকলৰ মতে সম্ভাৱ্য গেছ নিৰ্গমন আৰু তেলৰ ৰাসায়নিক মিশ্ৰণে সাগৰীয় জৈৱ বৈচিত্ৰ্যৰ ভয়াৱহ ক্ষতি কৰিব পাৰে।

মন কৰিবলগীয়া যে ৰাজ্যিক দুৰ্যোগ ঘোষণা কৰাৰ অৰ্থ হ’ল অনাগত দিনত কেৰালা চৰকাৰে এই সমস্যাৰ মোকাবিলা কৰিবলৈ বিশেষ পদক্ষেপ ল’ব পাৰে। সমস্যাটো সমাধানৰ বাবে প্ৰয়োজন সাপেক্ষে বিশেষ আৰ্থিক পেকেজো ঘোষণা কৰা হ’ব পাৰে।

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd