ONGCলৈ ঔষধ যোগানৰ ভুৱা বিলৰ এক বৃহৎ কেলেংকাৰী ফাদিল হৈছে যোৰহাট জিলাত। এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় অনুসন্ধান সংস্থায়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে CBIয়ে যোৰহাটৰ ৮খন আগশাৰীৰ ফাৰ্মাচীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আনকি দুগৰাকী চিকিৎসকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে । ২০১৯-২০২২ চনলৈ ONGCৰ যোৰহাটৰ চিনামৰাস্থিত অসম আৰু অসম আৰাকান বেছিন আৰু যোৰহাট সম্পদৰ কাৰ্যালয়লৈ ভুৱা বিলেৰে ঔষধ যোগানৰ কেলেঙ্কাৰীত জড়িত থকাৰ অভিযোগত অভিযুক্ত হৈছে তদানীন্তন ডেপুটি জেনেৰেল মেনেজাৰ ডাঃ বিজয় কুমাৰ শ্ব’, তদানীন্তন ঠিকাভিত্তিক মেডিকেল অফিচাৰ ডাঃ ইশিত্বা তামুলী আৰু যোৰহাটৰ ৮খনকৈ আগশাৰীৰ ফাৰ্মাচীৰ স্বত্বাধিকাৰী। CBIয়ে ৰুজু কৰা গোচৰত যোৰহাটৰ অভিযুক্ত ফাৰ্মাচী আৰু তাৰ স্বত্বাধিকাৰীসকল হ’ল লাখটিয়া মেডিকেল হলৰ ভানোৱাৰীলাল লাখটিয়া, নৰ্থইষ্ট মেডিকেলৰ শতদল ঘোষ , জয় শঙ্কৰ মেডিকেলৰ ক্ষিৰোদ শইকীয়া, দিপালী মেডিকেলৰ পূৰ্ণিমা বৰদলৈ, নিউ সঞ্জীৱনী মেডিকেলৰ শঙ্কৰ গোস্বামী, নিষ্ঠা মেডিকেলৰ ৰিতু বৰপাত্ৰগোঁহাই, বৰহোলাৰ তিনিআলি মেডিকেলৰ মাচুমা ৰহমান গনি আৰু মিনাক্ষী ড্ৰাগছৰ মিনাক্ষী বৰুৱা এই ফাৰ্মাচীসমূহ অ’এনজিচিৰ তালিকাভুক্ত ঔষধ যোগানীয়াৰ আছিল ।
উল্লেখ্য যে, ২০২৩ চনত যোৰহাট জিলাৰ চিনামৰাস্থিত অ’এনজিচিৰ অসম আৰু অসম আৰাকান বেচিন আৰু যোৰহাট সম্পদৰ চিকিৎসা বিভাগত পোহৰলৈ অহা এটা কেলেঙ্কাৰীত অভিযুক্ত হৈছিল তদানীন্তন চিকিৎসা বিভাগৰ ডেপুটি জেনেৰেল মেনেজাৰ ডা: বিজয় কুমাৰ শ্ব’, তদানীন্তন ঠিকাভিত্তিক মেডিকেল অফিচাৰ ডা: ঈশিত্বা তামূলী আৰু এটা ব্যক্তিগত ফিজিঅ’থেৰাপি প্ৰতিষ্ঠানৰ গৰাকী। সেইবাৰো প্ৰায় ১৯ লক্ষাধিক টকাৰ ভুৱা চিকিৎসা বিলক লৈ চিবিআইত ৰুজু হৈছিল গোচৰ। এই ঘটনাৰ পাছতে অ’এনজিচি কৰ্তৃপক্ষই তেওঁলোকৰ চিকিৎসা বিভাগত ঔষধ যোগানৰ নামটো কেলেঙ্কাৰী সংঘটিত হোৱাৰ সন্দেহ কৰি ইয়াৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰে আৰু ইয়াৰ পাছতে অ’এনজিচিৰ ভিজিলেন্স শাখাই ২০১৯ৰ পৰা ২০২২ চনলৈকে অ’এনজিচিলৈ যোগান ধৰা ঔষধৰ ওপৰত কৰা তদন্তত পোহৰলৈ আহে অনিয়ম আৰু কেলেঙ্কাৰীৰ তথ্য ।
প্ৰথম অৱস্থাত ভিজিলেন্স শাখাই কৰা তদন্তত ONGC আৰু CISFৰ ৬৩গৰাকী লোকক যোগান ধৰা উচ্চ মানৰ ঔষধৰ ক্ষেত্ৰত ২৯ গৰাকীৰ নামতে ভুৱাকৈ ঔষধ যোগান ধৰাৰ তথ্য পোহৰলৈ আহে। অভিযোগ অনুসৰি এই ভুৱা ৰিকুইজিছন শ্লিপৰ জৰিয়তে যোগান ধৰা ঔষধৰ মূল্য প্ৰায় ৫ লাখ টকা। ইয়াৰ পিছতে ভিজিলেন্স শাখাই অধিক লোকৰ ক্ষেত্ৰত তদন্ত আৰম্ভ কৰে । তেতিয়া ১০৪২গৰাকী লোকলৈ যোগান ধৰা ঔষধৰ ৰিকুইজিছন শ্লিপ পৰীক্ষা কৰা হয় আৰু তাৰে ৩৪০ গৰাকী লোকলৈ ভুৱাকৈ ঔষধ যোগান ধৰা দেখুওৱাৰ তথ্য পোহৰলৈ আহে । এই ঔষধৰ মূল্য হল ৪০,৩৯,১২২ টকা। ইয়াৰে ৩০৫গৰাকী লোকৰ নামত প্ৰায় ৩৬,৮৬,৮২২ টকাৰ ঔষধ চিকিৎসক ঈশিত্বা তামুলীয়ে ইছ্যু কৰিছিল বুলি তদন্তত প্ৰকাশ ।
এই ভুৱা ৰিকুইজেছন শ্লিপৰ জৰিয়তে যোৰহাটৰ ৮ খন ফাৰ্মাচীৰপৰা ভুৱা ঔষধৰ বিল সংগ্ৰহ কৰি এক বৃহৎ বিত্তীয় কেলেঙ্কাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে। তথ্য সহ এই কেলেঙ্কাৰী পোহৰলৈ অহাৰ পিছতে অ’এনজিচি কৰ্তৃপক্ষই যোৱা এপ্ৰিল মাহত চিবিআইত এই কেলেঙ্কাৰী সন্দৰ্ভত এজাহাৰ দাখিল কৰে । চিবিআইৰ এটা দল বুধবাৰে যোৰহাটৰ এই ৮খন ফাৰ্মাচীৰ মালিকৰ গৃহ তথা ব্যৱসায় প্ৰতিষ্ঠানলৈ তদন্তৰ বাবে আহি সোধাপোছা কৰে আৰু বহুখিনি নথিপত্ৰ জব্দ কৰে ।
আনহাতে একাংশ অভিযুক্ত ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে অ’এনজিচিলৈ যোগান ধৰা ঔষধৰ বিনিময়ত কোটিৰ ঘৰত ধন পাবলৈ আছে । প্ৰাপ্য ধন আৰু তেওঁলোকে যোগান ধৰা ঔষধৰ মূল্যক লৈ অ’এনজিচি কৰ্তৃপক্ষ আৰু ফাৰ্মাচীৰ গৰাকীসকলৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল । নৰ্থইষ্ট মেডিকেলৰ স্বত্বাধিকাৰী শতদল ঘোষে কয় যে তেওঁ লাভ কৰা ৰিকুইজেছন শ্লিপৰ আধাৰত ঔষধ প্ৰদান কৰিছিল । ক’ভিড পৰিস্থিতিৰ বাবে সেই সময়ত ঔষধ নিবলৈ বেলেগ লোককো অ’এনজিচি কৰ্তৃপক্ষই পঠাইছিল । অ’এনজিচি কৰ্তৃপক্ষই ভুৱা বুলি কোৱা ৰিকুইজেছন শ্লিপৰ বিপৰীতে প্ৰদান কৰা ঔষধসমূহৰ যাৱতীয় সকলো নথিপত্ৰ তেওঁৰ ওচৰত মজুত আছে বুলি ব্যৱসায়ীগৰাকীয়ে জানিবলৈ দিয়ে । দোষী সাব্যস্ত হলে সকলো শাস্তি মূৰ পাতি লবলৈ সাজু আছে বুলি মত ব্যক্ত কৰি ঔষধ ব্যৱসায়ীগৰাকীয়ে কয় যে তেওঁৰ পাবলগীয়া প্ৰায় ১ কোটি ৬০ লাখতকৈও অধিক টকা অ’এনজিচি কৰ্তৃপক্ষই শীঘ্ৰে পৰিশোধ কৰাৰ ব্যৱস্থা কৰিব লাগে ।