• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মুম্বাইৰ ৰে’ল বিস্ফোৰণৰ অভিযুক্তক দোষমুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মহাৰাষ্ট্ৰ চৰকাৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 22, 2025 5:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইত সংঘটিত ধাৰাবাহিক ৰে’ল বিস্ফোৰণৰ ১২জন অভিযুক্তক দোষমুক্ত কৰাৰ বাবে বোম্বাই উচ্চ ন্যায়ালয়ে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মহাৰাষ্ট্ৰ চৰকাৰ।

অহা ২৪ জুলাইত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব ৰাজ্য চৰকাৰৰ এই বিশেষ আবেদন। মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই কথাত সন্মতি প্ৰকাশ কৰে।

Apply Now

মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ ১৯ বছৰৰ পাছত আৰু বিচাৰ আদালতৰ সিদ্ধান্তৰ ১০ বছৰৰ পাছত বোম্বাই উচ্চ ন্যায়ালয়ে ১২জন অভিযুক্ত আটাইকেইজনকে দোষমুক্ত কৰে।

ৰাজ্যৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ বি আৰ গাৱৈ, ন্যায়াধীশ কে বিনোদ চন্দ্ৰন আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠত কয় যে এই বিষয়টো অতি গুৰুতৰ আৰু ইয়াৰ বাবে তাৎক্ষণিক শুনানিৰ প্ৰয়োজন।

তেওঁ অৱগত কৰে যে মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে, য’ত বিচাৰ আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰি পাঁচজন অভিযুক্তক মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত বাতিল কৰিছে।

বিচাৰপীঠখনে কয় যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১২ জন দোষী সাব্যস্ত হোৱা লোকৰ ভিতৰত ৮ জন লোকক জেলৰ পৰা মুকলি কৰি দিয়া হৈছে। মেহতাই এই কথা নিশ্চিত কৰি কয়, “হয়, তেওঁলোকক মুকলি কৰি দিয়া হৈছে। তথাপিও এই বিষয়ত তাৎক্ষণিক শুনানি গ্ৰহণ কৰাটো প্ৰয়োজনীয়।”

সোমবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱীছে বম্বে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত আশ্চৰ্য্য প্ৰকাশ কৰে। তেওঁ কয় যে বম্বে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্ত অতি আচৰিত আৰু আমি ইয়াক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাম।

উল্লেখ্য যে ২০০৬ চনৰ ১১ জুলাইত মুম্বাইৰ স্থানীয় ৰে’লৰ কেইবাটাও বগীত ৭টা বিস্ফোৰণ সংঘটিত হয়।

এই বিস্ফোৰণত ১৮৯ জন লোকে প্ৰাণ হেৰুৱায় আৰু ৮২৪ জন লোক আহত হয়।

এই গোচৰত ২০১৫ চনত বিশেষ আদালতে পাঁচজন অভিযুক্তক মৃত্যুদণ্ড আৰু ৭জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

কিন্তু বম্বে উচ্চ ন্যায়ালয়ে নিম্ন ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰি ১২জন অভিযুক্ত আটাইকেইজনকে দোষমুক্ত কৰিছে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd