বিত্তীয় অন্তৰ্ভুক্তি আঁচনি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে চলি থকা তিনিমহীয়া অভিযানৰ অগ্ৰগতি আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰিবলৈ আজি গুৱাহাটীস্থিত এছবিআইৰ স্থানীয় মুখ্য কাৰ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতিৰ উদ্যোগত এখন সংবাদমেল অনুষ্ঠিত হয়।
ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগে আৰম্ভ কৰা এই অভিযান ২০২৫ চনৰ ১ জুলাইৰ পৰা আৰম্ভ হৈছিল আৰু ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে অসমৰ সকলো জিলাতে চলিব।
সংবাদমেলত এছ বি আইৰ মহা প্ৰবন্ধক তথা এছ এল বি চি অসমৰ আহ্বায়ক চফল ত্ৰিপাঠীয়ে অৱগত কৰে যে ভাৰত চৰকাৰে গাঁও পঞ্চায়ত পৰ্যায়ত বিত্তীয় অন্তৰ্ভূক্তি আঁচনিসমূহ বিশেষকৈ বঞ্চিত অঞ্চলত সামাজিক সুৰক্ষা আঁচনিসমূহৰ সৰ্বাংগীন প্ৰৱেশ সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে দেশজোৰা অভিযান আৰম্ভ কৰিছে।
ত্ৰিপাঠীয়ে কয় যে এই অভিযানত সকলো নিষ্ক্ৰিয় একাউণ্টৰ বাবে কেৱাইচি পুনৰ পৰীক্ষণ, প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত বেংক একাউণ্ট বিহীন প্ৰাপ্তবয়স্কসকলৰ বাবে নতুন বেংক একাউণ্ট খোলা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (পিএমজেজেবিৱাই), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি (পিএমএছবিৱাই) আৰু অটল পেঞ্চন যোজনা (এ পি ৱাই)ৰ অধীনত পঞ্জীয়ন আদিকে ধৰি মূল বিত্তীয় অন্তৰ্ভুক্তিৰ কাৰ্য্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি ডিজিটেল জালিয়াতি প্ৰতিৰোধ আৰু দাবী নকৰা জমা ধন লাভ কৰাৰ প্ৰক্ৰিয়া আৰু অভিযোগ নিৰাময় ব্যৱস্থাৰ ওপৰত সজাগতা অধিবেশনৰ আয়োজন কৰা হৈছে।
সংবাদমেলত ত্ৰিপাঠীয়ে এনে গুৰুত্বপূৰ্ণ পৰিসংখ্যা শ্বেয়াৰ কৰে, যিটোৱে অসমে ইতিমধ্যে চলিত অভিযানৰ অধীনত যথেষ্ট অগ্ৰগতি লাভ কৰাটোকে স্পষ্ট কৰিছে। ২০২৫ চনৰ ১৬ জুলাইলৈকে সমগ্ৰ ৰাজ্যতে গাঁও পঞ্চায়ত পৰ্যায়ত মুঠ ১,০৪১টা শিবিৰৰ আয়োজন কৰা হৈছে। এই প্ৰচেষ্টাসমূহৰ ফলত ১৬৫৮টা নতুন পিএমজেডিৱাই একাউণ্ট মুকলি কৰা হৈছে, পিএমজেজেবিৱাইৰ অধীনত ২৪৭১জন ব্যক্তিৰ নাম পঞ্জীয়ন, পিএমএছবিৱাইৰ অধীনত ৩৫৯২জন আৰু এপিৱাইৰ অধীনত ৬০৯গৰাকীৰ অৱদান আগবঢ়োৱা হৈছে। তদুপৰি, ৩,৪৩১টা একাউণ্টৰ বাবে কেৱাইচিৰ সবিশেষ পুনৰ জমা দিয়াৰ লগতে ৯০৭টা একাউণ্টত মনোনয়ন সংযোজন কৰা হৈছে।
তেওঁ কয় যে এই পদক্ষেপসমূহ বেংকিং প্ৰতিষ্ঠান আৰু জিলা প্ৰশাসন উভয়েই সক্ৰিয়ভাৱে প্ৰচাৰ কৰি গণ সজাগতা আৰু অংশগ্ৰহণ নিশ্চিত কৰিছে।
ত্ৰিপাঠীয়ে কয় যে সকলো অংশীদাৰক শাখা পৰ্যায়ৰ কৰ্মচাৰীক সংবেদনশীল কৰি তুলিবলৈ আৰু পিএমজেডিৱাই, পিএমজেজেবিৱাই, পিএমএছবিৱাই, এপিৱাইৰ দৰে বৃহৎ বিত্তীয় অন্তৰ্ভূক্তি আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ সৰ্বাধিক কভাৰেজ নিশ্চিত কৰিবলৈ আৰু নিস্ক্ৰিয় একাউণ্ট সক্ৰিয় কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। এই অভিযান তৃণমূল পৰ্যায়ত সৰ্বাংগীন বৃদ্ধি আৰু বিত্তীয় সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
সংবাদমেলত গুৱাহাটীৰ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ যুটীয়া সঞ্চালক পাৱনী গুপ্তা আৰু এছএলবিচি অসমৰ সহকাৰী মহাপ্ৰবন্ধক জয় চন্দ্ৰ চাকমাই সমগ্ৰ দেশতে এই অভিযানৰ কাৰ্যকলাপ আৰু তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।