• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ দিনত ধোঁৱা চাঙত ৰাজ্যৰ শিক্ষা ব্যৱস্থা : দেশৰ ৩৬ টা স্থানৰ ভিতৰত শিক্ষাত অসমৰ স্থান ৩৪

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 22, 2025 6:43 pm
হিমন্ত বিশ্ব শৰ্মাৰ দিনত ধোঁৱা চাঙত ৰাজ্যৰ শিক্ষা ব্যৱস্থা : দেশৰ ৩৬ টা স্থানৰ ভিতৰত শিক্ষাত অসমৰ স্থান ৩৪
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ শিক্ষা ব্যৱস্থা বিজেপিয়ে ধ্বংস কৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন পৰিচালনা কমিটীৰ সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই৷ দেশৰ ৩৬ খন ৰাজ্যৰ ভিতৰত অসমৰ শিক্ষাৰ স্থান ৩৪ নং স্থানলৈ নামি অহাত হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰি শিক্ষকৰ পৰ্যালোচনা বৈঠকত শিক্ষকক ‘মালটো’ বুলি কোৱা মানুহ মুখ্যমন্ত্ৰী হ’লে শিক্ষা ব্যৱস্থা বিধ্বস্ত হ’বই বুলি কটাক্ষ কৰে ৰিপুণ বৰাই৷

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাস আৰু মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসৰ উপস্থিতিত ৰিপুণ বৰাই সংবাদমেল সম্বোধন কৰি অসমৰ শিক্ষা ব্যৱস্থাৰ সূচাংক তালিকাত একেবাৰে তলত স্থান পোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক দায়ী বুলি কয়৷ ১৭০ জন প্ৰবক্তাক চাকৰিৰ পৰা চাটাই কৰা, টিউটৰৰ চাকৰি নিয়মীয়াকৰণ নকৰা, স্কুল আধাতে এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ নিম্নগামী হোৱাৰ প্ৰসংগ উল্লেখ কৰি ৰিপুণ বৰাই কয় যে শিক্ষাইহে এখন দেশক আগুৱাই নিব পাৰে৷ শিক্ষাই পিছুৱাই লৈ যাব পাৰে৷ সকলোৱে শিক্ষাৰ ওপৰত নিৰ্ভৰশীল৷ আজি দহ বছৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰীৰ পৰা শুনি থাকিলো যে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৫ খন ৰাজ্যৰ ভিতৰত কৰিব৷ শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ দহ বছৰ লাগে নেকি? আমি একেই পুৰণা ৰেকৰ্ডকে শুনি আছোঁ৷ আজি অসমৰ শিক্ষা ব্যৱস্থা বিধ্বস্ত৷ বাকী উন্নয়নৰ কথাটো বাদ দিয়ক৷ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ২০২৪-২৫ বৰ্ষৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যৰ যি সূচাংক প্ৰকাশ কৰিলে তাত ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয়শাসিত ৰাজ্যৰ ভিতৰত অসমৰ স্থান একেবাৰে তলৰ পৰা দুই নম্বৰত৷ ৩৬ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ৩৪ নং স্থানত৷ পাৰ্ফমেন্সত আমি ৩৪ নং স্থানত আহিছোঁ৷ এয়া অসমৰ বাবে লজ্জাজনক কথা৷ বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল আৰু ৫ বছৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত ফেইল হৈছে৷ যদি সুদীৰ্ঘ ১০ বছৰ শাসন কৰাৰ পিছতো এনে অৱস্থা তেন্তে ৫ খন ৰাজ্য কৰাৰ প্ৰতিশ্ৰুতি ক’লৈ গ’ল? ৩৪ নম্বৰত আহি পৰিলো৷ এয়া অসমৰ বাবে লজ্জাজনক আৰু হতাশাজনক অৱস্থা৷ এনে অৱস্থাৰ বাবে দায়ী হিমন্ত বিশ্ব শৰ্মা৷ তেওঁৰ হাতত সময় নাই তথাপি আমি পৰামৰ্শ দিছোঁ৷ ২৪ ঘণ্টাই কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ পিছত লাগি থকাটো এৰক৷ গো-মাংস-গাহৰি মাংসৰ বিতৰ্ক এৰক৷ কোন দল লেতেৰা, কোন দল চাফা এইবিলাক এৰক৷ ইয়াৰ কাৰণ হৈছে শিক্ষামন্ত্ৰী এটা পুতলা মন্ত্ৰী৷ শিক্ষামন্ত্ৰীৰ কোনো অস্তিত্ব নাই৷ মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ কোনে কিমান শতাংশ নম্বৰ পালে সেয়া ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ ভাৰত চৰকাৰৰ শিক্ষা বিভাগে ১০ টা গ্ৰেড প্ৰকাশ কৰিছে৷ ১০ টা গ্ৰেডত অসম ক’তো নাই৷ শিক্ষাৰ এনে অৱস্থা কৰি বিজেপিয়ে ভৱিষ্যৎ প্ৰজন্মৰ মাজত অন্ধকাৰ অনাৰ প্ৰয়াস কৰিছে৷ সকলো ক্ষেত্ৰত অসমৰ বিধ্বস্ত অৱস্থা৷ স্কুল আধাতে এৰাৰ ক্ষেত্ৰত তথ্য দাখিল কৰি ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছিল৷ ২০২৩ চনলৈ অসমত নিম্ন প্ৰাথমিক পৰ্যায়ত স্কুল এৰাৰ হাৰ হৈছে ৬ শতাংশ৷ সৰ্বভাৰতীয় হাৰ হৈছে ১.৫ শতাংশ৷ উচ্চ প্ৰাথমিক পৰ্যায়ত স্কুল এৰাৰ হাৰ হৈছে ৮.৮ শতাংশ৷ সৰ্বভাৰতীয় হাৰ হৈছে ৩ শতাংশ৷ উচ্চতম মাধ্যমিক পৰ্যায়ত শিক্ষা এৰাৰ হাৰ হৈছে ২০.৩ শতাংশ৷ সৰ্বভাৰতীয় হাৰ হৈছে ১২.৬ শতাংশ৷ এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ইউডিআইএছইৰ৷ এই তথ্যই প্ৰমাণ কৰে যে স্কুল এৰাৰ হাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ হাৰ সকলোতকৈ বেছি৷ কেৱল ইমানেই নহয়, এইখন চৰকাৰে অন্যান্য প্ৰকাৰেও শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰিছো৷ বিগত ১০ বছৰত অসমত ৭ বাৰ প্ৰশ্নকাকত ফাদিল হৈছে৷ মেট্ৰিক, উচ্চতৰ মাধ্যমিক মিলি ১০ বছৰত ৭ বাৰ প্ৰশ্নকাকত ফাদিল হোৱাটো খুব লজ্জাজনক কথা৷ এবাৰ কাকত ফাদিল হোৱাৰ পিছত দ্বিতীয়বাৰ ফাদিল নহ’বলৈ চৰকাৰে ব্যৱস্থা ল’ব নোৱাৰিলে৷

টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নকৰাৰ প্ৰসংগ উল্লেখ কৰি ৰিপুণ বৰাই কয় যে বহু টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিলে যদিও বহু টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হোৱা নাই৷ তাৰ বাবে শিক্ষকৰ মনোবল ভাঙি গৈছে৷ শিক্ষা ব্যৱস্থা যেনেকৈ আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়া নাই৷ উচ্চতৰ মাধ্যমিক পৰ্যায়ত কম যদিও প্ৰাথমিক স্তৰত বহু স্কুল আজিও ভেন্সাৰ হৈ আছে৷ স্কুল বন্ধ হোৱাৰ প্ৰসংগ উল্লেখ কৰি ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক আক্ৰমণ কৰি কয় যে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বাবে অসমত ৭ হাজাৰ স্কুল বন্ধ হৈছে৷ বিজেপিৰ দিনত স্কুল একত্ৰিকৰণৰ নামত ৭ হাজাৰ স্কুল বন্ধ কৰা হৈছে৷ এল পি, এম ই, হাইস্কুল, উচ্চতৰ মাধ্যমিক স্কুল একত্ৰিকৰণ কৰি ৭ হাজাৰ স্কুল বন্ধ কৰা হৈছে৷ এয়া ভয়ংকৰ কণ্ডিচন৷ চৰকাৰখনে চাকৰি দিয়াৰ কথা কৈ আহিছে৷ কিন্তু চৰকাৰখনে ২০১৭ চনত নিয়ুক্তি লাভ কৰা ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকৰ ১৭০ প্ৰবক্তাক খেদিলে৷ অৰ্হতাৰ ভিত্তিত নিয়োগ দিয়া ৭০ জন আছিল ইঞ্জিনিয়াৰিং কলেজৰ আৰু ১০০ জন আছিল পলিটেকনিকৰ প্ৰবক্তা৷ কেবিনেটত আণ্ডাৰ থ্ৰী এফ ব্যৱস্থাত পাৰ্ট-টাইম হিচাপে নিযুক্তি দিয়া হৈছিল৷ আনহাতে চৰকাৰৰ নিয়ম আছে যে যদি কোনোবাক আণ্ডাৰ থ্ৰী এফত নিযুক্তি দিয়া হয় তেন্তে ছমাহৰ ভিতৰত এপিএছচিত নিযুক্তি পৰীক্ষা পাতি চাকৰি নিয়মীয়াকৰণ কৰিব লাগে৷ থ্ৰী এফত এই কাৰণে নিযুক্তি দিয়া হয় যাতে অসম লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰোঁতে সময় লাগে৷ যাতে ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হ’ব নালাগে৷ চৰকাৰৰ ১৭০ জন প্ৰবক্তাৰ বাবে এপিএছচিত পৰীক্ষা পাতি নিয়ুক্তি দিয়াৰ দায়িত্ব আছিল৷ তেওঁলোকে ৮ বছৰ চাকৰি কৰিছে৷ চাকৰি নিয়মীয়াকৰণৰ দাবীত তেওঁলোকে আন্দোলন কৰিলে৷ কিন্তু চৰকাৰে একোকে নুশুনিলে৷  চৰকাৰে সেইটো নকৰিলে৷ তেনে কৰিবলৈ সময় নাপালে৷ কিয়নো কংগ্ৰেছৰ পিছত লাগি আছে৷ গৌৰৱ গগৈৰ ভূত দেখি থাকে৷ কংস কাহিনী বুলি দোহাৰি গৌৰৱ গগৈ অহাৰ পিছতে তেওঁৰ যে গাদী যাব সেই কথা গম পাইছে৷ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’ব সেই কথা জানি ছাঁটোকে বাঘ দেখাৰ দৰে হৈছে৷ ১৭০ জন প্ৰবক্তাক চাকৰিৰ পৰা চাটাই কৰা ঘটনাক কংগ্ৰেছে গৰিহণা দি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে৷ হাইস্কুল-উচ্চতৰ মাধ্যমিকৰ টিউটৰসকলৰ প্ৰসংগ উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ  প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কয় যে চৰকাৰে ৩ হাজাৰ টিউটৰ ৰাখিছে ফিক্সড পে’ত৷ একেখন স্কুলত এজন শিক্ষকে পাব ফুল পে’ আৰু এজন পাব ফিক্সড পে’৷ এয়া বৈষম্য৷ যাৰ বাবে শিক্ষকসকলে হীনমন্যতাত ভুগিছে৷ মনোবল ভাঙি গৈছে৷ পাঠদান কৰিব পৰা নাই৷ একেই পাঠদান কৰি এজন শিক্ষাকে হাজাৰ টকা দৰমহা পাইছে, এজন শিক্ষকে কেইহাজাৰমান দৰমহা পাইছে৷ স্কুলৰ ৰান্ধনিক ন্যূনতম দৰমহা দিয়ে৷ ঠিকা ভিত্তিত ৰাখি চাকৰি নিয়মীয়া নকৰাকৈ ৰাখিছে৷ দুপৰীয়াৰ আহাৰ নিয়মীয়া নহয়৷ আজি এনেদৰেই এইখন চৰকাৰে শিক্ষা ব্যৱস্থা বিধ্বস্ত কৰিছে৷

শিক্ষা ব্যৱস্থা কিয় বিধ্বস্ত হৈছে তাৰ উদাহৰণ দি ৰিপুণ বৰাই কয় যে এইগৰাকী হিমন্ত বিশ্ব শৰ্মা যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া শিক্ষকৰ পৰ্যালোচনা বৈঠকত কৈছিল যে ‘মালটো’ আপুনি কেইটা বজাৰ পৰা আৰম্ভ কৰে৷ এজন শিক্ষামন্ত্ৰীয়ে সৰু সৰু ল’ৰা-ছোৱালীক কি বাৰ্তা দিছে? এজন শিক্ষামন্ত্ৰীৰ মুখত অসভ্য, ঘৃণনীয় শব্দ৷ তেনে নেতাৰ নেতৃত্বত শিক্ষা ব্যৱস্থা বিধ্বস্ত নহ’ব কিয়৷ এইজন লোকেই মুখ্যমন্ত্ৰীয়ে হিন্দুৰ মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাৰ পিছত সিহঁতৰ ঠাইত আমি গাহৰি মাংস পেলাব লাগে, তেতিয়া বৰাবৰ হৈ যাব৷ —ভাষা শুনক অসমৰ মুখ্যমন্ত্ৰীৰ৷ ৰক্ষকে ভক্ষক হৈছে৷ যাৰ হাতত আইন আছে, সংবিধানৰ শপত লৈছে৷ সংবিধানত উল্লেখ আছে কোনো জাতি, ধৰ্ম, বৰ্ণৰ বিৰুদ্ধে তেনেকৈ ক’ব নোৱাৰে৷ আমি কোনোবাই ক’লে জে’ললৈ যাবলগীয়া হ’লহেঁতেন৷

Tags: assamgovt school of assamHIMANTA BISWA SARMARonuj pegu
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd