• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2025 7:57 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে যে মোডী-অমিত শ্বাহ শিবিৰ আৰু আৰ এছ এছ অৰ্থাৎ সংঘ পৰিয়ালৰ মাজত এক প্ৰবল সংঘাতৰ সৃষ্টি হ’বলৈ গৈ আছে। ক’ব পাৰি যে সংঘাতৰ বিষয়টো দমাই ৰখা হৈছিল। কিন্তু শুকুৰবাৰে মোডী-শ্বাহৰ ঘনিষ্ঠ বিজেপি নেতা তথা সাংসদ নিশিকান্ত ডুবেই সেয়া প্ৰায় মুকলি কৰি দিলে।

শুকুৰবাৰে পশ্চিমবংগৰ দুৰ্গাপুৰত গৈছিল প্ৰধানমন্ত্ৰী মোডী। সেই সময়তে নিশিকান্ত ডুবেই দিল্লীত বিস্ফোৰণ ঘটাই কয় যে নৰেন্দ্ৰ মোডীৰ নেতৃত্ব অবিহনে ২০২৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ফলাফল একেবাৰে ভাল নহ’ব।

Apply Now

তেওঁ স্পষ্টকৈ কয়, “মোডীজীৰ অবিহনে বিজেপিয়ে ১৫০খন আসনও নাপাব। আজিৰ বিজেপিৰ বাবে মোডীজী অপৰিহাৰ্য।”

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডুবেই কয়, “এতিয়া এই মুহূৰ্তত মই কেৱল নৰেন্দ্ৰ মোডীকেই অহা ১৫-২০ বছৰৰ বাবে দেশৰ নেতা হিচাপে দেখিছো। দল আৰু দেশৰ কৰ্মীসকলক আজি মোডীজীৰ প্ৰয়োজন, মোডীজীক আমাৰ প্ৰয়োজন নাই।”

তেওঁ লগতে কয়, “২০১৪ চনত মোডীজী ক্ষমতালৈ অহাৰ পিছত এটা গুৰুত্বপূৰ্ণ ভোট বেংকৰ সৃষ্টি হৈছে, যিটো বিজেপিৰ আগতে কেতিয়াও নাছিল। বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকৰ সমৰ্থন বিজেপিৰ ফালে স্থানান্তৰিত হৈছে। সেই আস্থা এতিয়াও অক্ষত আছে। সেইবাবেই মোডী তিনিবাৰৰ প্ৰধানমন্ত্ৰী।”

নিশিকান্ত ডুবেই যি তত্ত্বৰ ব্যাখ্যা দিছে তাতেই সংঘ পৰিয়ালৰ আপত্তি। আৰ এছ এছৰ বহুতৰে মতে, মোডী-শ্বাহৰ যুগত বিজেপিৰ চৰিত্ৰ সলনি হৈছে। বিজেপি মানেই মোডী হৈ পৰিছে, যিটো ঠিক নহয়। মোডীৰ পিছতো বৰ্তি থাকিব লাগিব বিজেপি। সেয়ে ইয়াৰ চৰিত্ৰৰ স্বাধীনতা থাকিব লাগিব। বিজেপি মানেই মোডী বুলি ধাৰণাৰ পৰা দলটোক মুক্ত কৰিব লাগিব।

সেইবাবেই সংঘ পৰিয়ালে এতিয়া তীব্ৰ চাপ সৃষ্টি কৰিছে যে দলটোৰ নতুন ৰাষ্ট্ৰীয় সভাপতিজন মোডী-শ্বাহৰ যাতে ‘হয় হুজুৰ’ ধৰণৰ নহয়। তেওঁলোকে জে পি নাড্ডাৰ দৰে কোনোবা এজনক সভাপতি হিচাপে নিবিচাৰে যিয়ে নামত পদত থাকিব, কিন্তু অমিত শ্বাহে আচলতে দলটো চলাব। বৰঞ্চ নাগপুৰে মোডী বিৰোধী নেতা হিচাপে পৰিচিত সঞ্জয় যোশীক বিজেপি সংগঠনৰ এটা ডাঙৰ পদত নিযুক্তি দিয়াৰ এক অভিযান আৰম্ভ কৰিছে। আৰু বহুতৰ মতে মোহন ভাগৱতে শেহতীয়াকৈ এই ক্ষেত্ৰত মোডীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ বয়সৰ বিষয়টো উত্থাপন কৰিছে।

এটা অনুষ্ঠানত মোৰোপন্ত পিংগলৰ উদ্ধৃতি দি ভাগৱতে কয় যে যেতিয়া কোনোবাই ৭৫ বছৰ সম্পূৰ্ণ কৰে তেতিয়া ইয়াৰ অৰ্থ হ’ল তেওঁৰ এৰি যোৱাৰ সময় আহি গৈছে। এতিয়া নতুনৰ বাবে স্থান এৰি দিব লাগিব। প্ৰসংগক্ৰমে ১৭ ছেপ্টেম্বৰত মোডীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিব। বহুতৰ মতে ভাগৱতে মোডীলৈ কৌশলগতভাৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে।

এই পৰিস্থিতিত মোডী অনুগামী নিশিকান্তই মুখ খুলিছে। মোডীৰ পিছত কোন দলৰ নেতা বা দেশৰ মুখ হ’ব সেই প্ৰশ্নৰ উত্তৰত নিশিকান্তই কয়, “এতিয়া কেৱল মোডীজীকহে দেখিবলৈ পাইছো। এই মুহূৰ্তত কোনো বিকল্প নাই। ২০২৯ চনৰ লোকসভা নিৰ্বাচনতো তেওঁৰ নেতৃত্বতে যুঁজিব লাগিব। এয়া বিজেপিৰ ‘মজবুৰী’।”

মোডীৰ বয়স আৰু ভৱিষ্যতৰ নেতৃত্ব সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰ উত্তৰত তেওঁ কয়, “বয়স কোনো বাধা নহয়। যদি মোৰাৰজী দেশাই ৮৩ বছৰ বয়সত প্ৰধানমন্ত্ৰী হ’ব পাৰে, তেন্তে মোডীজী এতিয়াও অতি সক্ৰিয়। ২০৪৭ চনৰ ভিতৰত যদি উন্নত ভাৰত বিচাৰে, তেন্তে মোডীজীকে বিচাৰক।”

নিশিকান্তৰৰ এই বক্তব্যক নাগপুৰৰ বাবে এক বাৰ্তা হিচাপে দেখা গৈছে। পৰ্যবেক্ষকৰ মতে ইয়াৰ স্পষ্ট অৰ্থ হৈছে সংঘৰ সৈতে সংঘাত তীব্ৰতৰ হোৱা। এতিয়া আৰম্ভ হ’ব প্ৰকৃত স্নায়ুৰ যুদ্ধ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd