ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি বুলি দাবী কৰাৰ সময়তে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে আন্তঃগাঁথনিৰ গুৰুতৰ উদ্বেগক আলোকপাত কৰি বৰ্তমানৰ পৰিকাঠামোৰ কাৰ্য্যক্ষমতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বাৰিষাৰ এই সময়ত পথ আৰু দলং ভাঙি পৰাৰ দৰে ঘটনাৰ কেইবাখনো বিশদ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে এই মন্তব্য অজিত পাৱাৰৰ।
পুনেত প্ৰফেচনেল ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ এছ’চিয়েশ্যনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ বিচ্ছিন্ন ফৈদৰ সদস্য পাৱাৰে অৰ্থনৈতিক বিকাশ সন্দৰ্ভত কৰা দাবীক প্ৰত্যাহ্বান জনায় কয় “আমি তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছো বুলি দাবী কৰাৰ চৰকাৰে অট্টালিকা আৰু দলং বাৰে বাৰে ভাঙি পৰাৰ বাবে জবাবদিহিতা হ’ব নে?
প্ৰকাশিত প্ৰতিবেদন অনুসৰি, মোদীৰ বিকশিত দেশত ১০ জুলাইত গুৰুগ্ৰামৰ এখন ট্ৰাক প্ৰচণ্ড বৰষুণৰ ফলত পথত গঠিত বিশাল গাঁতত পৰি যোৱাৰ বিপৰীতে ৰাজস্থানৰ ঝুনঝুনু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বাঘৱালী-ঝাজ পথটো কাটলী নদীয়ে বুৰাই পেলাইছিল। ইয়াৰ এদিন পূৰ্বে বদোদৰাৰ মহিসাগৰ নদীৰ ওপৰত এখন দলঙৰ এটা অংশ ভাঙি যোৱাৰ ফলত ২০ জন লোকৰ মৃত্যু হৈছিল। লগতে, শেহতীয়াকৈ মুম্বাইত ২৫০ কোটি টকা ব্যয় সাপেক্ষে উদ্বোধন কৰা এখন উৰণীয়া সেতু উদ্বোধনৰ কিছু সময়ৰ পিছতে বিপজ্জনক গাঁতৰ সৃষ্টি হয়, যাৰ ফলত বাইক আৰোহীৰ দুৰ্ঘটনা সংঘটিত হয়।
উল্লেখযোগ্য যে ১৫ জুনত পুনেৰ ইন্দ্ৰায়নী নদীৰ ওপৰত এখন লোহাৰ দলং ভাঙি চাৰিজন লোকৰ মৃত্যু হয় আৰু ওড়িশাত ৬০ কোটি টকা ব্যয়ৰে নিৰ্মিত উৰণীয়া সেতু নিৰ্মাণ আৰম্ভ হোৱাৰ দুমাহ নৌহওঁতেই ভাঙি পৰে।
পাৱাৰে চৰকাৰক সকীয়াই দি কয় যে ৰাজহুৱা কাম বিভাগে ব্ৰিটিছ কোম্পানীসমূহৰ পৰা যোগাযোগ লাভ কৰি থাকে। তেওঁলোকে ১০০ বছৰৰ ওপৰৰ কিছুমান দলং আৰু যান-বাহনৰ বাবে ব্যৱহাৰ কৰিব নালাগে বুলি বিপদ সংকেট প্ৰদান কৰিছে। ইয়াৰ পিছতো চৰকাৰৰ অৱহেলা, নিৰ্মাণৰ মানদণ্ডৰ আপাত অৱনতিৰ বাবে দুখ প্ৰকাশ কৰে আৰু নিৰ্মান কাৰ্য উন্নত কৰাৰ বাবে আধুনিক নিৰ্মাণ কৌশল গ্ৰহণৰ পোষকতা কৰে। তেওঁ কেৱল বয়সৰ ওপৰত ভিত্তি কৰি গাঁথনি পুনৰ নিৰ্মাণৰ পৰামৰ্শ দিয়া পি ডব্লিউ ডিৰ বিষয়াসকলৰ মনোভাৱক সমালোচনা কৰে।