বিগত ২০ মাহতকৈ অধিক সময় ধৰি ইজৰাইলে পেলেষ্টাইনৰ ভূখণ্ডকে ধৰি মধ্যপ্ৰাচ্যৰ চাৰিখন দেশত প্ৰায় ৩৫ হাজাৰ আক্ৰমণ চলাই আহিছে। ইয়াৰে আটাইতকৈ বেছি আক্ৰমণ হৈছে পেলেষ্টাইনৰ ওপৰত। ইজৰাইলৰ আক্ৰমণৰ বলি হোৱা চাৰিখন দেশ হ’ল ইৰাণ, ছিৰিয়া, লেবানন আৰু য়েমেন।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলাভজনক সংস্থা আৰ্মড কনফ্লিক্ট লকেচন এণ্ড ইভেণ্ট ডাটা প্ৰজেক্ট (ACLED)-এ এই তথ্য দাঙি ধৰিছে। ইজৰাইলে ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা পেলেষ্টাইনৰ গাজাক আক্ৰমণ কৰি আহিছে। তাৰ পিছত ইজৰাইলে ২৩ জুনত ইৰাণৰ সৈতে যুদ্ধবিৰতিত লিপ্ত হয়। ইয়াৰ মাজৰ ২০ মাহতকৈও অধিক সময়ত মধ্যপ্ৰাচ্যৰ বিভিন্ন অঞ্চলত ইজৰাইৰ আক্ৰমণৰ তথ্য বিশ্লেষণ কৰিছে এচিএলইডি-য়ে।
এচিএলইডিৰ নথিভুক্ত তথ্য অনুসৰি ইজৰাইলে পেলেষ্টাইনৰ ভূখণ্ডক লক্ষ্য কৰি সৰ্বাধিক আক্ৰমণ সংঘটিত কৰিছে, কমেও ১৮,২৩৫টা। লেবাননত ১৫,৫২০টা আক্ৰমণ সংঘটিত কৰিছে দেশখনে। ইয়াৰ পিছত ইজৰাইলী বাহিনীয়ে ক্ৰমে ছিৰিয়াত ৬১৬টা, ইৰাণত ৫৮টা আৰু য়েমেনত ৩৯টা আক্ৰমণ সংঘটিত কৰে।
মধ্যপ্ৰাচ্যত এই আক্ৰমণৰ ভিতৰত যুদ্ধবিমান আৰু ড্ৰ’নৰ ব্যৱহাৰ, গোলাবৰ্ষণ, ক্ষেপণাস্ত্ৰ নিক্ষেপ, দূৰ নিয়ন্ত্ৰিত বোমা বিস্ফোৰণ আৰু পদ্ধতিগতভাৱে সম্পত্তি ধ্বংস কৰা আদি অন্যতম।
ইজৰাইলে ৬২৮ দিনতকৈও অধিক সময় ধৰি গাজাত এক বিধ্বংসী অভিযান চলাই আহিছে। এই ভূখণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি তাত এতিয়ালৈকে ৫৬ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ইজৰাইলে গাজা আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা বহু কৌশল বৰ্তমান অধিকৃত পশ্চিম পাৰৰ ভূমি দখল আৰু নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি বিগত ২০ মাহত পশ্চিম তীৰত প্ৰায় ১০০০ পেলেষ্টাইনী নিহত হৈছে।
গাজা সংকটৰ মাজতে ইজৰাইল আৰু লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ মাজত প্ৰায় ১৪ মাহ ধৰি যুঁজ হৈ আহিছে। ২০২৪ চনৰ ২৭ নৱেম্বৰত দুয়োপক্ষই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। দুয়োখন দেশৰ সীমান্তত সংঘটিত হৈছিল এই সংঘাত। হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।
ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ পতনৰ দুদিন পিছত ২০২৪ চনৰ ১০ ডিচেম্বৰত ইজৰাইলে ছিৰিয়াত ব্যাপক আক্ৰমণ চলায়। ইজৰাইলে ছিৰিয়াৰ মূল বিমানবন্দৰ, বিমান প্ৰতিৰক্ষা ব্যৱস্থা, যুদ্ধ বিমান আৰু অন্যান্য কৌশলগত স্থাপনসমূহ আক্ৰমণ কৰি ধ্বংস কৰে। এচিএলইডিৰ তথ্য অনুসৰি বিগত ছমাহত ইজৰাইলী বাহিনীয়ে সমগ্ৰ ছিৰিয়াত ২০০ৰো অধিক আক্ৰমণ সংঘটিত কৰিছে।
ইজৰাইলে য়েমেনৰ সশস্ত্ৰ সংগঠন হাউথীৰ নিয়ন্ত্ৰিত বিভিন্ন আন্তঃগাঁথনিৰ ওপৰতো আক্ৰমণ চলাইছে। যোৱা বছৰৰ শেষৰ ফালে এই আক্ৰমণ তীব্ৰতৰ হৈ পৰিছিল। ২০২৫ চনতো আক্ৰমণ সংঘটিত হৈছে।
ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণৰ শেহতীয়া সংযোজন হৈছে ইৰাণ। ১৩ জুনত দুয়োখন দেশে একেৰাহে ১২ দিন ধৰি আক্ৰমণ-প্ৰত্যাক্ৰমণ চলায়। তাৰ পিছত ২৩ জুনত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।