বৃহৎ সালসলনি ইপিএফঅ’ৰ। সলনি কৰিছে কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ ধন উলিওৱাৰ নিয়ম। এতিয়া কৰ্মচাৰীয়ে ১০ বছৰৰ সেৱা সম্পূৰ্ণ কৰাৰ পিছত ইপিএফৰ পৰা সকলো ধন উলিয়াব পাৰিব। পূৰ্বৰ নিয়ম অনুসৰি আছিল যে যদি আপুনি ৫৮ বছৰ সম্পূৰ্ণ কৰে বা দুমাহতকৈ অধিক সময় নিবনুৱা হৈ থাকে, তেন্তে আপুনি ইপিএফঅ’ একাউণ্টৰ সকলো ধন উলিয়াবলৈ অনুমতি পাব। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে ৩৫ৰ পৰা ৪০ বছৰৰ ভিতৰৰ বহু লোকে নিজৰ পেছা সলনি কৰিব বিচাৰে বা নিৰ্দিষ্ট সময়সূচীত কাম কৰিব নিবিচাৰে। কিন্তু ইপিএফঅ’ৰ নিয়মৰ বাবে বহু সময়ত প্ৰয়োজন হ’লেও ৫৮ বছৰ বয়সৰ আগতেই সম্পূৰ্ণ ধন উলিয়াব নোৱাৰে।
এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কৰ্মচাৰী ভৱিষ্য নিধি আঁচনিৰ নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। ইপিএফৰ সদস্যসকলে যিকোনো কামত দহ বছৰ কটোৱাৰ পিছতহে তেওঁলোকৰ ইপিএফ একাউণ্টত জমা হোৱা সমগ্ৰ ধন উলিয়াবলৈ সুযোগ পাব। বিশেষজ্ঞসকলৰ মতে, ইয়াৰ দ্বাৰা কৰ্মচাৰীসকল উপকৃত হ’ব। কাৰণ বহু ক্ষেত্ৰত ১০-৫ টালৈ চাকৰিৰ সলনি বহুতে ষ্টাৰ্ট আপ বা ব্যৱসায় কৰাটো পছন্দ কৰে। ইয়াৰ দ্বাৰা তেওঁলোকৰ উপকাৰ হ’ব। এই সিদ্ধান্তৰ দ্বাৰা ৭ কোটিৰো অধিক ইপিএফ সদস্য উপকৃত হ’ব।
তদুপৰি শেহতীয়াকৈ ঘৰ ক্ৰয়ৰ বাবে পিএফৰ ধন উলিওৱাৰো নিয়ম সলনি কৰা হৈছে। যদি কোনোবাই প্ৰথমবাৰৰ বাবে ঘৰ সাজিছে তেন্তে পি এফত জমা হোৱা ধনৰ ৯০ শতাংশহে উলিয়াব পাৰিব। তিনি বছৰৰ সেৱা সম্পূৰ্ণ কৰিহে ধন উলিয়াব পাৰিব।