ওড়িশাৰ বালেশ্বৰ পিছত গ্ৰেটাৰ নয়দাৰ শাৰদা বিশ্ববিদ্যালয়ৰ কলেজ চৌহদতো এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হোষ্টেলৰ পৰা উদ্ধাৰ হৈছে দন্ত অস্ত্ৰোপচাৰ বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰৰ মৃতদেহ। লগতে উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। ছাত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ দন্ত চিকিৎসা বিভাগৰ এজন পুৰুষ আৰু এগৰাকী মহিলা শিক্ষয়িত্ৰীলৈ আঙুলিয়াই দি, মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে।
এই ঘটনাৰ পিছতে মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে আহি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইতিমধ্যে দুই শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। যদিও এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনে কোনো বিবৃতি প্ৰকাশ কৰা নাই। সূত্ৰ অনুসৰি অভিযুক্ত শিক্ষকসকলক নিলম্বন কৰা হৈছে।
ঘটনা পোহৰলৈ অহাৰ পিছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে স্বচ্ছ তদন্তৰ আশ্বাস প্ৰদান কৰিছে। লগতে তেওঁ কয় যে মহাবিদ্যালয়খনৰ পৰিস্থিতি এতিয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে। তথ্য লাভ কৰাৰ লগে লগে মৃতকৰ পৰিয়ালৰ লোকে সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে তেওঁলোকক সহযোগিতা আগবঢ়োৱা বুলি জানিবলৈ দিয়ে।
প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে বালেশ্বৰৰ এখন কলেজৰ এগৰাকী ছাত্ৰীয়ে বিভাগটোৰ মুৰব্বীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি নিজকে জুই লগাইছিল। পিছত ভুৱনেশ্বৰৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। ইতিমধ্যে অভিযুক্ত অধ্যাপকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষকো নিলম্বন কৰা হৈছে।