২০২৫ চনৰ ২১ জুনত কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিৰ্বাচনী স্বচ্ছতাৰ উদ্বেগক সম্বোধন নকৰি ভাৰতীয় নিৰ্বাচন আয়োগে “প্ৰমাণ মচি পেলোৱা”ৰ অভিযোগ উত্থাপন কৰিছিল।
এক্সত দিয়া এটা পোষ্টত গান্ধীয়ে দাবী কৰে যে ইচিআইয়ে নিজৰ বিষয়াসকলক ৪৫ দিনৰ পাছত নিৰ্বাচনৰ চিচিটিভি, ৱেবকাষ্টিং, আৰু ভিডিঅ’ ফুটেজ ডিলিট কৰিবলৈ নিৰ্দেশ দিছে, যিটো পূৰ্বৰ এবছৰৰ ৰিটেনচন পিৰিয়ডৰ তুলনাত কম, এই পদক্ষেপে অনিয়ম লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে।
বিশেষকৈ ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত সংঘটিত হোৱা কথিত অনিয়মৰ উদাহৰণ দি গান্ধীয়ে ভোটাৰ তালিকা, ভোটগ্ৰহণৰ তথ্য, ফুটেজৰ বাবে অব্যাহত থকা দাবীৰ পিছতে এই অভিযোগ উত্থাপন কৰা হৈছে।
ইপিনে ইচিআইয়ে উত্তৰ দিছে যে, এনে ৰেকৰ্ডিং আইনগতভাৱে বাধ্যতামূলক নহয়। ভুল তথ্যৰ বাবে ফুটেজৰ অপব্যৱহাৰৰ উদ্বেগ প্ৰকাশ কৰি আয়োগে ৩০ মে’ত ঘোষণা কৰা নীতি পৰিৱৰ্তনৰ সূচনা কৰিছে।ইয়াৰ ফলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে, গান্ধীৰ দাবীয়ে নিৰ্বাচনী হেতালি খেলাৰ বিৰোধী পক্ষৰ বিৰ্তকক বৃদ্ধি কৰিছে, আনহাতে ইচিআইয়ে নিজৰ সততাক ৰক্ষা কৰি এনে অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছে।