• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 21, 2025 10:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত হানিমুন হত্যাকাণ্ডৰ তদন্ত শেষ হোৱাৰ আগতেই প্ৰায় একে ধৰণেৰে আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। এইবাৰ এই শিহৰণকাৰী ঘটনা উত্তৰ প্ৰদেশত। ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড এতিয়াও চৰ্চাত। ইফালে আন এক অনুৰূপ হত্যাকাণ্ডৰ ঘটনাই দখল কৰিছে বাতৰিৰ শিৰোণাম।

দক্ষিণ দিল্লীৰ ৰাজকোৰী অঞ্চলৰ বাসিন্দা ৰবীন্দ্ৰ কুমাৰ (৫৬)। জুন মাহৰ আৰম্ভণিৰ পৰাই সন্ধানহীন হৈ আছিল। উত্তৰাখণ্ডৰ কোটদ্বাৰ অঞ্চলৰ এটা খাৱৈৰ পৰা আৰক্ষীয়ে ৫ জুনত উদ্ধাৰ কৰে এটা মৃতদেহ।

Apply Now

পিছত গম পোৱা যায় যে মৃতদেহটো ৰবীন্দ্ৰৰ। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ পত্নী ৰীনা সিন্ধুৱে তেওঁৰ প্ৰেমিক পৰিতোষৰ সৈতে মিলি ৰবীন্দ্ৰক হত্যা কৰিছিল। হত্যাকাণ্ডৰ কাৰণ সম্পত্তি, প্ৰেমিকৰ সৈতে ঘনিষ্ঠতা আৰু বৈবাহিক অশান্তি বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

এফ আই আৰত কোৱা হৈছে যে ৰবীন্দ্ৰতকৈ ২০ বছৰ সৰু ৰীনা। শেহতীয়াকৈ পৰিতোষ নামৰ যুৱক এজনৰ লগত ৰীনাৰ ঘনিষ্ঠতা বাঢ়ে। সেইবাবেই তেওঁৰ প্ৰেমিক আৰু ৰীনাই ৰবীন্দ্ৰক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীৰ ফিজিঅ’থেৰাপি চেণ্টাৰ আছে। কেইবছৰমান আগতে পৰিতোষ চিকিৎসাৰ বাবে সেই কেন্দ্ৰলৈ গৈছিল। তাতেই ৰীনাক লগ পাইছিল আৰু লাহে লাহে সিহঁতৰ ঘনিষ্ঠতা বাঢ়ি আহিছিল।

প্ৰাথমিক তদন্তৰ সময়তো আৰক্ষীয়ে জানিব পাৰিছে যে ৰবীন্দ্ৰই নিজৰ স্থাৱৰ সম্পত্তিৰ পৰা প্ৰতিমাহে এক লাখ টকা ভাড়া পাইছিল। অৱশ্যে চেক বাউন্সৰ গোচৰত ছমাহ কাৰাদণ্ড ভুগিবলগীয়া হৈছিল ৰবীন্দ্ৰই। পিছত বজাৰত ১৮ লাখ টকীয়া ঋণ পৰিশোধ কৰিবলৈ তেওঁৰ সৰু সম্পত্তি এটা বিক্ৰী কৰাৰ সিদ্ধান্ত লয়।

তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে এবছৰ ধৰি বিভিন্ন সমস্যাক লৈ ৰবীন্দ্ৰ আৰু তেওঁৰ পত্নী ৰীনাৰ মাজত সমস্যাৰ সৃষ্টি হৈছিল। ৰীনাই ৰবীন্দ্ৰক নিজৰ সম্পত্তি বিক্ৰী কৰিবলৈ একেবাৰেই দিয়া নাছিল। কাৰণ ৰবীন্দ্ৰই নিজৰ ঋণ পৰিশোধ কৰিবলৈ বিক্ৰী কৰিব বিচৰা সম্পত্তিৰ মূল্য এতিয়া বজাৰত এক কোটি টকা।

শেহতীয়াকৈ ৰীনা আৰু তেওঁৰ প্ৰেমিকে ৰবীন্দ্ৰৰ সকলো সম্পত্তি নিজৰ দখললৈ লোৱাৰ সিদ্ধান্ত লয়। আৰক্ষীৰ অভিযোগ যে সেইবাবেই দুয়োজনে ৰবীন্দ্ৰক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল।

তদন্তকাৰীয়ে জনোৱা মতে, পৰিকল্পনা অনুসৰি ৩১ মে’ত ৰীনাই স্বামী ৰবীন্দ্ৰক পৰিতোষৰ ঘৰলৈ ফোন কৰি মাতিছিল। পৰিতোষৰ ঘৰ উত্তৰ প্ৰদেশৰ নাগিনা অঞ্চলত। সেইদিনা পৰিতোষে তাত পাৰ্টিৰ আয়োজন কৰিছিল।

আৰক্ষীৰ অভিযোগ যে ৰীনা আৰু পৰিতোষে প্ৰথমে পাৰ্টিত ৰবীন্দ্ৰক প্ৰচুৰ পৰিমাণে মদ খাই অচেতন কৰি পেলাইছিল। পিছত চোকা অস্ত্ৰৰে ৰবীন্দ্ৰৰ বুকু আৰু ডিঙিত ছুৰীৰে আঘাত কৰি হত্যা কৰে। ইয়াৰ পিছত ৰীনা আৰু পৰিতোষে এখন এছ ইউ ভিত মৃতদেহটো লৈ প্ৰথমে উত্তৰাখণ্ডৰ ৰামনগৰলৈ যায়।

তাৰ পৰা কোটদ্বাৰলৈ গ’ল। কোটদ্বাৰৰ ডুগাড্ডাৰ সমীপত গাড়ীৰ পৰা মৃতদেহটো উলিয়াই পথৰ কাষৰ খাৱৈত পেলাই পলায়ন কৰে। কিছুদিন পিছত নয়ডাৰ সমীপত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এছ ইউ ভিখন।

আৰক্ষীয়ে জনোৱা মতে, যেতিয়া ৰবীন্দ্ৰৰ মৃতদেহ উদ্ধাৰ হয় তেতিয়া এইটো এটা দুৰ্ঘটনা যেন লাগিছিল। কিন্তু প্ৰাৰম্ভিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিল যে এয়া কোনো দুৰ্ঘটনা নহয়, বৰঞ্চ ৰবীন্দ্ৰক হত্যা কৰা হৈছে। কোটদ্বাৰ আৰক্ষী থানাত তদন্ত আৰম্ভ হয়।

তেওঁলোকে গম পালে যে ৰীনা সিন্ধু কোটদ্বাৰত থকা প্ৰায় একে সময়ৰ পৰাই ৰবীন্দ্ৰৰ এছ ইউ ভিখন পোৱা হোৱা নাছিল। পিছত একাধিক চিচিটিভি ফুটেজ পৰীক্ষা কৰি নয়ডাৰ পাৰ্কিং লটৰ পৰা উদ্ধাৰ কৰে এছ ইউ ভিখন।

প্ৰাথমিক জেৰাৰ সময়ত ৰীনাই নিজৰ গতিবিধিৰ বিষয়ে আৰক্ষীক বিপথে পৰিচালিত কৰিছিল। কিন্তু আৰক্ষীয়ে জানিব পাৰিলে যে ২৬ মে’ত হৰিদ্বাৰৰ এটা অতিথিশালাত ৰীনা আছিল।৩১ মে’ত পৰিতোষ নাগিনাৰ বন্ধুৰ ঘৰলৈ গৈছিল।

কিন্তু হত্যাকাণ্ডৰ চূড়ান্ত ক্লু ৰবীন্দ্ৰৰ ট্ৰাউজাৰৰ পকেটত পোৱা গৈছিল। সেই পকেটত হৰিদ্বাৰৰ অতিথিশালাৰ এখন স্লিপ পোৱা গৈছিল। সেই স্লিপে ৰীনা আৰু পৰিতোষক গ্ৰেপ্তাৰ কৰাত সহায় কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd