• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: ট্ৰেন্স দম্পতীক জন্মৰ প্ৰমাণ পত্ৰত ‘অভিভাৱক’ হিচাপে স্বীকৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2025 2:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালা উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়ত কয় যে ট্ৰেন্স (হিজড়া) দম্পতিক তেওঁলোকৰ জৈৱিক সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰত “পিতৃ” আৰু “মাতৃ”ৰ সলনি লিংগ-নিৰপেক্ষ ‘অভিভাৱক’ হিচাপে তালিকাভুক্ত কৰিব পাৰি। এই ৰায় লিংগ ভিন্নতা থকা অভিভাৱক আৰু অগতানুগতিক পৰিয়ালৰ আইনী স্বীকৃতিৰ ক্ষেত্ৰত এটা গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে গণ্য হৈছে।

আবেদনকাৰী জাহাহাদ, এজন ট্ৰেন্স পুৰুষ আৰু জিয়া পাভাল, এগৰাকী ট্ৰেন্স মহিলা—তেওঁলোকক কেৰালাৰ প্ৰথম  ট্ৰেন্স দম্পতী হিচাপে গণ্য কৰা হৈছে যিয়ে জৈৱিক প্ৰক্ৰিয়াৰে সন্তান জন্ম দিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰীত জাহাহাদে সন্তান জন্ম দিয়ে আৰু এই ঘটনাই ৰাষ্ট্ৰীয় স্তৰত আলোড়ন সৃষ্টি কৰিছিল।

Apply Now

প্ৰথম অৱস্থাত কোজিকোড পৌৰ নিগমে জাহাহাদক “মাতৃ” আৰু জিয়াক “পিতৃ” হিচাপে তালিকাভুক্ত কৰিছিল। কিন্তু এই ট্ৰেন্স দম্পতীয়ে আবেদন জনাইছিল যে তেওঁলোকৰ ৰূপান্তৰিত আত্ম-পৰিচয় অনুসৰি অভিভাৱক শব্দ ব্যৱহাৰ কৰা হ’ব লাগে। এই আবেদন খাৰিজ হোৱাৰ পিছত তেওঁলোকে কেৰালা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

তেওঁলোকৰ আইনী প্রতিনিধিত্ব কৰিছিল কেৰালাৰ প্ৰথমজন হিজড়া অধিবক্তা পদ্ম লক্ষ্মীয়ে। তেওঁ যুক্তি দিছিল যে তেওঁলকৰ আবেদন অস্বীকাৰ কৰি ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদত সুনিৰ্দিষ্ট কৰা সমতাৰ অধিকাৰ উলংঘা কৰা হৈছে। সংবিধানৰ চতুৰ্দশ অনুচ্ছেদ অনুসৰি ‘ব্যক্তি’ শব্দটোৰ অৰ্থ কেৱল পুৰুষ বা মহিলাৰ মাজতে সীমাবদ্ধ নহয়। এজন হিজড়াও সকলো অধিকাৰ আৰু আইনী সুৰক্ষাৰ অধিকাৰী। উচ্চ ন্যায়ালয়ে এই যুক্তি মানি লৈ ৰায় দিয়ে যে ট্ৰেন্স ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালেও লিংগ-নিৰপেক্ষ চৰকাৰী স্বীকৃতিৰ অধিকাৰী।

ন্যায়াধীশ জিয়াদ ৰহমানৰ বিচাৰপীঠে কোজিকোড পৌৰসভাক নিৰ্দেশ দিয়ে যে জন্মৰ প্ৰমাণ পত্ৰত “পিতৃ” আৰু “মাতৃ”ৰ সলনি কেৱল ‘অভিভাৱক’ শব্দ ব্যৱহাৰ কৰিব লাগিব আৰু লিংগ উল্লেখ নকৰিব। আদালতে স্পষ্ট কৰিদিয়ে যে লিংগভিত্তিক পৰিচয় গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰ ফলত কেৱল অভিভাৱকৰেই নহয়, সন্তানৰ মৌলিক অধিকাৰো খণ্ডিত হ’ব পাৰে।

তেওঁলোকৰ আবেদনত স্পষ্টকৈ উল্লেখ কৰিছিল যে জাহাহাদে বহুদিন ধৰি নিজকে পুৰুষ হিচাপে চিনাক্ত কৰি আহিছে আৰু সমাজতো তেনেকৈয়ে জীয়াই আছে। “মাতৃ” বুলি উল্লেখ কৰাৰ ফলত নিজৰ সত্তাৰ লগত সংগতি নথকা এটা পৰিচয় তেওঁক দিবলগীয়া হ’ব, যাৰ দ্বাৰা পিতৃ-মাতৃত্বৰ অধিকাৰ আৰু সন্তানৰ ভবিষ্যতো প্ৰভাৱিত হ’ব।

এই ৰায়ে ভাৰতবৰ্ষত ট্ৰেন্স ব্যক্তিসকলৰ সামাজিক-আইনী অধিকাৰৰ ক্ষেত্ৰত এটা নতুন দিশ উন্মোচন কৰিছে আৰু চৰকাৰী নথিপত্ৰত লিংগ-নিৰপেক্ষতা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এটা দৃষ্টান্ত গঢ়ি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd