• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2025 7:44 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰম্ভণিটো কৰিছিল আকাশ দীপে। শেষ কৰিলে মহম্মদ ছিৰাজে। মাজতে হেৰী ব্ৰুক আৰু জেমী স্মিথে ৩০৩ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। এটা সময়ত এনে লাগিছিল যে ইংলেণ্ডে হয়তো ভাৰতৰ ৰান সংখ্যা অতিক্ৰম কৰিব। কিন্তু যেতিয়া আকাশ দীপৰ ডেলিভাৰীয়ে হেৰী ব্ৰুক’ৰ উইকেট ভাঙি পেলালে, তেতিয়া পুনৰ নিয়ন্ত্ৰণ ভাৰতৰ হাতলৈ আহিল।

শেষ সময়ত উজলি উছিল ছিৰাজ। তেওঁ ৬ টা উইকেট দখল কৰে। অৱশেষত ইংলেণ্ডৰ ইনিংছ ৪০৭ ৰানতে স্তব্ধ হৈ পৰে। তৃতীয় দিনটোৰ শেষত ভাৰতে ১ উইকেটত ৬৪ ৰান সংগ্ৰহ কৰে।যশস্বী জয়ছৱাল ২৮ ৰানত আউট হয়। ২৪৪ ৰানত আগবাঢ়ি আছে ভাৰত।

Apply Now

তৃতীয় দিনটোত টিম ইণ্ডিয়াই ভাল আৰম্ভণি কৰিছিল যদিও সুবিধা ল’ব নোৱাৰিলে। ভাৰতৰ ৫৮৭ ৰানৰ প্ৰত্যুত্তৰত দ্বিতীয় দিনৰ শেষত ইংলেণ্ডে ৩ উইকেটত ৭৭ ৰান কৰে। শুকুৰবাৰে পুৱাই মহম্মদ ছিৰাজে ইংলেণ্ডক আঘাত হানে। ২২ নং অভাৰত তেওঁ জো ৰুট (২২) আৰু বেন ষ্ট’কছ (০)ক আউট কৰে।

কিন্তু তাৰপিছতে মেচখনৰ গতি সলনি হৈ গ’ল। এটা সময়ত ইংলেণ্ডে ৮৪ ৰানত ৫টা উইকেট হেৰুৱাইছিল। তাৰ পৰাই স্মিথ আৰু ব্ৰুকে ৩০৩ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। বাজবলৰ ছন্দৰে দুয়োজনে ভাৰতীয় বলাৰৰ ওপৰত তাণ্ডৱ চলালে। বুমৰাহৰ অভাৱ মিডল অভাৰত স্পষ্ট হৈ পৰিছিল। পিটছ একেবাৰে নিৰ্জীৱ আছিল। বলটো পুৰণি হ’লেও পিটছৰ পৰা কোনো সহায় নাছিল।

কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ আছিল স্মিথৰ প্ৰত্যাক্ৰমণৰ পৰিকল্পনা। টি-২০ৰ দৰে খেলি ৮০টা বলতে শতক অৰ্জন কৰে। ইংলেণ্ডে কাউণ্টাৰ আক্ৰমণ কৰাৰ সময়ত ভাৰতীয় বলাৰৰ পুৰণি বেমাৰটো বাৰে বাৰে ওলাই পৰিছিল। অধিনায়ক শুভমন গীলে পুনৰ ৰক্ষণাত্মক ফিল্ডিং সজাই বিপদ বৃদ্ধি কৰে।

প্ৰসিদ্ধ কৃষ্ণ, নীতিশ কুমাৰ ৰেড্ডী বা ৰবীন্দ্ৰ জাদেজাই যিটো কৰিব নোৱাৰিলে, সেয়া পুনৰ কৰিলে আকাশ দীপে। তেওঁ নতুন বলত যি ইনছুইংটো এৰিছিল সেয়া হেৰী ব্ৰুকে (১৫৮) অলপ দেৰিকৈ বুজি পালে। ইতিমধ্যে বলটোৱে উইকেট ভাঙি পেলাইছিল। তাতেই  ইংলেণ্ডৰ প্ৰতিৰোধ ক্ষমতা যেন ভাঙি পৰিল। সকলো সমালোচনাৰ উত্তৰ দি মহম্মদ চিৰাজে (৭০/৬) অকলেই টিম ইণ্ডিয়াৰ বলিঙৰ দায়িত্ব ল’লে।

আকাশ দীপৰ বলত ক্ৰীছ ৱ’কছে শ্লিপত কেচ দি আউট হয়। তেওঁ ৮৮ ৰানত ৪টা উইকেট দখল কৰে। তাৰ পাছত কাৰ্ছ, টং, বছিৰ তিনিওজনে ছিৰাজৰ বলত শূন্য ৰাণত উভতি যায়। ইংলেণ্ডৰ প্ৰথম পাঁচটা উইকেট ৮৪ ৰানত পৰিছিল। শেষৰ পাঁচটা উইকেট মাত্ৰ ২০ ৰানতে পৰে। জেমী স্মিথে ১৮৪ ৰানত অপৰাজিত হৈ থাকে।

দ্বিতীয় ইনিংছত বেটিং কৰি ভাৰতে ১ উইকেট হেৰুৱাই ৬৪ ৰান সংগ্ৰহ কৰে। ২৪৪ ৰানত আগবাঢ়ি আছে গীল বাহিনী। কে এল ৰাহুল (২৮) আৰু কৰুণ নায়াৰ (৭) এতিয়াও ক্ৰীজত আছে। দুদিনতকৈ অধিক সময় বাকী আছে। এজবাষ্টনত জয়ৰ গোন্ধ পাইছে টিম ইণ্ডিয়াই।

সংক্ষিপ্ত স্কোৰঃ

প্ৰথম ইনিংছ

ভাৰতঃ ৫৮৭ (শুভমন গিল ২৬৯, জাদেজা ৮৯, যশস্বী ৮৭, বছিৰ ১৬৭/৩)

ইংলেণ্ডঃ ৪০৭ (জেমী স্মিথ ১৮৪, হেৰী ব্ৰুক ১৫৮, ছিৰাজ ৭০/৬ আকাশ দীপ ৮৮/৪)

দ্বিতীয় ইনিংছ

ভাৰত ৬৪/১ (ৰাহুল* ২৮, যশস্বী ২৮, টং ১২/১)

ভাৰত ২৪৪ ৰানত আগবাঢ়ি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd