• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৰ্ণাটকত বন্ধ হ’ল অনলাইন বাইক টেক্সি, অসমতো হ’ব নেকি বন্ধ? কি নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে?

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 17, 2025 2:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত সমগ্ৰ কৰ্ণাটকত বাইক টেক্সি নিষিদ্ধ কৰা হৈছে। ১৫ জুনৰ দিনটো আছিল বাইক টেক্সি চলাচলৰ অন্তিম দিন।

সোমবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে এই সেৱা। যদিও সোমবাৰে এই সেৱাৰ নাম সলনি কৰি এই সেৱা চলাবলৈ চেষ্টা কৰা হৈছিল, তথাপিও ইয়াৰ ফলপ্ৰসূসু হৈ উঠা নাছিল।

Apply Now

চলিত বৰ্ষৰ এপ্ৰিল মাহত উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে ৰাজ্যত বাইক টেক্সি নিষিদ্ধ কৰিছিল। ফলত ৰেপিডো, অলা, উবেৰৰ দৰে কোম্পানীয়ে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই বিষয়ত বাইক টেক্সি নিয়ন্ত্ৰক সংস্থাই আদালতৰ কাষ চাপিছে যদিও বিষয়টো এতিয়াও সমাধান হোৱা নাই।

এই গোচৰৰ পৰৱৰ্তী শুনানি ২৪ জুনত হ’ব। কিন্তু যিহেতু কৰ্ণাটক চৰকাৰে এতিয়াও বাইক টেক্সি সন্দৰ্ভত কোনো নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ সন্মত হোৱা নাই, সেয়েহে সদ্যহতে এই সমস্যা সমাধানৰ সম্ভাৱনা কম।

ৰাজ্য চৰকাৰ মতে, যদিহে বাইকক এনেদৰে ৰাজহুৱা পৰিবহণ হিচাপে চলাবলৈ দিয়া হয়, তেন্তে ৰাজ্যৰ ১ লাখ ৭৫ হাজাৰ অটো চালক সমস্যাৰ সন্মুখীন হ’ব লাগিব। কাৰণ তেওঁলোকে আইন অনুসৰি অনুমতি লৈ কাম কৰে।

উল্লেখ্য যে যোৱা বছৰৰ ৬ মাৰ্চত কৰ্ণাটক পৰিবহণ বিভাগে ৰাজ্যখনত ইলেক্ট্ৰিক বাইক টেক্সি আঁচনি ২০২১ বাতিল কৰিছিল। চৰকাৰে কয় যে ব্যক্তিগত পেট্ৰ’ল চালিত বাইক ৰাজহুৱা পৰিবহণৰ বাবে ইলেক্ট্ৰিক বাইক টেক্সি হিচাপে ব্যৱহাৰ কৰা হৈছে।

ইফালে যাত্ৰীসকলৰ মতে বাইক টেক্সিৰ দাম বহু কম। বিশেষকৈ অটো ৰিক্সাৰ তুলনাত প্ৰায় আধা খৰচত বাইক টেক্সিৰে গন্তব্যস্থান পাব পাৰি। চৰকাৰে পূৰ্বে গাড়ী পুলিং এপ নিষিদ্ধ কৰিছিল, এতিয়া বাইক টেক্সিও নিষিদ্ধ কৰা হৈছে। একাংশই ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে যে ৰাজ্য চৰকাৰে অটো ইউনিয়নৰ আগত শিৰ নত কৰিছে।

একাংশ যাত্ৰীয়ে কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি ৰাজ্যত শীঘ্ৰে বাইক টেক্সি প্ৰৱৰ্তনৰ দাবী জনাইছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়ালৈও একেধৰণৰ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।

কৰ্ণাটক বাইক টেক্সি এছ’চিয়েশ্যনৰ সভাপতি মহম্মদ চেলিমে কয় যে এই চৰকাৰী সিদ্ধান্তৰ বাবে সমগ্ৰ কৰ্ণাটকতে প্ৰায় ১ লাখ গিগ কৰ্মীয়ে চাকৰি হেৰুৱাইছে। তেওঁ কয়, বাইক টেক্সি চালকসকলৰ বহুতেই ছাত্ৰ আৰু দৈনিক মজুৰিত হাজিৰা কৰা লোক।

আগতে এই বাইক টেক্সি চলাই তেওঁলোকে অতিৰিক্ত ধন উপাৰ্জন কৰিছিল। কোভিডৰ পিছত চাকৰি হেৰুৱাই বহুতে বাইকখনকেই উপাৰ্জনৰ সাৰথি হিচাপে লৈছিল। তেওঁলোকে দিনটোত ১০-১২ ঘন্টা বাইক টেক্সি চলাই পৰিয়াল পোহপাল দিছিল। এতিয়া তেওঁলোক কেনেকৈ জীয়াই থাকিব?

যদিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বাইক টেক্সি বন্ধ কৰা হৈছিল, সোমবাৰে ৰেপিডোৱে তেওঁলোকৰ সেৱাৰ নাম সলনি কৰি ‘বাইক পাৰ্চেল’ আৰু উবেৰে তেওঁলোকৰ সেৱাৰ নাম সলনি কৰি ‘ম’ট’ কুৰিয়ৰ’ ৰাখিছিল। কিন্তু আৰক্ষীৰ ব্যাপক দমনৰ বাবে কোম্পানী দুটাৰ এই প্ৰচেষ্টাই ফল নিদিলে। ফলত সোমবাৰে বিয়লি ৩ বজাত ৰেপিডো আৰু বিয়লি ৫ বজাত উবেৰে নিজৰ নিজৰ বাইক সেৱা বন্ধ কৰে।

আনহাতে ৰাজ্যজুৰি বাইক টেক্সি বন্ধ হোৱাৰ ফলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তথ্য অনুসৰি সমগ্ৰ কৰ্ণাটকৰ ১ লাখৰো অধিক লোক এই বাইক টেক্সি সেৱাৰ সৈতে জড়িত আছিল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু চৰকাৰৰ সিদ্ধান্তৰ পিছত তেওঁলোক সকলোৱে সমস্যাৰ সন্মুখীন হৈছে। এই সিদ্ধান্তই যাত্ৰীসকলৰ বাবেও অসুবিধাৰ সৃষ্টি কৰিছে। কাৰণ যিসকলৰ ঘৰ অলপ ভিতৰুৱা ঠাইত, তেওঁলোকৰ বাবে যাতায়তৰ মাধ্যম হিচাপে বাইক টেক্সিৰ অতি গুৰুত্ব আছিল।

কৰ্ণাটকৰ পৰিবহণ মন্ত্ৰী ৰামালিংগা ৰেড্ডীয়ে এই সন্দৰ্ভত কয় যে ৰেপিডো আৰু উবেৰে যিদৰে সেৱাৰ নাম সলনি কৰি বাইক চলাবলৈ চেষ্টা কৰিছে সেয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰত্যক্ষ উলংঘা। আমি আদালতত কৈছো যে ৰাজহুৱা পৰিবহণৰ বাবে ব্যক্তিগত দুচকীয়া বাহন ব্যৱহাৰ কৰাটো অবৈধ। এই সন্দৰ্ভত আমাৰ স্থিতি অতি স্পষ্ট।

Tags: KarnatakaGovernmentOnline bike taxi
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd