• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2025 12:52 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বেংগালুৰুৰ খ্যাতনামা পৰিৱেশকৰ্মী দত্তাত্ৰেয় টি দেৱৰে গুৱাহাটীৰ মাছখোৱাত অৱস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ ছেমিনাৰ হলত ‘আন্তঃগাঁথনি নিৰ্মাণৰ বাবে গছ ধ্বংস: উন্নয়ন আৰু পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা’ শীৰ্ষক এক তথ্যপূৰ্ণ বক্তৃতা প্ৰদান কৰে। উল্লেখযোগ্য যে, বেংগালুৰুৰ পৰিৱেশ ন্যাসৰ ন্যাসৰক্ষী দেৱৰে ২০০৭ চনৰ পৰা গছ সংৰক্ষণ, স্থানান্তৰকৰণ আৰু বহনক্ষম নগৰীয়া উন্নয়নৰ বিষয়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত।

ভাষণ প্ৰসংগত তেখেতে বহুকেইটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰে৷শেহতীয়াকৈ উন্নয়নৰ নামত যিধৰণে দেশৰ বিভিন্ন প্ৰান্তত গছ আৰু প্ৰকৃতি ধ্বংস কৰা হৈছে, ইয়াক তীব্ৰ সমালোচনা কৰে৷ লগতে দেৱৰে-এ নিজৰ আইনী অভিজ্ঞতাও শ্ৰোতা-দৰ্শকৰ আগত ব্যক্ত কৰে৷ দেৱৰেই নিজৰ ভাষণৰ আৰম্ভণিতে গুৱাহাটীৰ সচেতন নাগৰিকসকলৰ দীঘলীপুখুৰী-আমবাৰীৰ গছ স্থানান্তৰৰ সময়ত লোৱা ভূমিকাক প্ৰশংসা কৰে৷লগতে পৰিৱেশকৰ্মীজনে উন্নয়নৰ নামত গছ স্থানান্তৰক অন্তিম বিকল্প বুলি উল্লেখ কৰে৷

উল্লেখ্য যে, অনুষ্ঠানটোৰ আঁত ধৰে অভিনয়কৰ্মী অৰ্ঘদীপ বৰুৱাই৷ অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ সাংবাদিক মহেশ ডেকাই৷ বিশিষ্ট বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে বক্তৃতা অনুষ্ঠানটোৰ প্ৰথমতেই গছ ধ্বংস আৰু স্থানান্তৰক লৈ চমু বক্তব্য আগবঢ়াই৷ ইয়াৰ উপৰিও অনুষ্ঠানটোত বিশিষ্ট শিক্ষাবিদ অপূৰ্ব কুমাৰ বৰুৱা, ইতিহাসবিদ মনোৰমা শৰ্মা, শিক্ষাবিদ ইন্দ্ৰানী দত্ত, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা,অধিবক্তা শান্তনু বৰঠাকুৰ, ৰাণী গোহাঁইকে ধৰি গুৱাহাটীৰ বহুকেইজন জ্যেষ্ঠ নাগৰিক,সাংবাদিক, কবি, সাহিত্যক আৰু দল-সংগঠনৰ প্ৰতিনিধি,শিক্ষাৰ্থী আৰু সচেতন নাগৰিক উপস্থিত থাকে৷

উল্লেখ্য যে, সমগ্ৰ বিশ্ব এতিয়া পৰিৱেশৰ সংকটক লৈ উদ্বিগ্ন। অনাগত দিনবোৰ যে পৰিৱেশৰ বাবে অতি ভয়াবহ হৈ উঠিব সেই কথা উপলব্ধি কৰি উন্নত দেশসমূহে প্ৰকৃতি সুৰক্ষাৰ ন ন পন্থা হাতত লৈছে। দুৰ্ভাগ্যজনক ভাৱে বিশ্বজুৰি চৰ্চিত পৰিৱেশ ৰক্ষণাবেক্ষণৰ দৰে বিষয়ক সম্পূৰ্ণ অৱমাননা কৰি অসমত বন ধ্বংস অভিযানহে যেন তীব্ৰতৰ হৈ উঠিছে! শেহতীয়াকৈ গুৱাহাটী চহৰতে ফ্লাই অভাৰ বা অন্যান্য আন্তঃগাঁথনি নির্মাণৰ বাবে অসম চৰকাৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলত বহুকেইজোপা পুৰঠ গছ কাটি পেলোৱাৰ লগতে স্থানান্তৰনৰ নামত কেইবাজোপাও গছক মৃত্যুমুখলৈ ঠেলি পঠিয়াইছে।

অৱশ্যে এই সংক্ৰান্তত জ্যেষ্ঠ সাংবাদিক মহেশ ডেকা আৰু সমাজকর্মী জয়ন্ত গগৈয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ পাছত এই গছ কটা আৰু স্থানান্তৰন বন্ধ কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিয়ে। আজিৰ আলোচনাৰ প্ৰধান উদ্দেশ্য আছিল প্ৰকৃততে গছ ধ্বংসই মানৱ সভ্যতালৈ কঢ়িওৱা সংকটৰ তথ্যপূৰ্ণ দিশত আলোকপাত। উন্নয়ন আৰু প্ৰকৃতিক সমান্তৰালভাৱে আগবঢ়াই নিয়াই নগৰীয়া জীৱনৰ অভিশাপ। এই সমস্যা কেৱল এখন চহৰ বা নগৰৰ নহয় বৰঞ্চ উন্নয়নশীল দেশসমূহে বিগত দশকবোৰত সন্মুখীন হোৱা ব্যাপক সমস্যা৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

September 9, 2025 3:56 pm
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

September 9, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd