ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান। বুধবাৰে বিয়লি ৰাজ্যখনৰ চুৰু জিলাত দুৰ্ঘটনাগ্ৰস্ত হয় এখন জাগুয়াৰ যুঁজাৰু বিমান। খবৰ অনুসৰি এই দুৰ্ঘটনাত পাইলটসহ মুঠ ২ জন লোকৰ মৃত্যু হয়। এই সন্দৰ্ভত বিগত তিনিমাহত দেশত দুখনকৈ বিমান দুৰ্ঘটনা সংঘটিত হৈছে।
জানিব পৰা মতে, চুৰু জিলাৰ ৰতনঘৰ টাউন এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা। গাঁওবাসীয়ে জনোৱা মতে, দুপৰীয়াৰ আশে-পাশে হঠাতে এটা প্ৰচণ্ড শব্দ শুনা গৈছিল। যদিও প্ৰথমতে কি হৈছে সেয়া স্পষ্ট হোৱা নাছিল যদিও কিছু সময়ৰ পাছত পথাৰত পৰি থকা এখন বিমানৰ ধ্বংসাৱশেষ দেখা গ’ল। বিষয়টো পোহৰলৈ অহাৰ লগে লগে স্থানীয় ৰাইজে প্ৰাৰম্ভিক উদ্ধাৰ অভিযান আৰম্ভ কৰে। পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী। স্থানীয় আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বিমানখনৰ পৰা দুজন লোকৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয়।
মন কৰিবলগীয়া যে, চলিত বৰ্ষত দুখন জাগুয়াৰ বিমান দুৰ্ঘটনাত পতিত হৈছে। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত গুজৰাটৰ জামনগৰৰ পৰা ১২ কিলোমিটাৰ নিলগৰ ছুয়াৰদাৰ গাঁৱৰ এখন পথাৰত দুজনীয়া জাগুয়াৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেই দুৰ্ঘটনাত পাইলট সিদ্ধাৰ্থ যাদৱৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে হাৰিয়ানাত প্ৰশিক্ষণৰ সময়ত আন এখন জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰসংগক্ৰমে ভাৰতীয় বায়ুসেনাৰ এই পুৰণি কিন্তু নিৰ্ভৰযোগ্য বোমাৰু বিমানখনে কেইবাখনো যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই বিমানখনে ১৯৯৯ চনত কাৰ্গিল যুদ্ধত পাকিস্তানক পৰাস্ত কৰিছিল।