ফল-মূল খোৱাৰ পিছত পানী খাব নালাগে। সৰুৰে পৰাই নিশ্চয় এই কথা আামি শুনি অহিছো। যিকোনো খাদ্য খোৱাৰ পিছত অলপ পানী খালে পেট ভৰি পৰে। ভাত খোৱাৰ সময়তো বহুতে পানী খায়। কিন্তু ভাত খাই পানী খোৱাত কৈ ফল-মূল খোৱাৰ পিছত পানী খোৱাটো অধিক ক্ষতিকাৰক। কিছুমান ফল খোৱাৰ পিছত পানী খোৱাটো একেবাৰেই উচিত নহয়। জান অহক ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ।
ফল-মূল খোৱাৰ পিছত পানী খালে কি হ’ব?
ফল-মূল শৰীৰৰ বাবে ভাল, কিন্তু হজম কৰাটো কঠিন। ফল হজম হ’বলৈ বহু সময় লাগে। সেই সময়ত পেটৰ পৰা বহু প্ৰকাৰৰ এনজাইম আৰু এচিড নিৰ্গত হয়। ইয়াৰ মাজতে পানী খালে পানী এচিডৰ লগত মিহলি হৈ হজম প্ৰক্ৰিয়া দুৰ্বল হৈ পৰিব। ইয়াৰ ফলত পেটত অধিক কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হ’ব, যাৰ ফলত গেছৰ সমস্যা বৃদ্ধি পাব।
যদি ফলৰ হজম নোহোৱা অংশ খাদ্যনলীত ৰৈ যায় তেন্তে ইয়াৰ ফলত সংক্ৰমণ হ’ব পাৰে। তাৰ পিছত পেটৰ তীব্ৰ বিষ হ’ব পাৰে। হৃদৰোগো হ’ব পাৰে। পকা অমিতা, তিঁয়হ, তৰমুজ, কমলা, মাটিকঠাল, আম আদি ফল খোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাটো জৰুৰী।
খাদ্য হজমৰ হ’বৰ বাবে শৰীৰত এটা নিৰ্দিষ্ট পি এইচ লেভেলৰ প্ৰয়োজন। পানী সমৃদ্ধ খাদ্যৰ লগত পানী সেৱন কৰিলে পি এইচ লেভেল কমি যায়। ফলত হজম শক্তিত বাধাৰ সৃষ্টি কৰে। আঁহ আৰু পানীৰ উপস্থিতিৰ বাবে পকা অমিতাৰ দৰে ফল খালী পেটত খাবলৈ দিয়া নহয়।
ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত অলপ ভোক লাগে , এই সময়ত ফল-মূলো খাব পাৰে। অৱশ্যে সেই সময়ত ফল-মূল খোৱাৰ পিছত পানী খাবলৈ নাপাহৰিব। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়াত সহায়ক হোৱা এনজাইমবোৰ ধ্বংস হ’ব পাৰে।
ৰাতি শুৱাৰ আগতে ফল-মূল খাব নালাগে। এই সময়ত ফলত থকা এচিডৰ বাবে পেটৰ অস্বস্তি বাঢ়ি যোৱাৰ আশংকা থাকে। ফলত টোপনি নোহোৱাৰ সমস্যা হোৱাৰ আশংকা থাকে। আৰু ৰাতি ফল-মূল খোৱাৰ পিছত পানী খালে কঠিন হৈ পৰিব। ইয়াৰ ফলত এচিডৰ মাত্ৰা দুগুণ হ’ব। ফলত ৰাতি শুই থকা অৱস্থাত ডিঙি আৰু বুকুত জ্বলা-পোৰাৰ সমস্যা বাঢ়িব পাৰে।