• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইণ্টাৰনেচনেল মেথমেটিকেল অলিম্পিয়াড ২০২৫ত ভাৰতৰ সাফল্য! ১১০খন দেশৰ ভিতৰত ৭ম স্থান লাভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 7:37 am
75
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি গণিত প্ৰতিযোগিতাৰ আটাইতকৈ সন্মানীয় মঞ্চ ইণ্টাৰনেচনেল মেথমেটিকেল অলিম্পিয়াড (IMO) ২০২৫ত ভাৰতীয় দলে চমৎকাৰী প্ৰদৰ্শন দেখুৱাইছে। অষ্ট্ৰেলিয়াৰ চানশ্বাইন ক’ষ্টত অনুষ্ঠিত এই ৬৬ সংখ্যক অলিম্পিয়াডত ভাৰত ১১০খন দেশৰ ভিতৰত ৭ম স্থান লাভ কৰিবলৈ সক্ষম হয়। দেশটোৱে মুঠ ১৯৩ পইণ্ট অৰ্জন কৰি নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰে।

তিনিটা স্বৰ্ণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জসহ ভাৰতীয় দলে এইবাৰ মুঠ ৬টা পদক লাভ কৰিবলৈ সক্ষম হয়। স্বৰ্ণ পদক লাভ কৰা ছাত্ৰসকল হৈছে কনভ তালৱাৰ, আৰৱ গুপ্তা আৰু আদিত্য মাংগুদী। তদুপৰি এবেল জৰ্জ মেথিউ আৰু আদিছ জৈনে ৰূপৰ পদক আৰু আৰ্চিত মানসে ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখযোগ্য যে, দলটোৰ চাৰিজন সদস্য দিল্লীৰ বুলি জানিব পৰা গৈছে।

ভাৰতীয় দলটোৰ নেতৃত্ব দিছিল ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (ISI) দিল্লীৰ অধ্যাপক শান্তা লেশ্ৰামে। তেওঁৰ সহযোগী আছিল ISI বেংগালুৰুৰ ডাঃ মাইনক ঘোষ। দলটোৰ সৈতে পৰ্যবেক্ষক হিচাপে আছিল MITৰ অতুল শতাৱৰ্ত নাদিগ আৰু ডাঃ ৰিজুল ছাইনী।

উল্লেখ্য যে ভাৰতে দ্বিতীয়বাৰৰ বাবে  IMOত তিনিটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ১৯৯৮ চনতো এনে সফলতা অৰ্জন কৰিছিল। ভাৰতে ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে IMOত অংশগ্ৰহণ কৰিছিল আৰু এতিয়ালৈকে ৭ বাৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিছে। হোমি ভাৱা চেণ্টাৰ ফৰ চাইন্স এডুকেচন (HBCSE) আৰু টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (TIFR) ভাৰতৰ ছাত্ৰ-ছাত্ৰী নিৰ্বাচন আৰু প্ৰশিক্ষণৰ দায়িত্বত থাকে।

এইবাৰৰ অলিম্পিয়াডৰ এটা উল্লেখযোগ্য দিশ হ’ল Open AI ৰ অংশগ্ৰহণ। AI মডেলটোৱে ৬টা প্ৰশ্নৰ ভিতৰত ৫টা সফলভাৱে সমাধান কৰি স্বৰ্ণ পদক লাভ কৰে। AIৰ এনে সফলতাই আগন্তুক সময়ত গণিত অলিম্পিয়াডৰ দিশ আৰু প্ৰযুক্তিৰ ভূমিকা সন্দৰ্ভত গভীৰ চৰ্চা লাভ কৰিছে।

প্ৰসংগ ক্ৰমে বিশ্বজুৰি গাণিতিক প্ৰতিভাৰ পৰীক্ষাৰ বাবে IMO এক অতি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে বিবেচিত। এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে দুদিন ধৰি ৪.৩০ ঘণ্টাৰ কঠিন লিখিত পৰীক্ষা দিয়ে। গভীৰ যুক্তি, চিন্তন আৰু সমস্যা সমাধানৰ ক্ষমতাক ইয়াত মূল্যায়ন কৰা হয়। ভাৰতৰ এই সফলতাই দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ গাণিতিক সক্ষমতাৰ এক উৎকৃষ্ট নিদৰ্শন হিচাপে পৰিগণিত হৈছে।

Recent News

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd