• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যোৰহাটৰ ৮খন ফাৰ্মাচীৰ বিৰুদ্ধে CBI-ৰ তদন্ত! ONGCলৈ ঔষধ যোগানৰ ভুৱা বিলৰ বৃহৎ কেলেংকাৰী ফাদিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2025 10:27 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ONGCলৈ ঔষধ যোগানৰ ভুৱা বিলৰ এক বৃহৎ কেলেংকাৰী ফাদিল  হৈছে যোৰহাট জিলাত। এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় অনুসন্ধান সংস্থায়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে CBIয়ে যোৰহাটৰ ৮খন আগশাৰীৰ ফাৰ্মাচীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আনকি দুগৰাকী চিকিৎসকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে । ২০১৯-২০২২ চনলৈ ONGCৰ যোৰহাটৰ চিনামৰাস্থিত অসম আৰু অসম আৰাকান বেছিন আৰু যোৰহাট সম্পদৰ কাৰ্যালয়লৈ ভুৱা বিলেৰে ঔষধ যোগানৰ কেলেঙ্কাৰীত জড়িত থকাৰ অভিযোগত অভিযুক্ত হৈছে তদানীন্তন ডেপুটি জেনেৰেল মেনেজাৰ ডাঃ বিজয় কুমাৰ শ্ব’, তদানীন্তন ঠিকাভিত্তিক মেডিকেল অফিচাৰ ডাঃ ইশিত্বা তামুলী আৰু যোৰহাটৰ ৮খনকৈ আগশাৰীৰ ফাৰ্মাচীৰ স্বত্বাধিকাৰী। CBIয়ে ৰুজু কৰা গোচৰত যোৰহাটৰ অভিযুক্ত ফাৰ্মাচী আৰু তাৰ স্বত্বাধিকাৰীসকল হ’ল লাখটিয়া মেডিকেল হলৰ ভানোৱাৰীলাল লাখটিয়া, নৰ্থইষ্ট মেডিকেলৰ শতদল ঘোষ , জয় শঙ্কৰ মেডিকেলৰ ক্ষিৰোদ শইকীয়া, দিপালী মেডিকেলৰ পূৰ্ণিমা বৰদলৈ, নিউ সঞ্জীৱনী মেডিকেলৰ শঙ্কৰ গোস্বামী,  নিষ্ঠা মেডিকেলৰ ৰিতু বৰপাত্ৰগোঁহাই, বৰহোলাৰ তিনিআলি মেডিকেলৰ মাচুমা ৰহমান গনি আৰু মিনাক্ষী ড্ৰাগছৰ মিনাক্ষী বৰুৱা এই ফাৰ্মাচীসমূহ অ’এনজিচিৰ তালিকাভুক্ত ঔষধ যোগানীয়াৰ আছিল ।

উল্লেখ্য যে, ২০২৩ চনত যোৰহাট জিলাৰ চিনামৰাস্থিত অ’এনজিচিৰ অসম আৰু অসম আৰাকান বেচিন আৰু যোৰহাট সম্পদৰ চিকিৎসা বিভাগত পোহৰলৈ অহা এটা কেলেঙ্কাৰীত অভিযুক্ত হৈছিল তদানীন্তন চিকিৎসা বিভাগৰ ডেপুটি জেনেৰেল মেনেজাৰ ডা: বিজয় কুমাৰ শ্ব’, তদানীন্তন ঠিকাভিত্তিক মেডিকেল অফিচাৰ ডা: ঈশিত্বা তামূলী আৰু এটা ব্যক্তিগত ফিজিঅ’থেৰাপি প্ৰতিষ্ঠানৰ গৰাকী। সেইবাৰো প্ৰায় ১৯ লক্ষাধিক টকাৰ ভুৱা চিকিৎসা বিলক লৈ চিবিআইত ৰুজু হৈছিল গোচৰ। এই ঘটনাৰ পাছতে অ’এনজিচি কৰ্তৃপক্ষই তেওঁলোকৰ চিকিৎসা বিভাগত ঔষধ যোগানৰ নামটো কেলেঙ্কাৰী সংঘটিত হোৱাৰ সন্দেহ কৰি ইয়াৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰে আৰু ইয়াৰ পাছতে অ’এনজিচিৰ ভিজিলেন্স শাখাই ২০১৯ৰ পৰা ২০২২ চনলৈকে অ’এনজিচিলৈ যোগান ধৰা ঔষধৰ ওপৰত কৰা তদন্তত পোহৰলৈ আহে অনিয়ম আৰু কেলেঙ্কাৰীৰ তথ্য ।

Apply Now

প্ৰথম অৱস্থাত ভিজিলেন্স শাখাই কৰা তদন্তত ONGC আৰু CISFৰ ৬৩গৰাকী লোকক যোগান ধৰা উচ্চ মানৰ ঔষধৰ ক্ষেত্ৰত ২৯ গৰাকীৰ নামতে ভুৱাকৈ ঔষধ যোগান ধৰাৰ তথ্য পোহৰলৈ আহে। অভিযোগ অনুসৰি এই ভুৱা ৰিকুইজিছন শ্লিপৰ জৰিয়তে যোগান ধৰা ঔষধৰ মূল্য প্ৰায় ৫ লাখ টকা। ইয়াৰ পিছতে ভিজিলেন্স শাখাই অধিক লোকৰ ক্ষেত্ৰত তদন্ত আৰম্ভ কৰে । তেতিয়া ১০৪২গৰাকী লোকলৈ যোগান ধৰা ঔষধৰ ৰিকুইজিছন শ্লিপ পৰীক্ষা কৰা হয় আৰু তাৰে ৩৪০ গৰাকী লোকলৈ ভুৱাকৈ ঔষধ যোগান ধৰা দেখুওৱাৰ তথ্য পোহৰলৈ আহে । এই ঔষধৰ মূল্য হল ৪০,৩৯,১২২ টকা। ইয়াৰে ৩০৫গৰাকী লোকৰ নামত প্ৰায় ৩৬,৮৬,৮২২ টকাৰ ঔষধ চিকিৎসক ঈশিত্বা তামুলীয়ে ইছ্যু কৰিছিল বুলি তদন্তত প্ৰকাশ ।

এই ভুৱা ৰিকুইজেছন শ্লিপৰ জৰিয়তে যোৰহাটৰ ৮ খন ফাৰ্মাচীৰপৰা ভুৱা ঔষধৰ বিল সংগ্ৰহ কৰি এক বৃহৎ বিত্তীয় কেলেঙ্কাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে। তথ্য সহ এই কেলেঙ্কাৰী পোহৰলৈ অহাৰ পিছতে অ’এনজিচি কৰ্তৃপক্ষই যোৱা এপ্ৰিল মাহত চিবিআইত এই কেলেঙ্কাৰী সন্দৰ্ভত এজাহাৰ দাখিল কৰে । চিবিআইৰ এটা দল বুধবাৰে যোৰহাটৰ এই ৮খন ফাৰ্মাচীৰ মালিকৰ গৃহ তথা ব্যৱসায় প্ৰতিষ্ঠানলৈ তদন্তৰ বাবে আহি সোধাপোছা কৰে আৰু বহুখিনি নথিপত্ৰ জব্দ কৰে ।

আনহাতে একাংশ অভিযুক্ত ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে অ’এনজিচিলৈ যোগান ধৰা ঔষধৰ বিনিময়ত কোটিৰ ঘৰত ধন পাবলৈ আছে । প্ৰাপ্য ধন আৰু তেওঁলোকে যোগান ধৰা ঔষধৰ মূল্যক লৈ অ’এনজিচি কৰ্তৃপক্ষ আৰু ফাৰ্মাচীৰ গৰাকীসকলৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল । নৰ্থইষ্ট মেডিকেলৰ স্বত্বাধিকাৰী শতদল ঘোষে কয় যে তেওঁ লাভ কৰা ৰিকুইজেছন শ্লিপৰ আধাৰত ঔষধ প্ৰদান কৰিছিল । ক’ভিড পৰিস্থিতিৰ বাবে সেই সময়ত ঔষধ নিবলৈ বেলেগ লোককো অ’এনজিচি কৰ্তৃপক্ষই পঠাইছিল । অ’এনজিচি কৰ্তৃপক্ষই ভুৱা বুলি কোৱা ৰিকুইজেছন শ্লিপৰ বিপৰীতে প্ৰদান কৰা ঔষধসমূহৰ যাৱতীয় সকলো নথিপত্ৰ তেওঁৰ ওচৰত মজুত আছে বুলি ব্যৱসায়ীগৰাকীয়ে জানিবলৈ দিয়ে । দোষী সাব্যস্ত হলে সকলো শাস্তি মূৰ পাতি লবলৈ সাজু আছে বুলি মত ব্যক্ত কৰি ঔষধ ব্যৱসায়ীগৰাকীয়ে কয় যে তেওঁৰ পাবলগীয়া প্ৰায় ১ কোটি ৬০ লাখতকৈও অধিক টকা অ’এনজিচি কৰ্তৃপক্ষই শীঘ্ৰে পৰিশোধ কৰাৰ ব্যৱস্থা কৰিব লাগে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd