• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাইৰ ৰে’ল বিস্ফোৰণৰ অভিযুক্তক দোষমুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মহাৰাষ্ট্ৰ চৰকাৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 22, 2025 5:16 pm
72
VIEWS
Share on FacebookShare on Twitter

মুম্বাইত সংঘটিত ধাৰাবাহিক ৰে’ল বিস্ফোৰণৰ ১২জন অভিযুক্তক দোষমুক্ত কৰাৰ বাবে বোম্বাই উচ্চ ন্যায়ালয়ে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মহাৰাষ্ট্ৰ চৰকাৰ।

অহা ২৪ জুলাইত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব ৰাজ্য চৰকাৰৰ এই বিশেষ আবেদন। মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই কথাত সন্মতি প্ৰকাশ কৰে।

মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ ১৯ বছৰৰ পাছত আৰু বিচাৰ আদালতৰ সিদ্ধান্তৰ ১০ বছৰৰ পাছত বোম্বাই উচ্চ ন্যায়ালয়ে ১২জন অভিযুক্ত আটাইকেইজনকে দোষমুক্ত কৰে।

ৰাজ্যৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ বি আৰ গাৱৈ, ন্যায়াধীশ কে বিনোদ চন্দ্ৰন আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠত কয় যে এই বিষয়টো অতি গুৰুতৰ আৰু ইয়াৰ বাবে তাৎক্ষণিক শুনানিৰ প্ৰয়োজন।

তেওঁ অৱগত কৰে যে মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে, য’ত বিচাৰ আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰি পাঁচজন অভিযুক্তক মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত বাতিল কৰিছে।

বিচাৰপীঠখনে কয় যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১২ জন দোষী সাব্যস্ত হোৱা লোকৰ ভিতৰত ৮ জন লোকক জেলৰ পৰা মুকলি কৰি দিয়া হৈছে। মেহতাই এই কথা নিশ্চিত কৰি কয়, “হয়, তেওঁলোকক মুকলি কৰি দিয়া হৈছে। তথাপিও এই বিষয়ত তাৎক্ষণিক শুনানি গ্ৰহণ কৰাটো প্ৰয়োজনীয়।”

সোমবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱীছে বম্বে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত আশ্চৰ্য্য প্ৰকাশ কৰে। তেওঁ কয় যে বম্বে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্ত অতি আচৰিত আৰু আমি ইয়াক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাম।

উল্লেখ্য যে ২০০৬ চনৰ ১১ জুলাইত মুম্বাইৰ স্থানীয় ৰে’লৰ কেইবাটাও বগীত ৭টা বিস্ফোৰণ সংঘটিত হয়।

এই বিস্ফোৰণত ১৮৯ জন লোকে প্ৰাণ হেৰুৱায় আৰু ৮২৪ জন লোক আহত হয়।

এই গোচৰত ২০১৫ চনত বিশেষ আদালতে পাঁচজন অভিযুক্তক মৃত্যুদণ্ড আৰু ৭জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

কিন্তু বম্বে উচ্চ ন্যায়ালয়ে নিম্ন ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰি ১২জন অভিযুক্ত আটাইকেইজনকে দোষমুক্ত কৰিছে।

Recent News

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd