উৰিষ্যাত গঞ্জাম জিলাত এক শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে। ৩ জুন তাৰিখে দুগৰাকী কিশোৰীক এখন বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ সন্দৰ্ভত চাৰিজন অভিযুক্তক অন্ধ্ৰপ্ৰদেশ পৰা পালোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।
ব্ৰহ্মপুৰৰ আৰক্ষী অধীক্ষক শ্ৰৱণ বিবেকে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যে, অপহৃত কিশোৰী দুগৰাকী পৰিয়ালৰ সৈতে বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গঞ্জাম জিলালৈ গৈছিল। অনুষ্ঠান চলি থাকোঁতেই কেইজন মান চিনাকি ব্যক্তিয়ে তেওঁলোকক মাতি লৈ যায় আৰু তাৰ পিছতে আন দুজন যুৱকেও যোগ দিয়ে। পাচত কিশোৰী দুগৰাকীক অপহৰণ কৰি নিৰ্জন ঠাইলৈ চাৰিজনে একেলগে দুয়ো কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে।
অনুসন্ধান চলোৱাৰ পিছতো পৰিয়ালে কিশোৰী দুগৰাকীকে বিচাৰি নাপায়। অবশেষত ৪ জুনৰ পুৱা, বিবাহস্থানৰ পৰা কেইকিলোমিটাৰ দূৰত আহত অৱস্থাত কিশোৰী দুগৰাকী উদ্ধাৰ হয়। ঘটনা সন্দৰ্ভত জ্ঞাত হোৱাৰ পিছতে পৰিয়ালৰ লোকে স্থানীয় থানাত অভিযোগ দাখিল কৰে।
প্ৰাৰম্ভিক তদন্তত ভুক্তভোগীৰ সাক্ষ্যৰ ভিত্তিত অভিযুক্তক চিনাক্ত কৰা হয়। তাৰ পিছতেই আৰক্ষীয়ে একাধিক দল গঠন কৰি অভিযুক্তৰ সন্ধান আৰম্ভ কৰে। তদন্তৰ সময়তে অভিযুক্ত চাৰিজনে অন্ধ্ৰপ্ৰদেশলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও, তাৰ আগতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী বাহিনী। আৰক্ষীয়ে ঘটনাৰ পূৰ্ণাঙ্গ তদন্ত চলাই থকা বুলি জনোৱা হৈছে আৰু অভিযুক্তসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কাৰিছে।