যাত্ৰীৰ সুবিধাৰ্থে ভাৰতীয় ৰে’লৱেই যাত্ৰাৰ পূৰ্বে টিকট নিশ্চিতকৰণৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। বৰ্তমান যাত্ৰাৰ ৪ ঘণ্টা পূৰ্বে সংৰক্ষিত ডবাৰ টিকটৰ তালিকা প্ৰস্তুত কৰা হয়, কিন্তু ইয়াৰ বাবে বহু যাত্ৰীয়ে শেষ মুহূৰ্তলৈকে নিজৰ টিকট নিশ্চিত হ’ল নে নাই, সেই লৈ অনিশ্চয়তাত ভোগে।
এই সমস্যাৰ সমাধানৰ বাবে ৰে’লৱে নতুন ব্যৱস্থা ৰূপায়ণ কৰিছে। এই ব্যৱস্থাৰ অধীনত ৰে’লযাত্ৰাৰ ২৪ ঘণ্টা পূৰ্বে টকটৰ তালিকা প্ৰস্তুত কৰা হ’ব। এই নতুন ব্যৱস্থাৰ পৰীক্ষা ৰাজস্থানৰ বিকানেৰ সংমণ্ডলত পৰীক্ষামূলক ভাবে আৰম্ভ কৰা হৈছে। এই পৰীক্ষা সফল হ’লে সমগ্ৰ দেশজুৰি এই ব্যৱস্থা পৰ্যায়ক্ৰমে প্ৰয়োগ কৰা হ’ব।
এই নতুন ব্যৱস্থা অনুসৰি, দুপৰীয়া ২ বজাৰ ভিতৰত যাত্ৰা কৰা ৰে’লসমূহৰ টিকট চাৰ্ট পূৰ্বৰ দিনটোৰ নিশা ৯ বজাৰ ভিতৰত সাজু হ’ব। আন ৰে’লসমূহৰ ক্ষেত্ৰত যাত্ৰাৰ ৮ ঘণ্টা আগতেই চাৰ্ট প্ৰস্তুত কৰা হ’ব।
সেই উদ্দেশ্যে যাত্ৰী সংৰক্ষণ ব্যৱস্থা (PRS) আধুনিকীকৰণ কৰা হৈছে। ফলস্বৰূপে, এতিয়া প্ৰতি মিনিটত ১ লাখ ৫০ হাজাৰ লোকে টিকট ক্ৰয় কৰিব পাৰিছে, যি পূৰ্বতকৈ পাঁচগুণ বেছি। লগতে, প্ৰতি মিনিটত ৪০ লাখ লোকে টিকট সম্পৰ্কীয় সোধা-পোছা কৰিব পৰা ক্ষমতা লাভ কৰিছে, যিটো পূৰ্বতকৈ ১০ গুণ বৃদ্ধি পাইছে।





