বিশ্বজুৰি বৃদ্ধি পোৱা অনিশ্চয়তা আৰু ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰভাৱত শক্তি সুৰক্ষা বৰ্তমানৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ কেন্দ্ৰবিন্দু হৈ উঠাৰ সময়তে কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছে অসমৰ উত্তৰ-পূৰ্বাঞ্চলস্থিত হাজাৰিগাঁও তেল ক্ষেত্ৰৰ জৰিয়তে ভাৰতৰ নিৰ্ভৰযোগ্য আৰু দেশীয় শক্তিৰ চাহিদা পূৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ভাৰতত তেল আৰু গেছ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে আগবঢ়া এই কোম্পানীটোৱে দেশৰ নিজস্ব শক্তি সম্পদৰ সম্ভাৱনাক অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰি অধিক শক্তিশালী, স্থিতিশীল আৰু আত্মনিৰ্ভৰ শক্তি ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে।
উল্লেখ্য যে, এই মাহত কোম্পানীটোৱে এক উল্লেখযোগ্য মাইলৰ খুঁটি অতিক্ৰম কৰে। হাজাৰিগাঁও সম্পদক্ষেত্ৰত সম্প্ৰসাৰিত কূপ পৰীক্ষণ (EWT) চলি থকা সময়ছোৱাত কেইৰ্ণৰ দৈনিক সৰ্বাধিক ১,৭৮,৩৬১ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ (SCM) গেছ উৎপাদন বৰ্তমান সময়ৰ বাবে এক নতুন ইতিহাস। উক্ত উল্লেখযোগ্য সাফল্যই উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি সম্ভাৱনাৰ এক উজ্জ্বল প্ৰতিচ্ছবি দাঙি ধৰি দেশীয় শক্তি উৎপাদন বৃদ্ধিত হাজাৰিগাঁও ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু সুদৃঢ় সক্ষমতাক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। ২০২৬ বিত্তীয় বৰ্ষত (EWT) এই ক্ষেত্ৰখনে গড়ে প্ৰতিদিনে প্ৰায় ১,০২,০০০ SCM গেছ উৎপাদন বজাই ৰাখি স্থিৰ আৰু ধাৰাবাহিক উৎপাদন ক্ষমতাৰ পৰিচয় দিছে। আনুমানিক ২০ মিলিয়ন BOE অথবা ১১.৭৬ BCF (Billion Cubic Feet) গেছ উদ্ধাৰৰ সম্ভাৱনাৰে এই ক্ষেত্ৰই ভাৰতৰ দেশীয় শক্তি ভাণ্ডাৰক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে।
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা হাইড্ৰ’কাৰ্বন ভিজন ২০৩০-এ অঞ্চলটোৰ অপাৰ শক্তি সম্ভাৱনাক বাস্তৱায়িত কৰাৰ লগতে আঞ্চলিক উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত কোম্পানীটোৰ পদক্ষেপসমূহক অব্যাহতভাৱে দিশ নিৰ্দেশনা দি আহিছে। Discovered Small Fields (DSF) ব্লকৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশমান শক্তি পৰিসৰত এক বিশ্বাসযোগ্য আৰু গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে নিজৰ উপস্থিতি সুদৃঢ় কৰাৰ সফল হৈছে কেইৰ্ণ।বিশেষকৈ, অসম গেছ কোম্পানী লিমিটেড (AGCL)-ৰ সৈতে সুদৃঢ় সহযোগিতাৰ ভিত্তিত উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে গেছ ব্যৱহাৰৰ সূচনা কৰি কোম্পানীটোৱে গেছ-ভিত্তিক এক নতুন শক্তি পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত পথ প্ৰশস্ত কৰিছে।
ক্ষেত্ৰখনৰ পৰা উৎপাদিত গেছে ইতিমধ্যে বিভিন্ন খণ্ডত ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিছে। ২০২৩ চনৰ পৰা AGCL-ৰ জৰিয়তে চাহ বাগিচাসমূহলৈ গেছ যোগান ধৰি কয়লাভিত্তিক ব্যৱস্থাৰ পৰা অধিক পৰিষ্কাৰ, দক্ষ আৰু পৰিৱেশ-অনুকূল ইন্ধনৰ ব্যৱহাৰ কৰালৈ সকলো দিশতে এক তাৎপৰ্যপূৰ্ণ ৰূপান্তৰ আনিবলৈ সহায় কৰা হৈছে। একে সময়তে, গুৱাহাটীত চলি থকা ১০০খন CNG বাছ পৰিচালনাত এই গেছৰ ব্যৱহাৰে ৰাজ্যখনৰ পৰিষ্কাৰ, বহনক্ষম আৰু আধুনিক যাতায়াত ব্যৱস্থাক অধিক গতি আৰু শক্তি প্ৰদান কৰিছে। EWT চলি থকা সময়ছোৱাত কেইৰ্ণে AGCL-ৰ জৰিয়তে নুমলীগড় শোধনাগাৰ লিমিটেড (NRL)-লৈ গেছ যোগান অব্যাহত ৰাখি বিদ্যুৎ উৎপাদন আৰু ঔদ্যোগিক শক্তি ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিছে।দায়িত্বশীল আৰু বহনক্ষম শক্তি উৎপাদনৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰে কেইৰ্ণে Zero Routine Gas Flaring নিশ্চিত কৰাৰ লগতে সম্পদৰ সঠিক আৰু দক্ষ ব্যৱহাৰ অব্যাহত ৰাখিছে। চাহ বাগিচাসমূহলৈ পৰিষ্কাৰ ইন্ধনৰ যোগান, পৰিৱেশ-অনুকূল পৰিবহণ ব্যৱস্থাক গতি প্ৰদান আৰু উদ্যোগসমূহৰ শক্তি চাহিদা পূৰণৰ জৰিয়তে অসমৰ উন্নয়নৰ যাত্ৰাত কোম্পানীটোৱে এক ইতিবাচক আৰু ধাৰাবাহিক ভূমিকা পালন কৰি আহিছে। Protect, Preserve, Produce — এই মূল দৰ্শনক সৰোগত কৰি কেইৰ্ণে দায়িত্বশীলভাৱে শক্তি উৎপাদন অব্যাহত ৰাখি এক অন্তৰ্ভুক্তিমূলক, বহনক্ষম আৰু অধিক সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ দিশত দৃঢ়তাৰে আগবাঢ়ি গৈছে।





