অন্ধ্ৰ প্ৰদেশৰ এজন যুৱকক বিয়াৰ এমাহৰ পাছত ৰহস্যজনকভাৱে হত্যাৰ বলি হৈছে। বেছ কিছুদিন ধৰি সন্ধানহীন হৈ আছিল। এটা খাৱৈৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মৃতকৰ পত্নী আৰু তেওঁৰ মাতৃক গ্ৰেপ্তাৰ কৰিছে।
ইন্দোৰৰ ৰাজা ৰঘুবংশীক হানিমুনত থকা অৱস্থাত হত্যা কৰা। পত্নী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সেই ঘটনাৰ স্মৃতি মাৰ নাযাওতেই আন এক ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পেছাত ব্যক্তিগত ভূমি জৰীপকাৰী তেজেশ্বৰ (৩২)ৰ সৈতে যোৱা ১৮ মে’ত বিবাহপাশত আবদ্ধ হয় ঈশ্বৰ্যাৰ। এমাহৰ পাছত ১৭ জুনত তেওঁ সন্ধানহীন হয়। তেতিয়াৰ পৰাই অভিযান চলি আছিল। অৱশেষত স্থানীয় এটা খাৱৈত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।
তেজেশ্বৰৰ পৰিয়ালৰ অভিযোগ যে ঈশ্বৰ্যাৰ এজন বেংক কৰ্মচাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। তাৰপিছতো একেসময়তে তেজেশ্বৰৰ সৈতে প্ৰেমত চলাই গৈছিল। ইয়াৰ মাজতে ফেব্ৰুৱাৰী মাহত বিয়াখন হ’ব লগা আছিল যদিও হঠাতে ঈশ্বৰ্যা নোহোৱা হৈ পৰে। পিছত ঘূৰি আহি তেজেশ্বৰক বিয়া কৰাবলৈ মান্তি হয়।
যুৱকজনৰ পৰিয়ালৰ দাবী, তেওঁলোকৰ আপত্তি থকাৰ পিছতো তেজেশ্বৰে জোৰ কৰি ঈশ্বৰ্যাক বিয়া কৰাইছিল। তেওঁলোকৰ অভিযোগ যে ঈশ্বৰ্যা আৰু তেওঁৰ মাতৃয়ে তেওঁলোকৰ পুত্ৰক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।
এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘অভিযোগৰ তদন্ত চলি আছে। তেজেশ্বৰক হত্যাৰ কাৰণৰ তদন্ত কৰা হ’ব। এতিয়াই নিশ্চিতভাৱে একো কোৱা সম্ভৱ নহয়।’
উল্লেখ্য যে ইন্দোৰ দম্পতীৰ বিবাহ ১১ মে’ত হৈছিল। নৱবিবাহিত ৰাজা ৰঘুবংশী আৰু সোণম ৰঘুবংশী হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল। ২৩ মে’ত হোমষ্টেৰ পৰা চেক আউট কৰাৰ পিছৰে পৰা দুয়োজনেই সন্ধানহীন হৈ আছিল। পিছত ২ জুনত পাহাৰৰ খাৱৈৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
উত্তৰ প্ৰদেশৰ গাজীপুৰত দীৰ্ঘদিন আত্মগোপন কৰি থকাৰ পিছত ৮ জুনত সোণমে থানাত আত্মসমৰ্পণ কৰে। প্ৰসংগক্ৰমে ঠিক সেইদিনা (৮ জুন) শেষবাৰৰ বাবে হোৱাটছএপত ৰাজ কুশৱাহাৰ নম্বৰ সক্ৰিয় হৈ থকা দেখা গৈছিল।
আৰক্ষীৰ সূত্ৰই পূৰ্বে প্ৰকাশ কৰিছিল যে সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহা এই হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী। বিয়াৰ আগতে দুয়োৰে সম্পৰ্ক আছিল। বিশাল চৌহান, আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মী – এই তিনিজনক ৰাজাক হত্যা কৰিবলৈ নিযুক্ত কৰা হৈছিল।