এজবাষ্টনত নতুন ইতিহাস ৰচিলে নতুন টিম ইণ্ডিয়াই। শুভমন গিলৰ দলটোৱে প্ৰমাণ কৰিলে যে ভাৰতৰ বিজয় যাত্ৰা চলিছে আৰু ই অব্যাহত থাকিব। ‘এজবাষ্টনত ভাৰতে কোনো টেষ্টত জয়ী নহয়’, এই কথাটো এতিয়া অতীত হৈ গ’ল।
বলিং আৰু বেটিঙত ইংলেণ্ডৰ ওপৰত আধিপত্য বিস্তাৰ কৰি দ্বিতীয়খন টেষ্টত বিশাল ৩৩৬ ৰানত জয়লাভ কৰে ভাৰতে। গিলৰ বেটিং কৃতিত্বৰ পিছত ছিৰাজ-আকাশ দীপৰ আধিপত্যৰ বাবেই প্ৰথমবাৰৰ বাবে এজবাষ্টনত অনুষ্ঠিত টেষ্টত জয়লাভ কৰে টিম ইণ্ডিয়াই। এতিয়া শৃংখলা ১-১। আকাশ দীপৰ ৬টা উইকেটৰ দমনীয় বলিঙেৰে অধিনায়ক শুভমন গিলে প্ৰথমটো জয় উদযাপন কৰিলে।
প্ৰথম ইনিংছত ‘শুভমন শ্ব’’ৰ সাক্ষী হৈছিল ক্ৰিকেট বিশ্ব। অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা তেওঁ অনবদ্য হৈ পৰিছে। তেওঁ ২৬৯ ৰান সংগ্ৰহ কৰি ইটোৰ পিছত সিটোকৈ অভিলেখ ভংগ কৰে। যশস্বী জয়ছৱাল (৮৭) আৰু ৰবীন্দ্ৰ জাদেজাই (৮৯) যোগ্য সংগ প্ৰদান কৰে।
ইংলেণ্ডৰ সন্মুখত ৫৮৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ভাৰতে। দ্বিতীয় দিনৰ শেষলৈকে বুজা গৈছিল যে ই অতিক্ৰম কৰিব পৰা নহ’ব। দ্বিতীয় দিনৰ শেষত ইংলেণ্ডৰ স্ক’ৰ আছিল ৩ উইকেটত ৭৭ ৰান। আৰম্ভণিতে মহম্মদ ছিৰাজে ইংলেণ্ডক আঘাত হানে। ২২ নং অভাৰত তেওঁ জো ৰুট (২২) আৰু বেন ষ্ট’কছক (০) ঘূৰাই পঠিয়ায়।
অৱশ্যে মেচখনৰ গতি তাৰপিছতে সলনি হৈ যায়। এটা সময়ত ইংলেণ্ডে ৮৪ ৰানত ৫টা উইকেট হেৰুৱাইছিল। তাৰ পৰাই জেমী স্মিথ (১৮৪) আৰু হেৰী ব্ৰুক (১৫৮) ৩০৩ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। বাজবল বেটিং মুডত দুয়োজনে ভাৰতীয় বলাৰসকলৰ ওপৰত তাণ্ডৱৰ সৃষ্টি কৰে।
আকাশ দীপে (৮৮/৪) সেই যুটি ভাঙি ভাৰতক পুনৰ মেচলৈ আনে। বাকীখিনি ‘ডি এছ পি’ ছিৰাজে (৭০/৬) সমাপন কৰিছিল। ইংলেণ্ড দলটোৱে ২০ ৰানত শেষৰ ৫টা উইকেট হেৰুৱাইছিল। ইংলেণ্ডৰ ইনিংছ শেষ হয় ৪০৭ ৰানত। ভাৰতৰ লীড আছিল ১৮০ ৰানৰ।
তৃতীয় দিনৰ শেষত ভাৰতৰ স্ক’ৰ আছিল ১ উইকেটত ৬৪ ৰান। চতুৰ্থ দিনা শুভমনে পুনৰ ইংলেণ্ডক ধ্বংস কৰিলে। দ্বিতীয় ইনিংছত তেওঁ ১৬১ ৰান কৰে। ছিৰিজ আৰম্ভ হোৱাৰ পূৰ্বে বহুতে তেওঁৰ অধিনায়কত্বক লৈ সন্দেহ প্ৰকাশ কৰিছিল। নিঃসন্দেহে তেওঁলোকৰ বাবে ইয়াতকৈ যোগ্য উত্তৰ আৰু নাই। কে এল ৰাহুল (৫৫), ঋষভ পন্ত (৬৫), ৰবীন্দ্ৰ জাদেজাই (৬৯) যোগ্য সংগ প্ৰদান কৰে। শেষত ভাৰতে ৬টা উইকেট হেৰুৱাই ৪২৭ ৰানত ইনিংছ ঘোষণা কৰে। ইংলেণ্ডৰ লক্ষ্য আছিল ৬০৮।
লক্ষ্য খেদি চতুৰ্থ দিনৰ শেষত ৭২ ৰানত ৩ টা উইকেট হেৰুৱাই ইংলেণ্ড দল হতাশ হৈ পৰে। আকাশ দীপৰ ছুইঙত পৰাস্ত হয় জো ৰুট আৰু বেন ডাকেট। শেষ দিনটোত বৰষুণ ইংলেণ্ডৰ ত্ৰাণকৰ্তা হ’ব পাৰিলেহেঁতেন। এজবাষ্টনৰ আকাশখন পুৱাৰে পৰা ডাৱৰীয়া হৈ পৰিছিল। বতাহ আৰু টুপ টুপকৈ বৰষুণ। তেন্তে পাৰ পাই জাহাজখন ডুব যাব নেকি? প্ৰাকৃতিক দুৰ্যোগৰ বাবে ঐতিহাসিক বিজয় হাতৰ পৰা ওলাই যাব নেকি? কিন্তু ভাগ্যইও সাহসীসকলক সংগ দিয়ে। বৰষুণ বন্ধ হ’ল, ৰ’দ ওলাল৷ প্ৰায় ডেৰ ঘণ্টা পলমকৈ মেচ আৰম্ভ হয়।
ইংলেণ্ডৰ চতুৰ্থ উইকেট ৮০ ৰানত পৰে। আকাশ দীপৰ সৌজন্যত। তেওঁৰ ইনছুইং বুজিব নোৱাৰি অলি পোপে ২৪ ৰান সংগ্ৰহ কৰি ড্ৰেছিং ৰুমলৈ উভতি যায়। তাৰ পিছত আকাশৰ বিষাক্ত ইনকাটাৰৰ কোনো উত্তৰ নাপাই হেৰী ব্ৰুক এল বি ডব্লিউ হয়। ইংলেণ্ডে প্ৰথম ইনিংছৰ দৰেই ৮৩/৫ ৰান কৰিছিল। তাৰ পৰাই জেমী স্মিথৰ সৈতে অধিনায়ক বেন ষ্ট’কে অলপ প্ৰতিৰোধ গঢ়ি তোলে। ৩৩ ৰানৰ পাছত ৱাশ্বিংটন সুন্দৰে তেওঁক আউট কৰে।
ইয়াৰ পিছতে ছন্দলৈ আহিল প্ৰসিদ্ধ কৃষ্ণ! প্ৰথম ইনিংছত তেওঁ দুৰ্বল বলিঙৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। অৱশ্যে দ্বিতীয় ইনিংছতো তেওঁ স্বাভাৱিক ছন্দত নাছিল। তথাপি এটা গুৰুত্বপূৰ্ণ সময়ত ক্ৰীছ ৱ’কছৰ উইকেট দখল কৰে। তাৰ পিছত যেতিয়া জেমী স্মিথ (৮৮)ক আকাশ দীপে আউট কৰিলে, তেতিয়া ভাৰতৰ জয় প্ৰায় নিশ্চিত হ’ল। কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৫টা উইকেট দখল কৰে আকাশ দীপে। তেওঁ শেষ উইকেটটোও লয় (৯৯/৬)। শেষত ইংলেণ্ডৰ ইনিংছ ২৭১ ৰানত স্তব্ধ হৈ পৰে। ভাৰতে ৩৩৬ ৰানত বিশাল জয়লাভ কৰে। গাব্বাই হওক বা এজবাষ্টনেই হওক, প্ৰতিপক্ষৰ সকলো দুৰ্গতে ভাৰত অপ্ৰতিৰোধ্য।
সংক্ষিপ্ত স্কোৰঃ
প্ৰথম ইনিংছ
ভাৰতঃ ৫৮৭ (শুভমন গিল ২৬৯, জাদেজা ৮৯, যশস্বী ৮৭, বছিৰ ১৬৭/৩)
ইংলেণ্ডঃ ৪০৭ (জেমী স্মিথ ১৮৪, হেৰী ব্ৰুক ১৫৮, ছিৰাজ ৭০/৬, আকাশ দীপ ৮৮/৪)
দ্বিতীয় ইনিংছ
ভাৰতঃ ৪২৭/৬ ঘোষণা (শুভমন গিল ১৬১, জাডেজা ৬৯, পন্ত ৬৫, টং ৯৩/২)
ইংলেণ্ডঃ ২৭১/১০ (জেমী স্মিথ ৮৮, আকাশ দীপ ৯৯/৬, সুন্দৰ ২৮/১)
ভাৰতে ৩৩৬ ৰানত জয়লাভ কৰে।
বৰ্তমান ছিৰিজৰ ফলাফল ১-১।