এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব পাৰে এগৰাকী মহিলা নেত্ৰী? নিৰ্মলা সীতাৰমনক লৈ ব্যাপক চৰ্চা চলিছে। ‘ইণ্ডিয়া টুডে’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জগত প্ৰকাশ নাড্ডাৰ পিছত বিজেপিৰ শীৰ্ষ নেতাসকলে এগৰাকী মহিলা নেত্ৰীক দলৰ দায়িত্ব দিবলৈ বিচাৰিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে তিনিগৰাকীৰ নাম চৰ্চালৈ আহিছে। তেওঁলোক হ’ল নিৰ্মলা সীতাৰমণ, ডি পুৰন্দেশ্বৰী আৰু বানাথি শ্ৰীনিবাসন। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘইও দলৰ দায়িত্ব এগৰাকী মহিলা নেত্ৰীক গতাই দিয়াৰ ক্ষেত্ৰত ইতিবাচক মনোভাৱ দেখুৱাইছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
দলটোৰ এটা অংশই দাবী কৰিছে যে জে পি নাড্ডাৰ পাছত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি হোৱাৰ দৌৰত নিৰ্মলাৰ যথেষ্ট সম্ভাৱনা আছে। সূত্ৰ অনুসৰি শেহতীয়াকৈ তেওঁ বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত দলৰ নেতা বি এল সন্তোষ আৰু জে পি নাড্ডাৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছিল। নিৰ্মলা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ দীৰ্ঘদিনীয়া সদস্য। দলৰ দীৰ্ঘদিনীয়া সৈনিক। সেয়ে দলৰ দায়িত্ব নিৰ্মলাৰ কান্ধত পৰিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হয়।
ইপিনে, অন্ধ্ৰ প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি ডি পুৰন্দেশ্বৰীৰ নামো ৰাষ্ট্ৰীয় সভাপতি হিচাপে চৰ্চালৈ আহিছে। তেওঁ বহুভাষী। ‘অপাৰেচন সিন্দুৰ’ৰ পৰিপ্ৰেক্ষিতত পাক সন্ত্ৰাসবাদৰ প্ৰকৃত মুখখন বিশ্বৰ আগত দাঙি ধৰিবলৈ ভাৰতৰ পৰা বিদেশলৈ যোৱা প্ৰতিনিধি দলৰ অংশও আছিল ডি পুৰন্দেশ্বৰী।
আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে বানাথী শ্ৰীনিবাসনৰ নামো বিবেচনা কৰা বুলি গেৰুৱা শিবিৰত চৰ্চা হৈছে। তামিলনাডুৰ এইগৰাকী অধিবক্তাই ১৯৯৩ চনত বিজেপিত যোগদান কৰিছিল। তেওঁ দলৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত দায়িত্ব চম্ভালিছে। ২০২০ চনত বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ লগতে ২০২২ চনত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যও হয়।
সূত্ৰ অনুসৰি, আৰ এছ এছে দলৰ শীৰ্ষ পদত এগৰাকী মহিলা মুখ নিৰ্বাচন কৰিবলৈ সন্মতি প্ৰদান কৰিছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানাৰ দৰে বিভিন্ন নিৰ্বাচনত বিজেপিৰ বিজয়ৰ আঁৰত মহিলা ভোটাৰে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। মন কৰিবলগীয়া যে বিজেপিৰ নিয়ন্ত্ৰণ আগতে কেতিয়াও কোনো মহিলা নেত্ৰীক গতাই দিয়া হোৱা নাছিল। যদি কোনো মহিলাই এই পদটো গ্ৰহণ কৰে তেন্তে ইতিহাস ৰচিত হ’ব।
প্ৰসংগক্ৰমে ২০২৩ চনৰ জানুৱাৰী মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে জে পি নাড্ডাৰ কাৰ্যকাল শেষ হয়। কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি দলটোৱে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। কিন্তু এইবাৰ কোন হ’ব নাড্ডাৰ উত্তৰাধিকাৰী? তাক লৈয়ে এতিয়া জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।