কিয় উৰণৰ কেইছেকেণ্ডমানৰ ভিতৰতে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এয়াৰ ইণ্ডিয়াৰ নিৰ্ভৰযোগ্য বাহনখন? ১২ জুনত সংঘটিত হোৱা ভয়ানক দুৰ্ঘটনাৰ পিছৰে পৰা এই প্ৰশ্নটো বাৰে বাৰে উত্থাপন হৈ আহিছে।
এই সন্দৰ্ভত বিভিন্ন বিশেষজ্ঞই বিভিন্ন মতামত প্ৰকাশ কৰিছে। এইবাৰ এই দুৰ্ঘটনাৰ তদন্তত তদন্তকাৰীয়ে ডাঙৰ ‘তথ্য’ পাব পাৰে। চৰকাৰে জনোৱা মতে, ফ্লাইট এ আই ১৭১ৰ দুয়োটা ব্লেক বক্সৰ তথ্য সফলতাৰে ডাউনলোড কৰা হৈছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ দুই তিনিদিনৰ ভিতৰতে বিমানখনৰ দুয়োটা ব্লেক বক্স উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এটা বাকচত চিভিআৰ থাকে, য’ৰ পৰা ককপিটৰ কথা-বতৰা ৰেকৰ্ড কৰা হয়।
আনটো বক্সত এফ ডি আৰ আছে, য’ত বিমানখনৰ উচ্চতা, গতি, উৰণ নিয়ন্ত্ৰণ, ইঞ্জিন আদিৰ লগত জড়িত তথ্য লিপিবদ্ধ হয়। সেয়ে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ সকলোৱে এতিয়া ব্লেক বক্সত লিপিবদ্ধ তথ্যৰ বাবে অপেক্ষা কৰি আছে।
প্ৰথম অৱস্থাত শুনা গৈছিল যে এই দুৰ্ঘটনাত ব্লেক বক্সো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। ফলত ইয়াৰ পৰা আচলতে কোনো তথ্য লাভ হ’ব নে নাই তাত সন্দেহৰ সৃষ্টি হৈছিল। শুনা গৈছিল যে তথ্য আহৰণ কৰিবলৈ ব্লেক বক্স আমেৰিকালৈ পঠিয়াব পাৰে। কিন্তু শেষত ইয়াৰ প্ৰয়োজন নহ’ল।
সূত্ৰ অনুসৰি এই বক্সসমূহ দিল্লীৰ এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৰ লেবলৈ প্ৰেৰণ কৰা হৈছিল। মঙলবাৰে দুপৰীয়া ২ বজাত এএআইবিৰ লেবত উপস্থিত হৈছিল প্ৰথমটো ব্লেক বক্স। সেইদিনা সন্ধিয়া ৫:১৫ বজাত দ্বিতীয়টোও আহি পায়। সেইদিনাৰ পৰাই আৰম্ভ হৈছিল তথ্য সংগ্ৰহৰ কাম। কোৱা হৈছে যে বুধবাৰে কাম সম্পূৰ্ণ হৈছে।
কি তথ্য পোৱা গৈছে? সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। আচলতে তথ্যসমূহ এতিয়াও বিশ্লেষণ কৰা হোৱা নাই। সকলো বিশ্লেষণৰ অন্ততহে তদন্তকাৰীয়ে সেয়া জনাব বুলি আশা কৰা হৈছে।