• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এটা যুগৰ অন্ত! কবি, চিন্তাবিদ আৰু ভাৰতৰ নক্সাল বিদ্ৰোহৰ অন্যতম শীৰ্ষ নেতা আজিজুল হকৰ শেষ নিশ্বাস ত্যাগ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 21, 2025 7:25 pm
48
VIEWS
Share on FacebookShare on Twitter

কবি, চিন্তাবিদ আৰু ভাৰতৰ নক্সাল বিদ্ৰোহৰ অন্যতম শীৰ্ষ নেতা আজিজুল হকৰ শেষ নিশ্বাস ত্যাগ। সোমবাৰে কলিকতাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিপ্লৱী নেতাগৰাকীয়ে।

১৯৬০ আৰু ৭০ৰ দশকত মাওবাদী-সাম্যবাদী আন্দোলনেৰে দেশ কঁপাই তুলিছিল এই নেতাগৰাকীয়ে।

১৯৪২ চনত হাওৰাত জন্মগ্ৰহণ কৰা আজিজুল হক আছিল নক্সাল নেতাসকলৰ অন্যতম। যি বন্দুকৰ নলীৰ পৰাই ৰাজনৈতিক শক্তি গজি উঠে বুলি বিশ্বাস কৰিছিল। চাৰু মজুমদাৰৰ পিছত তেৱেই আছিল আটাইতকৈ শক্তিশালী নক্সাল নেতা। মাও জে ডঙৰ ৰাজনৈতিক আদৰ্শক ভাৰতত জনপ্ৰিয় কৰি তোলাত বিশেষ ভূমিকা আছিল এই নেতাগৰাকীৰ।

এজন কবি, ৰাজনৈতিক চিন্তাবিদ আৰু এসময়ত চিপিআই(এমএল)ৰ দ্বিতীয়খন কেন্দ্ৰীয় সমিতিৰ মুৰব্বী আজিজুল হকে দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি আহিছিল। শেহতীয়াকৈ ঘৰতে পৰি হাতত আঘাত পোৱাৰ বাবে তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছিল।

সূত্ৰই জনোৱা মতে, সোমবাৰে পুৱা ২:২৮ বজাত তেওঁ শেষ উশাহ লৈছিল।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক্সত পোষ্ট কৰি কয় যে, “প্ৰবীণ ৰাজনীতিবিদ আজিজুল হকৰ মৃত্যুত মই শোক প্ৰকাশ কৰিছো। আজিজুল হক আছিল এজন সংগ্ৰামী, এজন সংকল্পবদ্ধ নেতা। দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত তেওঁ কেতিয়াও শিৰ নত কৰা নাছিল। তেওঁৰ শোকসন্তপ্ত পৰিয়াল আৰু সহযোগীসকললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।”

চাৰু মজুমদাৰৰ ৰেডিকেল লাইনক সমৰ্থন কৰাৰ বাবে তেওঁক চি পি আই (এম)ৰ পৰা বহিষ্কাৰ কৰা হৈছিল, পিছলৈ নিশিথ ভট্টাচাৰ্যৰ মৃত্যুৰ পিছত তেওঁ চি পি আই (এম এল)ৰ দ্বিতীয় কেন্দ্ৰীয় সমিতিৰ সহ-প্ৰতিষ্ঠাপক হৈছিল।

তেওঁলোকৰ নেতৃত্বত পশ্চিম বংগ চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তিৰ পিছত ১৯৭০ চনৰ শেষৰ ফালে বংগ আৰু বিহাৰৰ গ্ৰাম্য অঞ্চলত সমান্তৰাল বিপ্লৱী চৰকাৰ গঠনৰ চেষ্টা চলাইছিল।

তেওঁ কংগ্ৰেছ আৰু বাওঁপন্থী চৰকাৰ দিনত মুঠ ১৮ বছৰ সময় কাৰাবাস খাটিছিল।

আজিজুল হকৰ মৃত্যু কেৱল এজন ৰাজনৈতিক প্ৰবীণ সৈনিকৰ মৃত্যু নহয়, ই হৈছে বংগৰ বিপ্লৱী জগতৰ এটা যুগৰ অন্ত।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৩ বছৰ।

Recent News

এআই টাস্ক ফ’ৰ্চ আৰু লেব নিৰ্মান ভাৰতীয় সেনাৰ! ২০২৬-২৭ৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰিব

এআই টাস্ক ফ’ৰ্চ আৰু লেব নিৰ্মান ভাৰতীয় সেনাৰ! ২০২৬-২৭ৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰিব

এটা যুগৰ অন্ত! কবি, চিন্তাবিদ আৰু ভাৰতৰ নক্সাল বিদ্ৰোহৰ অন্যতম শীৰ্ষ নেতা আজিজুল হকৰ শেষ নিশ্বাস ত্যাগ

এটা যুগৰ অন্ত! কবি, চিন্তাবিদ আৰু ভাৰতৰ নক্সাল বিদ্ৰোহৰ অন্যতম শীৰ্ষ নেতা আজিজুল হকৰ শেষ নিশ্বাস ত্যাগ

ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd